অনুভৱৰ কোঁহে কোঁহে

মই মোৰ অস্তিত্ব জুখিবলৈ সময় আৰু পৰিস্থিতিৰ তুলাচনীখনহে ব্যৱহাৰ কৰিম, ইচ্ছা আৰু আকাংক্ষাৰ পাহাৰখনৰ উচ্চতা নহয়। সন্তোষ এক মানসিক অৱস্থা। দৃষ্টিভংগী সলনি হয় দৃশ্যপট সলনি হোৱাৰ লগে লগে। সময় আৰু পৰিবেশৰ প্ৰয়োজন, অনুভৱবোৰ গাঢ় কৰি তুলিবলৈ।

ঋষভৰ দুচকুৰ ভাষাক আওকাণ কৰিবলৈ কঠিন হ'ব। জানো দামী জোতা পিন্ধি শৈশৱৰে পৰা খোজ কঢ়া ঋষভৰ বাবে এতিয়া খালি ভৰিৰে দৌৰিবলৈ কঠিন হ'ব। তাৰ প্ৰয়োজন অনুসৰি দিবলৈ চেষ্টা কৰাটোও হ'ব অনৰ্থক। বিভ্ৰান্তিৰ পথত আগবঢ়া ঋষভক বাস্তৱৰ মুখামুখি কৰোৱা টান হ'ব। তথাপিও এই খোজটো দিব লাগিব। 

মনটোক বান্ধি ঋষভৰ কোঠাৰ পৰা সকলোবোৰ বস্তু আতৰাই আনিলে শতাব্দীয়ে। ড্ৰয়াৰত থকা চিগাৰেটৰ পেকেটোৰ ধোৱা খিনি তাইৰ চকুৰে বৈ গৈছে যেন অনুভৱ হ'ল, আকৌ এবাৰ।

Comments

Popular posts from this blog

তথ্য উদ্ধাৰ -১ শকাব্দ/ খ্ৰীষ্টাব্দ

অনুগল্প

মহা মহা পুৰুষৰ চানেকিৰে জীৱন (খ)