ভগ্নাংশ

শামুকৰ খোলা হৈ পৰি আছে
আঠ বছৰ আগৰ সেইটো দিন
কেলেণ্ডাৰৰ ৰঙা দাগ আৰু হয়তো....

শালিকিৰ কিচিৰমিচিৰ
বাজি উঠে মনদুন্দুভী
উশাহ ঘন আৰু অবাধ্য সংযম

গুণগুণাই খোপনি পুতিছিল
এটা কনমানি
গৰ্ভ সংস্কাৰ নহ'ল
নহ'ল জীৱন জুৰি আকোঁৱালি লোৱা
মিঠা মিঠা কলকল

এতিয়া আঠ বছৰ হ'ল
তুমি তুমি হৈ ৰলা
আৰু মই.. মই
খোলা বিহীন খামুক

Comments

Popular posts from this blog

তথ্য উদ্ধাৰ -১ শকাব্দ/ খ্ৰীষ্টাব্দ

অনুগল্প

মহা মহা পুৰুষৰ চানেকিৰে জীৱন (খ)