একক

প্ৰথমতেই ব্যক্ত কৰিব বিচাৰোঁ যে এয়া সম্পূৰ্ণ ৰূপে মোৰ ব্যক্তিগত অভিজ্ঞতা আৰু অধ্যয়নৰ পৰা কৰা অৱলোকনহে, কোনো সূত্ৰ বা উপপাদ্যৰ কথা নহয়। কথাখিনি মনত উদয় হোৱা কাৰণে ইয়াত উত্থাপন কৰিলোঁ।

আজি কেইবছৰমান আগেয়ে এখন বিয়াত উপস্থিত আছিলোঁ। দৰাক বাটতে প্ৰশ্ন কৰা নিয়ম আৰু পাৰিলে কিবা অলপ মাননি হিচাপে লোৱা উদ্দেশ্য আগত লৈ কেইজনমানে আগচি ধৰিলে। আমিও ভাগ ললো। নিৰ্দিষ্ট সময়ত দৰা আহিল আৰু কিবা কিবি সোধাৰ পাছত এজনে প্ৰশ্ন কৰিলে, আপুনি দেশৰ এজন সচেতন নাগৰিক হয়নে? সকলোৱে কাণ পাতিলো, দৰাইয়ো ইতিবাচক সঁহাৰি জনালে। তেতিয়াহে ইজনাই শেলপাত মাৰিলে!!! আপুনি যদি দেশৰ সচেতন নাগৰিক হয়েই তেন্তে দেশত জনবিস্ফোৰণ ঘটাৰ সময়ত আপুনি কিয় সংসাৰ আৰম্ভ কৰিবলৈ মন মেলিলে? প্ৰশ্ন শুনি দৰাৰ লগতে আমাৰো মুখৰ মাত হৰিল যেন অৱস্থা। কিছু সময়ৰ ব্যৱধান লৈ দৰাই উত্তৰ দিলে , বিয়া কৰায় সংসাৰ আৰম্ভ কৰিবলৈ ওলাইছো, সেয়া মোৰ সামাজিক আৰু পাৰিবাৰিক দায়বদ্ধতা, কিন্তু মোৰ দেশৰ বাবে বৰঙণি যাতে কম নহয় তাৰ প্ৰতিও মই নিশ্চয় লক্ষ্য ৰাখিম।

বিয়া ঘৰত সিদিনা এহাল দম্পতি লগ পাইছিলো, দুয়োজনেই সেই সময়ত গৱেষণা কৰি আছে। কথা বতৰা পাতি গম পালো যে বৌয়ে সদ্দোজাত তৃতীয়টো সন্তান এৰি আহিছে। মানে দাদা বৌ দুয়ো সামাজিক ভাৱে যথেষ্ট সক্ৰিয় আৰু কৰ্ম জীৱনৰ লগে লগে গৱেষণাও চলাই আছে। মই বৌক কলো কেনেকৈ পাৰিছাহে? হাঁহি হাঁহি বৌয়ে উত্তৰ দিলে তোমালোকে হাত দাঙি দিবা, নোৱাৰা। সঁচাকৈয়ে মই হাত দাঙি কলো নোৱাৰিম দেই বৌ।

আজিৰ দিনত সঁচাকৈয়ে তিনিটা সন্তানৰ কথাটো বাদেই অধিকাংশ দম্পত্তীৰ বাবে এটা সন্তান ডাঙৰ দীঘল কৰাটোৱেই পাহাৰ সদৃশ হৈ পৰিছে। কৰ্মব্যস্ততা, অৰ্থনৈতিক সংকট বা পাৰিবাৰিক অসুবিধা যিয়েই নহওক কিয়, মুঠতে এটাতকৈ বেছি সন্তানৰ কথা প্ৰায়ভাগেই মনলৈ নানে। ফলস্বৰূপে একমাত্ৰ সন্তানটিৰ বাবে যৎপৰোনাস্তি চেষ্টা কৰে। আপডাল কৰাৰ বাবে , সাধ্য অনুসৰি নিজৰ সব্বোচ্চ উজাৰি দিয়া দেখা যায়।
পৰিতাপৰ বিষয় এয়াই যে পিতৃ মাতৃৰ এই অৱদানৰ কথা নগণ্য সংখ্যক সন্তানেহে উপলব্ধি কৰে। বেছিভাগৰেই ক্ষেত্ৰত ইচ্ছা পূৰণ কৰিবলৈ পিতৃ আৰু মাতৃৰ ওচৰত অলপ থেনথেনালেই কোনোবা এজন নহ'লে আনজনে কামটো কৰি দিয়ে। সেয়েহে স্বাভাবিকতে সিহঁতবোৰ স্বাৰ্থপৰ আৰু জেদীও হৈ পৰে। কিন্তু এই দোষ ক্ৰুটিবোৰ অপত্য স্নেহৰ আচলত ঢাক খায়।

এদিন সন্তান ডাঙৰ হয় আৰু পিতৃ মাতৃ হয় বৃদ্ধ। তাৰ নিজৰ পৃথিৱী এখন গঢ় লয় আৰু তাত পিতৃ মাতৃ হৈ পৰে আনুষংগিক। ৰুগীয়া বা পৰনিৰ্ভৰশীল হৈ পৰা পিতৃ মাতৃৰ বাবে সময় আৰু অৰ্থ ব্যয় কৰাটো কঠিন হৈ পৰে সিহঁতৰ বাবে। চৰম অশান্তিয়ে গা কৰি উঠে।
আৰম্ভণিতেই কৈছোঁ এয়া সকলোৰে ক্ষেত্ৰত প্ৰযোজ্য নহয়, কিন্তু এনে হোৱাৰ আৰত বাৰু অন্ধ স্নেহৰ আতিশয্য নহয়নে?

কোনোবাই দায়িত্বশীল হৈ পৰিলেও মনত ভাৱ

Comments

Popular posts from this blog

তথ্য উদ্ধাৰ -১ শকাব্দ/ খ্ৰীষ্টাব্দ

অনুগল্প

মহা মহা পুৰুষৰ চানেকিৰে জীৱন (খ)