অনুগল্প:: বিৰাগ ৰাজীৱৰ ফোনটো কাট হৈ গ'ল। সুস্থিৰ হৈ উশাহ ল'বলৈ চেষ্টা কৰিলে মন্দিৰাই। দীঘলকৈ নিশাহটো এৰি পাহৰিবলৈ চেষ্টা কৰিলে, আকৌ এবাৰ, সেই ৰাতিটোৰ কথা। মাকৰ সৈতে কাজিয়া কৰি ৰাজীৱৰ লগতেই জীৱনটো কটাম বুলি ওলাই আহিছিল তাই। বাৰান্দাত ভৈৰৱীৰ দেউতাকৰ স্পষ্ট উদ্ধৃতি, " বিয়াখন তেনেহলে গুৱাহাটীতেই পাতিম দিয়া, মন্দিৰাহতৰ পৰিয়ালৰ পৰা লুকুৱাই ৰাখিবা"। সাত বছৰৰ মূৰত ৰাজীৱে মেচেজ কৰিছে, ভৈৰৱীৰ লগত নোৱাৰি, তুমি এবাৰ আকৌ ঘুৰি আহা। তাৰপিছত উপৰ্যুপৰি ফোন। মন্দিৰা নিশ্চুপ, কাৰণ তাইৰ কাণত সেই গধূলিটোত ৰাজীৱৰ " হ'ব" বোলা কথাষাৰ এতিয়ালৈকে বাজি আছে।