লেমনচ'ডা
:আৰ্হি, বাখৰুৱা মনিধাৰ পিন্ধিবলৈ নাপাহৰিবা কিন্তু।
হ'ব বুলি মুৰ দুপিয়াই আৰ্হি নিজৰ কোঠাৰ ফালে খোজ ললে। আজিকালি খং ৰাগ বোৰে তাইৰ গাল ৰঙা নকৰে, চকুহালহে চলচলিয়া কৰে। ডিকমৰ মাহীয়েকৰ একমাত্ৰ পুত্ৰ মীৰৰ বিয়া। গতিকে শাহুয়েকে তাইক বাৰে বাৰে কৈছে কি কি পিন্ধি যাব, কোন সময়ত কোন সাজৰ লগত কোনডাল হাৰ বা অলংকাৰ পিন্ধি ওলাব লাগিব। আজি এসপ্তাহ মান আগৰেপৰাই শাহুয়েকে তাগিদা দি আছে, কাপোৰ বোৰ ইস্ত্ৰি কৰাৰ পৰা ফেচিয়েল কৰালৈকে। তেওঁৰ এটাই কথা লোকে যাতে তেওঁৰ বোৱাৰীৰ শলাগ লয় আৰু গুণ গান গায়। সেইফালৰ পৰা আৰ্হিৰ ক'বলগীয়া একো নাই। শাহুয়েকে বংশৰ মৰ্যদাৰ ধ্বজাবাহক বোৱাৰীজনীয়েই হোৱাটো বিচাৰিছে। তাইৰ ৰূপ উজলাই তুলিবলৈ গহণা বিধে বিধে দিছে, প্ৰতিবিধ গহণাই তাইৰ পৰিয়ালৰ মান সন্মান, গৌৰৱ আৰু গৰিমা বহন কৰা বুলি শাহুয়েকে তাইক কৈছে। ইমানবোৰ বাৰ্তা বাহক শাহুয়েকে বাৰু কিয় বুজি নাপায় যে বিয়াৰ ছমাহ পাৰ হোৱাৰ পাছতো কিয় ডিকমে তাইৰ ওচৰত সহজ নহয়। লাজ চৰমৰ আৱৰণৰ তলত লুকুৱাই ৰখা তাৰ নপুংসকতাৰ বলি কিয় তাই হ'ব? ডিকমৰ দৰে উচ্চ শিক্ষিত, মৰ্যদা থকা চাকৰি কৰা মানুহ জনে নিজৰ বিসংগতিৰ বিষয়ে নজনা কৈ থকাৰ জানো অৱকাশ আছে? তেন্তে চিকিৎসা আদি কিয় নকৰালে? এনে কৰিলে তেখেতৰ বংশৰ মৰ্যদা হানি হ'লহেতেন নেকি?
আৰ্হিৰ কথাবোৰ সুধিবলৈ বা আলোচনা কৰিম বুলি ভাবিও কৰা হোৱা নাই। বিয়াৰ পাছৰ দুমাহমান নছোৱালীৰ লাজ লাজ গুচাই নাছিল তাইৰ। ঘৰুৱা ব্যস্ততা, আলহী দুলহী , আদৱ কায়দা আৰু আটাইতকৈ ডাঙৰ কথা সকলোৰে ভাল পোৱা বেয়া পোৱা এইবোৰ বুজি চলিবলৈ তাইক সময় লাগিছিল। অৱশ্যে ডিকমৰ ঘৰখনত তাই যথেষ্ট পৰিমাণে স্বাধীনতাও নোপোৱাকৈ থকা নাই। যোৱা ছমাহত মৰমো ঠিকেই পাইছে বুলিব পাৰি। গাৰ মাহ হালধিৰ গোন্ধ মাৰ যাবলৈ ধৰিছে। পিছে ডিকমৰহে কোনো ধৰণৰ গতিবিধি নাই। দীঘলীয়া ৰাতিবোৰো তাই হা হুমুনিয়াহ কাঢ়িয়েই কটায়।
ললিতা পেহীৰ নজৰ যিমান চোকা মুখখন তাতকৈ বেছি। যোৱা দুবাৰ মান তেওঁ যেন চকুৰেই পঢ়ি পেলাইছে তাইক। এতিয়া আৰু তাই ভয় নকৰে। ডিকমক খোলাখুলিকৈ কোৱাৰ পিছতো তাৰ নিৰ্লিপ্ততা দেখি তাইৰ বুজিবলৈ অসুবিধা নহ'ল।
প্ৰয়োজনতকৈ অলপ বেছি প্ৰসাধন আৰু পাৰফিউম লগাই ওলাই আহিছে আৰ্হি। ভাৰ্গৱক মনৰ কথাবোৰ লাগিব। গাভৰু বয়সতে যদি সিদ্ধান্তত উপনীত নহয়, আগলৈ হয়তো নহ'ব। ডিকমক শুনাই শুনাই তাৰ পৰা একো উত্তৰ নাপালে। অৱশ্যে তাইৰ ড্ৰয়াৰত থৈ যোৱা টকাৰ বাণ্ডিলটোৱে তাৰ সহমতেই প্ৰকাশ কৰিছে বুলি তাই ধৰি লৈছে। কনচেন্ট লেটাৰখনত চহী কৰাৰ সময়ত ভাৰ্গৱলৈ চালে তাই। তাৰ চকু উজ্জ্বল। তাৰ পিছত তাই আগবাঢ়ি গ'ল লেৱৰেটৰীৰ মুখলৈ।
তিনি মহীয়া এটা উৎকন্ঠাৰ পিছত, প্ৰথম বাৰৰ বাবে আৰ্হিয়ে অনুভৱ কৰিলে তাইৰ গৰ্ভত মৃদু টোকৰ। আহ কি অনুপম এই সময়। দেহৰ ৰন্ধ্ৰে ৰন্ধ্ৰে তাই অনুভৱ কৰিলে সেই টোকৰ। প্ৰথমটো চিটি স্কেনত ডাক্তৰে তাইক শুনাইছিল হৃদস্পন্দন। তাই যেন বিশ্বাসেই কৰিব পৰা নাই, এই মুহুৰ্তবোৰ। এইবাৰ অৱশ্যে ডিকম লগত গৈছিল। ঘুৰি আহোতে সি সুব লাহে লাহে গাড়ী চলাইছিল। কোঠাত সোমায়েই ৰিপ'ৰ্ট বোৰ আকৌ এবাৰ পঢ়ি চাই তাইক সাবতি ধৰিছিল সি। বিয়াৰ ঢেৰ বছৰ পাছত প্ৰথম বাৰৰ বাবে আৰ্হিয়ে অনুভৱ কৰিলে ডিকমেযে সচাকৈয়ে তাইৰ লগতে গৰ্ভত থকা দেৱশিশুটোকো পৰম আকুলতাৰেই বিচাৰে।
Comments
Post a Comment