অণুগল্প:: নিৰ্যাস::৫০ "এই... মোৰ ফটো নুতুলিবা দেই। তোমাৰ লগত সময় কটাই ভাল পাওঁ, ভাল লাগিছে সান্নিধ্যৰে জীপাল এইখিনি সময়। হয়তো সোনকালেই নাইবা পলমকৈ আকৌ এবাৰ লগ পাম, ক'ৰবাত বহি অলপ কথা পাতিম। তোমাৰ, মোৰ সমস্যা, সপোন নতুবা অতীতৰ কোনোবা এটা বিষয় আলোচনা কৰিম, হয়তো তৰ্কও কৰিব পাৰোঁ। দুয়োজনেই নিজৰ পৃথিৱীত ঘুৰি থাকোঁ আৰু ঘুৰি থাকে কোলাহল বোৰ। তাৰমানে মই নিসংগ বুলি ক'ব বিচৰা নাই। বাঞ্চিত আৰু অবাঞ্চিত দুয়োটা শ্ৰেণীৰ মাজত মই ৰেলপথৰ দৰে পৰি থাকোঁ। সমান্তৰাল ভাৱে চলি থাকে ঘটনাপ্ৰবাহ। তাৰ মাজতে তুমিও আছা, বিশেষ সম্ভাষণ দিব খোজা নাই। কিন্তু তুমি অসাধাৰণ। তোমাৰ মোৰ সম্পৰ্ক আছে, কিন্তু আপোন - পৰ, বিশেষ- সুগভীৰ এইবোৰ বিশেষণ বা বিশেষণীয় বিশেষণৰ পৰা দূৰত থাকক দিয়া আমাৰ সম্পৰ্কটো। তুমি এটা সত্বা আৰু ময়ো। সমাজৰ ভূমিকা ইয়াত নালাগে। ভয় নাখাবা, অসামাজিক কামো মই নকৰোঁ। এইদৰে মাজে মাজে লগ ধৰি কথা পাতিম। হ'ব দিয়া এনেকৈয়ে চলিব। কেমেৰাৰ লেন্সখন হাতৰ মুঠিৰ ফোনটোত নহয়, মন আৰু মগজুত থাকিবলৈ দিয়া। নালাগে দিয়া এভিডেন্স, মাদকতাৰ মূল্য অধিক।" কথাখিনি কৈ সমীৰ গুছি গ'ল আৰু ম'বা...