সৰু সৰু কথা শৃংখল 10

সৰু সৰু কথা : (১০) গৱেষক প্ৰাইমেৰী স্কুলত পঢ়িছিলো, লক্ষ্যধৰ চৌধুৰী ছাৰৰ " মই হ'ম গান্ধীজীৰ দৰে" । পঢ়া বুলি ক'লে ভুল হ'ব। একেবাৰে সলসলীয়াকে মুখস্থ। কবিতা আবৃতি কৰি দুখনমান কিতাপ আৰু কলমো যুগোতাইছিলো। আছলতে সৰুৰ পৰাই "টেলেন্টেড" আছিলোতো!!! হে: হে: হে:!! পঞ্চমমানত পঢ়িবলৈ হাইস্কুলত নাম লগালো। প্ৰথম কেইদিনমান চা-চিনাকী পৰ্ব চলি আছিল। আমাৰ স্কুলত পঢ়িবলৈ গোটেই গাঁওখনৰ লগতে চুবুৰীয়া গাঁৱৰো বহুত আহিছিল। গতিকে সেইকেইদিন অলপ বেলেগ পৰিৱেশ। সকলোৱে নিজৰ নিজৰ প্ৰাথমিক বিদ্যালয়ৰ গুনগান কৰি আছে। সকলোৰে মতে তাহাতৰ স্কুলখনহে ভাল। বিজ্ঞানৰ প্ৰসন্ন চাৰ সোমাল। চাৰে সোমায়ে নিজৰ চিনাকী দিলে। অৱশ্যে বহুত কম সংখ্যক মানুহেহে এইফেৰা কাম কৰে। আনকি বহুত ইন্টাৰভীউয়াৰেও কিন্তু নিজৰ পৰিচয় নিদি অকল প্ৰাৰ্থীৰ হে চিনাকী লয়। মিছা ক'লেনো কিডাল হ'ব এয়া এক প্ৰকাৰ বদভ্যাস বা কুস্বভাৱ। যাহঁওক, চাৰে বৰ্ডত লিখি দিলে: নাম, ঠিকনা আৰু জীৱনৰ লক্ষ্য। আমিবোৰৰ মুখ মেলা গ'ল। ছাৰে সুধিলে, বুজা নাই যদি শুনি লোৱা, চিনাকী দিওতে এইখিনি কথাৰ উত্তৰ দিব লাগিব, শুদ্ধ অসমীয়াত। নাজানা যদি কৈ দিছো, পিন নম্বৰক ডাকসূচাংক বুলি কয়। এতিয়া এজন এজনকে কৈ যোৱা। এতিয়াহে পৰিলো পাকত। কিযে হ'ব। মোৰ জীৱনৰ লক্ষ্য মুখস্থ লিখি, আবৃতি কৰি কি হ'ব? এইবিষয়ে দেখোন একো ভবাই নাই। এতিয়া কি কৰিম কি কৰিম বুলি ভাৱি থাকোতে মনত আহিল আৰ্টিস্ট বুলি ক'ম। পিচে নাই ডাক্টৰ, ইন্জীনিয়াৰ, প্ৰফেচাৰৰ ১০- ১২টা মান ৰিপিটেচন হোৱাৰ পিছত এজনে আৰ্টিস্ট হ'ম বুলি কৈ দিলে নহয়। চেহ: কি কৰা যাই এতিয়া? ঘৰৰ পিচফালে অলপ দুৰত বকৰা মাটি অলপ আছিল। তাতে দুবছৰ মানৰ পৰা পাছলি খেতি কৰিবলৈ আৰম্ভ কৰা হৈছে। তাৰোপৰি বুঢ়া তামোল কৰিবলৈ গাত খান্দবলৈ যাওতে দুটামান সৰু সৰু মাটিৰ পুতলা আৰু কিছু মাটিৰ খোলা পোৱা গৈছিল। খুড়াক সোধাত তেঁও কৈছিল যে হয়তো আজিৰ পৰা বহু বছৰ আগতে এই ঠাইবিলাকত কুমাৰ জাতীয় মানুহ হয়তো আছিল। সেয়ে চাগে অৱশেষবোৰ ৰৈ গৈছে। অহ' মনত আহি গ'ল। পাই গ'লো পাই গ'লো। : নমস্কাৰ মোৰ নাম চন্দনা শৰ্মা । মই ভৱিষ্যতে গৱেষক হ'ব বিচাৰো।

Comments

Popular posts from this blog

তথ্য উদ্ধাৰ -১ শকাব্দ/ খ্ৰীষ্টাব্দ

অনুগল্প

মহা মহা পুৰুষৰ চানেকিৰে জীৱন (খ)