অনুগল্প

অনুগল্প : ১) ৰং সততা আৰু নিস্থাৰ আমোঘ মন্ত্ৰ গোটেই জীৱন গাই ফুৰা লম্বোদৰ বৰুৱাই গমেই নাপালে কেতিয়া সময় সলনি হ'ল আৰু নিজৰ পুত্ৰৰ ভৱিষ্যতৰ দোহাৰি দি তেঁওক সদায় অনুপ্ৰেৰণা দিয়া শ্ৰীমতীয়ে তেওঁৰ জালচহীটো কৰি বেলতলাত ফ্লেট কিনিলে । সহধৰ্মিনীয়ে কেতিয়া ৰং সলনি কৰিলে বৰুৱাই গমেই নাপালে। ২) মুখা গধূলিপৰত গেলা মদ বিক্ৰী বন্ধ কৰিব লাগে বুলি সদৰত ধৰ্না দি ঘুৰি আহোতে ৰমেনে বিশ্ব দোকানীৰ দোকানৰ পিছফালে সোমাই গ'ল সুৰসুৰকে। ইমান চিঞঁৰি তাৰ ডিঙিতো শুকাই গৈছে, তিয়াই ঘৰলে যোৱাই ভাল!!
৩) পৰীক্ষা পৰীক্ষাগৃহত মেকআপেৰে নিজক উজলাই তোলা বাইদেউগৰাকীয়ে বাৰে বাৰে মুৰটো জুপিয়াই থকা দেখি আগবাঢ়িল তৰুণ চাৰ। অহ, বাইদেৱে লগত কিতাপৰ পৃস্ঠা দুটামানত চকুফুৰাই আছে, লগতে লিখিও গৈ আছে। তৰুণ চাৰে দুবাৰো সাৱধান হ'বলৈ কোৱাতো তেখেতে পাত্তাই দিয়া নাই। তৰুণ চাৰে উত্তৰবহীতো কাঢ়ি আনোতে দেখিলে, বিষয় : সমাজসেৱা । ৪) ইন্টাৰভিউ নিজৰ মুৰটো আছুৰি কাপোৰযোৰ পিন্ধাৰ বাহিৰে অন্য দিশত চকু দিবলৈ ৰূপাৰ আহৰি নাই । পিচে আজি চাকৰিটোৰ ইন্টাৰভিউ দিবলে ভালকে নগ'লেতো নহব বুলি ভনীয়েকে ইস্ট্ৰী কৰি দিয়া কাপোৰযোৰ পিন্ধি, অলপ পাতলকে চকুকেইটা কাজলেৰে আঁকি , পাতল ৰঙৰ লিপস্টিক লগাই মধ্যমিয়া হিলৰ চেন্ডেলযোৰ পিন্ধি ওলায় আহিছে ৰূপা। ভাগ্যৰ জোৰত বাচৰ চিট এটাও পাইছে। এতিয়া ধুনীয়াকে বহি লৈ মনতে কি কি কব পাগুলি গৈ আছে। ফাঁচি বজাৰত এজনী মহিলা আহি তাইৰ ওচৰত থিয় দিলে, কন্ডাক্টৰে পৰৱৰ্তি স্টপেজত তাই বহি থকা চিটটো খালি হব বুলি ইংগিত দিয়াত মানুহজনী আগবাঢ়ি আহি তাইৰ গাতেই গা লগাই থিয় দিছেহি। হস্পিতালৰ ওচৰ পাঁওতে তাই থিয় হবলে চেস্টা কৰিলে। আৰু দুই মিনিট পিছতেই তাই নামিব লাগিব। পয়মাল তেতিয়াই হ'ল। গৰম গৰম পানীজাতীয় কিবা গাত লগাযেন অনুভৱ কৰি ঘুৰি চালে ৰূপাই । মহিলাগৰাকীয়ে তাইৰ গাতেই বমি কৰি দিছে আৰু পাৰফিউমেৰে গোন্ধাই থকা তাইৰ ইস্ট্ৰি ধন্য চালৱাৰযোৰ গেলা গোন্ধেৰে ভৰি পৰিল।

Comments

Popular posts from this blog

তথ্য উদ্ধাৰ -১ শকাব্দ/ খ্ৰীষ্টাব্দ

মহা মহা পুৰুষৰ চানেকিৰে জীৱন (খ)