লেমনচ'ডা
:আৰ্হি, বাখৰুৱা মনিধাৰ পিন্ধিবলৈ নাপাহৰিবা কিন্তু। হ'ব বুলি মুৰ দুপিয়াই আৰ্হি নিজৰ কোঠাৰ ফালে খোজ ললে। আজিকালি খং ৰাগ বোৰে তাইৰ গাল ৰঙা নকৰে, চকুহালহে চলচলিয়া কৰে। ডিকমৰ মাহীয়েকৰ একমাত্ৰ পুত্ৰ মীৰৰ বিয়া। গতিকে শাহুয়েকে তাইক বাৰে বাৰে কৈছে কি কি পিন্ধি যাব, কোন সময়ত কোন সাজৰ লগত কোনডাল হাৰ বা অলংকাৰ পিন্ধি ওলাব লাগিব। আজি এসপ্তাহ মান আগৰেপৰাই শাহুয়েকে তাগিদা দি আছে, কাপোৰ বোৰ ইস্ত্ৰি কৰাৰ পৰা ফেচিয়েল কৰালৈকে। তেওঁৰ এটাই কথা লোকে যাতে তেওঁৰ বোৱাৰীৰ শলাগ লয় আৰু গুণ গান গায়। সেইফালৰ পৰা আৰ্হিৰ ক'বলগীয়া একো নাই। শাহুয়েকে বংশৰ মৰ্যদাৰ ধ্বজাবাহক বোৱাৰীজনীয়েই হোৱাটো বিচাৰিছে। তাইৰ ৰূপ উজলাই তুলিবলৈ গহণা বিধে বিধে দিছে, প্ৰতিবিধ গহণাই তাইৰ পৰিয়ালৰ মান সন্মান, গৌৰৱ আৰু গৰিমা বহন কৰা বুলি শাহুয়েকে তাইক কৈছে। ইমানবোৰ বাৰ্তা বাহক শাহুয়েকে বাৰু কিয় বুজি নাপায় যে বিয়াৰ ছমাহ পাৰ হোৱাৰ পাছতো কিয় ডিকমে তাইৰ ওচৰত সহজ নহয়। লাজ চৰমৰ আৱৰণৰ তলত লুকুৱাই ৰখা তাৰ নপুংসকতাৰ বলি কিয় তাই হ'ব? ডিকমৰ দৰে উচ্চ শিক্ষিত, মৰ্যদা থকা চাকৰি কৰা মানুহ জনে নিজৰ বিসংগতিৰ বিষয়ে নজনা কৈ থকাৰ...