সৰু সৰু কথা 1 : দেশপ্ৰেম
সৰু সৰু কথা : দেশপ্ৰেম
দুজনী মাক , দুয়োজনীৰে কোলা শুৱনী কৰি দুটিকে কন্যা সন্তান। এজনীৰ চুটি চুলি, ব্ৰেন্ডেড চছমা, কাপোৰ আৰু জোতা আনহাতে আনজনীৰ ৮০টকীয়া ৰিডাকচনত লোৱা ৰঙীণ শাৰী, ফুটপাথৰ ২০টকীয়া চছমা, গোলাপী লিপিস্টিক। দুয়োজনীয়ে চিঞৰত গগনফলা সন্তানক শান্ত কৰিব লাগিছে। উৎকট গৰম আৰু আবেলিৰ যাও যাওকৰি থকা বেলিৰ যোৱাৰ আগতে ঢালি বাকি দি থৈ যোৱা উষ্মতাখিনিয়ে সকলোকে দহিছে। তাতে আকৌ হাজাৰৰ ওপৰৰ ভীৰ। ৱাঘাবৰ্ডাৰত পতাকা অৱনমিত কৰাৰ যি পৰম্পৰা তাক প্ৰত্যক্ষ কৰিবলৈ, এভূমুকি হ'লেও পাকিস্তানৰ ফালে মৰাৰ যি দুৰ্বাৰ হেপাহ, তাকে পৰিপূৰ্ণ কৰিবলৈ দুয়োজনী মাতৃ গেলাৰীত বহি আছে। দেশভক্তিৰ গীতে দেহ মনত শাত পেলাব ল'লেও সন্তানৰ চিঞৰে তাক স্তমিত কৰি পেলাইছে। দেশভক্তি মাতৃপ্ৰেমৰ উৰ্ধত হয় নে নহয় নাজানিছিলো, কিন্তু বন্দে মাতৰমৰ স্বৰত গুন্জৰিত হোৱা স্টেডিয়ামত যেতিয়া কনমানি দুটাই আকৌ চিঞৰিলে, দুয়োজনী মাকৰ হাতৰ চাপৰ সন্তানৰ পিঠিত পৰাতহে অনুভৱ হ'ল, দেশপ্ৰেম সকলোৰে উৰ্ধত।
__________________
Comments
Post a Comment