সৰু সৰু কথা শৃংখল 11

সৰু সৰু কথা : (১১) নিগনি টম- জেৰি, মিকি ঈত্যাদি বহুতো; এই নিগনি বোলা বস্তুটো কিমান অঘাইটং জানেই নহয়? কনমানি দেহাৰ অফুৰন্ত জোচ্ সিংহ নিগনিৰ সাধুটোত শুনিছেই নিশ্চয়? কি কাৰণ আছিল নাজানো , কিন্তু সাংঘাটিক খীন। অপুস্টিত ভোগা বুলিও কব নোৱাৰি, কাৰন খোৱা বোৱা থিকেই আছিল। "হৰমোহন" চেহেৰা বুলি ঠাট্টা কৰিছিল কাৰণ হাড়ে চালে লগা চেহেৰাত লোকৰ ডালিমগুটীয়া হ'লেও মাহী পেহীৰ ভাষাত " কোদালদতীয়া" দাঁতকেইটাৰে মাৰ নোযোৱা হাঁহি। গতিকে ৩২ অলআউট কাৰনে পেপচোদেন্ট আৰু কলগেটৰ বিজ্ঞাপনৰ আহ্বান পাম বুলি দুই-একে সপোনো নেদেখুৱা নহয়। পিছে আজিও দুই এখন নাটকৰ বাদে সেইপালি চকমকীয়া প্ৰচাৰ লাভৰ পৰা বঞ্চিত। যিনহঁওক কিয়, ঠাণ্ডাৰ দিনত মামাৰ ঘৰ পালোগে মাহটো হাততলৈ। তাত গৈ গম পালো গোৰেশ্বৰত সাহিত্য সভা। আইতাহঁতৰ ওচৰৰ চবেই যাব। সুবিধাৰ কথা ইমানেই যেগোৰেশ্বৰৰ ওচৰ পাজৰে দুজনীকৈ মাহীৰ শচুৰাল। গতিকে, মানুহখিনি ভাগ ভাগ কে গৈ দুয়োঘৰ আলহীৰ তাত থাকিব আৰু সভা চাব। সাতপাছ বাদ দি আমাৰ আইতাও ওলাল। পিচে লেম্প হিচাপে নাতিনীয়েকে হাত ধৰিলো। মোৰ মনত নথকা দিনতেই দেউতাই স্কুটাৰ লোৱা । গতিকে আমি বাছত তেনেকে উঠি পোৱাই নাছিলো। বাঢ়ি অহা উচ্চতাৰ লগতে মুৰৰ শিং চাইজৰ টিকনিডালে সন্মুখৰ ৰাস্তা নেদেখা কৰি নোতোলালৈকে স্কুটাৰৰ আগফালে থিয় দি স্বৰ্গসুখত অহা যোৱা কৰিছিলো। পিচে বাইহাটা চাৰিআলিত বাছ দেখিহে চকু অমৰাগুটি। কি কাৰবাৰ দেখোন, ওপৰে- তলে খিড়িকীয়ে- পাওদানিয়ে সকলোতে দেখোন ওলোমি ওলোমি মানুহ। যেন হাঁহ- পাৰ হে দুইফুটীয়া বাহৰ গড়ালটোত ভৰাই থৈছে!! বহু চেস্টা কৰিও দুখন বাছ ধৰিব নোৱাৰিলো। লক্ষ্য কৰিছিলো যে আইতাই মোক হেৰুওৱাৰ ভয়ত গাড়ীত উঠিব পৰা নাই। তেতিয়া ছাগে তিনি- চাৰে তিনি ফুটৰ ওপৰত উচ্চতা নাছিল। পাছ ফুট সাত ইঞ্চিৰ আইতাই ভীৰৰ মাজত মোক বিচাৰি থাকোতেই যায়। বুদ্ধি এটা পাঙিলো, পিচৰ বাছখন ৰোৱাৰ লগে লগে আইতাৰ হাত এৰি মানুহৰ ভৰিৰ ফাঁকে ফাঁকে সুৰকি গৈ বাছত উঠি দিলো। খিড়িকীৰ কাষৰ চিটত বহা মানুহ এজনক ক'লো, কোচত লঁওক। তাৰ পিছত খিড়িকীৰে মুৰ উলিয়াই আইতাক চালো। অন্যবোৰ মানুহে বাছত থেলি থেলি সোমাব চাইছে যদিও আইতাই মোক বিচাৰি ফুৰিছে। মই আইতাক হাত মুখ জোকাৰি জনাই দিলো যে চিন্তা কৰিব লগা নাই, মই গাড়ীত উঠিছোৱে, আপুনি উঠি লওক।

Comments

Popular posts from this blog

তথ্য উদ্ধাৰ -১ শকাব্দ/ খ্ৰীষ্টাব্দ

অনুগল্প

মহা মহা পুৰুষৰ চানেকিৰে জীৱন (খ)