Posts

Showing posts from May, 2021

অনুভৱৰ কোঁহে কোঁহে

মই মোৰ অস্তিত্ব জুখিবলৈ সময় আৰু পৰিস্থিতিৰ তুলাচনীখনহে ব্যৱহাৰ কৰিম, ইচ্ছা আৰু আকাংক্ষাৰ পাহাৰখনৰ উচ্চতা নহয়। সন্তোষ এক মানসিক অৱস্থা। দৃষ্টিভংগী সলনি হয় দৃশ্যপট সলনি হোৱাৰ লগে লগে। সময় আৰু পৰিবেশৰ প্ৰয়োজন, অনুভৱবোৰ গাঢ় কৰি তুলিবলৈ। ঋষভৰ দুচকুৰ ভাষাক আওকাণ কৰিবলৈ কঠিন হ'ব। জানো দামী জোতা পিন্ধি শৈশৱৰে পৰা খোজ কঢ়া ঋষভৰ বাবে এতিয়া খালি ভৰিৰে দৌৰিবলৈ কঠিন হ'ব। তাৰ প্ৰয়োজন অনুসৰি দিবলৈ চেষ্টা কৰাটোও হ'ব অনৰ্থক। বিভ্ৰান্তিৰ পথত আগবঢ়া ঋষভক বাস্তৱৰ মুখামুখি কৰোৱা টান হ'ব। তথাপিও এই খোজটো দিব লাগিব।  মনটোক বান্ধি ঋষভৰ কোঠাৰ পৰা সকলোবোৰ বস্তু আতৰাই আনিলে শতাব্দীয়ে। ড্ৰয়াৰত থকা চিগাৰেটৰ পেকেটোৰ ধোৱা খিনি তাইৰ চকুৰে বৈ গৈছে যেন অনুভৱ হ'ল, আকৌ এবাৰ।

একক

প্ৰথমতেই ব্যক্ত কৰিব বিচাৰোঁ যে এয়া সম্পূৰ্ণ ৰূপে মোৰ ব্যক্তিগত অভিজ্ঞতা আৰু অধ্যয়নৰ পৰা কৰা অৱলোকনহে, কোনো সূত্ৰ বা উপপাদ্যৰ কথা নহয়। কথাখিনি মনত উদয় হোৱা কাৰণে ই...