মহা মহা পুৰুষৰ চানেকিৰে জীৱন (খ)

মহা মহা পুৰুষৰ চানেকিৰে জীৱন (খ)
(৬) শব্দৰ মিতব্যয়িতা আৰু পেৰাগ্ৰাফ বা শব্দৰ নিৰৱধী গুনটো সন্তুলিত কৰি ৰখাৰ কায়দা যদি কোনোৱে শিকিব খোজে তেন্তে ভৱেন্দ্ৰ নাথ শইকীয়া ছাৰৰ যিকোনো এখন কিতাপৰ যিকোনো এটি পৃস্ঠা তুলি ল'লেই হৈ গ'ল। মোৰ দৃস্টিত তেখেতৰ নিচিনা প্ৰতিভাক জুখি চাবলৈ, তেখেতৰ যিকোনো পুথিৰ এখিলা পাত পঢ়ি বুজিব যদি পাৰিছো, তেন্তে অন্য আহিলা বা সঁজুলিৰ প্ৰয়োজন নাই। এইজনা মনিষীৰ অন্য এক দিশ মই অলপতে পঢ়িব পাইছিলো, এই সুযোগতে সেইখিনি কথা লিখিব লৈছো, ( অচিন লেখক জনলৈ ইয়াতেই অনুমতি বিচাৰিছো।)
আৰোহণৰ ঘৰটো সাজি থকা সময়ৰ কথা হেনো। মিস্ত্ৰী কেইজন সেই অজ্ঞাত লেখকৰ ভাড়াঘৰৰ ওচৰতে থাকিছিল। এদিন সন্ধিয়া মিস্ত্ৰী কেইজনে ৰাতিৰ সাজ খাবলৈ তেখেতক মাতিলে। কথাৰ মাজতে ক'লে যে সদায় সিহঁতে কাম কৰোতে দহ- পোন্ধৰ মিনিট সময় অতিৰিক্ত কৰি দিছিল, কিবা কিবি কাৰনত, কোনেও জোৰ কৰা নাছিল। যিদিনা সিহতক কামৰ পইচা দিলে, তেতিয়া দেখিলে যে অলপ পইচা বেচিকে দিছে। মিস্ত্ৰী কেইজনে হিচাপত ভুল হোৱা বুলি কোৱাত এই মহান মনিষী গৰাকীয়ে ক'লে যে হিচাপ থিকেই আছে। মাত্ৰ সিহঁতে সদায় কৰা অতিৰিক্ত দহ- পোন্ধৰ মিনিটৰ হিচাপ মতে সেইখিনি পইচা দিয়া হৈছে।
এনেকুৱা বিৰল সত্বাক আমাৰ কোটি কোটি প্ৰণাম।
(৭) অৰুণিমাৰ স্বদেশত এতিয়াও শান্তি ঘুৰি নাহিল, মাইনাওৰ গাত কিয় জানো পথাৰৰ বোকা বা ধানৰ গোন্ধ গুচি গেলা পানীৰ গোন্ধহে ভৰিল। হয়, অসম আন্দোলন আৰু অসমীয়া জাতিয়ে ভোগা নৰক যন্ত্ৰণাৰ কথা আকৌ এবাৰ সোৱৰিব বিচাৰিলে, হাততেই আছে অৰূপা পটংগীয়া কলিতা বাইদেউৰ সংকলন সমুহ। কেতিয়াৱা ভাৱো বাইদেৱে চাগে কিমানখিনি দেখিছে বা শুনিছে, যাৰ কিয়দাংশ পঢ়িলেই আমাৰ বুকু কঁপি উঠে। কিতাপবোৰ একক আৰু অনন্য, বাইদেউৰ দৰেই, মোৰ আৰু বৰ্ণনা দিয়াৰ দু:সাহস নাই।
