Posts

Showing posts from January, 2023

ভগ্নাংশ

শামুকৰ খোলা হৈ পৰি আছে আঠ বছৰ আগৰ সেইটো দিন কেলেণ্ডাৰৰ ৰঙা দাগ আৰু হয়তো.... শালিকিৰ কিচিৰমিচিৰ বাজি উঠে মনদুন্দুভী উশাহ ঘন আৰু অবাধ্য সংযম গুণগুণাই খোপনি পুতিছিল এটা কনমানি গৰ্ভ সংস্কাৰ নহ'ল নহ'ল জীৱন জুৰি আকোঁৱালি লোৱা মিঠা মিঠা কলকল এতিয়া আঠ বছৰ হ'ল তুমি তুমি হৈ ৰলা আৰু মই.. মই খোলা বিহীন খামুক

গুঁঠি দিম

১১ নম্বৰ ঊনৰ খলাৰে গুঠি যাও দিন ৰাতি সময় আৰু আশাৰ সাজ হালধীয়া আৰু নীলা ঊনে পকাই পকাই বান্ধে হেঁপাহ আৰু বাস্তৱবোৰ

পণ

অৱশেষখিনি সাঁচি থবা মহল এটি সাজিবৰ পণ।। ("ঘৰ, সম্পৰ্ক আৰু হাঁহি-- অৱশেষ  যাদুঘৰত নহয়,ধপধপনিত থাকে")

কবিতা

হাতত নধৰিবা বিশ্বাসৰ বীজটোয়ে গজালি মেলিব ৰামধেনুৰ আনটো মুৰ লৈ  যাবলৈ দেখোন হেঁপাহ নাই কাজিনেমুৰ বাকলি চকলিয়াই থৈছোঁ গুটিবোৰ চোবাই খা