(৮) তুমিতো জানাই এই কবিৰ আৰু একো নাই/ এটাই মাথো কামিজ, তাৰো চিগো চিগো চিলাই। মোৰ প্ৰাণৰো প্ৰাণৰ গানৰো গানৰ প্ৰিয় কবি জনাৰ কথা এই উপলক্ষ্যত নোকোৱাকৈ নো কেনেকৈ থাকো। জীৱনৰ কঠিন শিলটো যিয়ে নিজৰ ভাস্কৰ্য্য সাজি থৈ গ'ল, কেবাবাৰো লগ পাইছিলো তেখেতক ওচৰৰ পৰা। ছাৰ বুলি মাতিলে কয়, মোক কিয় ছাৰ বুলিবা, তোমাৰ দেউতাহে মোৰ ছাত্ৰ আছিল, তুমিতো নহয়, মোক ককা বুলিবা। ইয়াৰ পিছত মই তেখেতৰ বিষয়ে আৰু কিবা কোৱাৰ অৱকাষ আছে জানো?
(৯) ডায়েৰীৰ পাত, কলেজ হোস্টেলৰ প্ৰাছীৰ আৰু শেষত কোনোমতে তেখেতৰ অনুগ্ৰহত ফেচবুকত বন্ধু( বন্ধু বুলিলে কিবা ভাল নালাগে) । মোৰ ৱালত তেখেতে দুবাৰ মানত কমেন্ট দিছিল, সেই দিনবোৰত মই চেলিব্ৰেট কৰিছিলো। মোৰ প্ৰিয় কবি অতনু ভট্টাচাৰ্য্য চাৰৰ কবিতা মই কিমান ভাল পাঁও এয়া ছাগে বুজিবই পাৰিছে নহয়। আজিও একো নকঁও, তেখেতৰ কবিতা দুশাৰীৰ বাদে :
একো নথকাৰ পৰা কিবা এটা থকাৰ ফালে যাবলে
মোক লাগে সুদীৰ্ঘ সময়
অথচ্ ওভতি আহোতে এটি চকুৰ পচাৰ....
(১০) এবাৰ এটা ইন্টাৰভীউত মোক প্ৰিয় লেখক এজনৰ নাম আৰু কিয় ভালপাঁও সুধিছিলে। অকল্পনীয় ভাৱে ওলাইছিল, ৰজনী কান্ত বৰদলৈদেৱৰ নাম। তেখেতৰ প্ৰতিখন নাট পঢ়িছো, সোমাই গৈছো এখন অনন্য পৃথিৱীলৈ। চৰিত্ৰ, সংঘাট, সংলাপ আৰু কাহিনী, কতোৱেই যেন খুট নাই। এজন মানুহ কিমান প্ৰতিভাধৰ হব পাৰিলে এনেকুৱা ৰচনা লিখিব পাৰে? সময় আৰু সমাজ দুয়োটা বস্তুতে গুৰুত্ব দি লিখা তেখেতৰ প্ৰতিখন নাটৰ প্ৰতিদ্বন্দিতা কৰিব পৰা নাট আজিৰ দিনত আছে বুলি মনে নধৰে। যদিওৱা ভ্ৰাম্যমাণ থিয়েটাৰে চমক দি আছে তথাপি তেখেতৰ ৰচনাৱলীয়েই সুকীয়া।
(১১) আধুনিক সময়ত আধুনিক চিন্তাধাৰা নিজৰ কৰ্মৰাজিৰে প্ৰদৰ্শণ কৰা ৰূপকোৱঁৰৰ সুৰীয়া গান আৰু নাটকবোৰ অনন্য । সুন্দৰৰ পুজাৰীজনে আই অসমীক পুজিবলৈ যিখিনি কৰি থৈ গ'ল সেয়া ছাগে কোনেও কৰিব নোৱাৰিলে হৈ। লুইতৰ পাৰৰ এই অগ্নিসুৰে আমাক দিলে সাহস, সমৃদ্ধি আৰু উত্তৰণৰ যাত্ৰা। ৰূপান্তৰৰ যাত্ৰী, প্ৰতিজন আলোকৰ যাত্ৰীলৈ জ্যোতিপ্ৰপাতৰ ঢল। ভাষাৰে বুজাব নোৱাৰো মোৰ এইগৰাকী পুৰোধা ব্যক্তিলৈ থকা আনুগত্য।

Comments

Popular posts from this blog

তথ্য উদ্ধাৰ -১ শকাব্দ/ খ্ৰীষ্টাব্দ

অনুগল্প