সৰু সৰু কথা শৃংখল 12

সৰু সৰু কথা : (১২) ৰাগ বিৰাগ সৰুতে একে নামৰ অসমীয়া চিনেমা এখন দেখিছিলো। বিশেষ মনত নাই, কিন্তু এটা সংলাপ মোৰ মন মগজুত শিপাই থাকিল। বোধহয়, চিমিৰ ( চৰিত্ৰটোৰ নাম মনত নাই, অভিনেত্ৰীগৰাকীহে মনত আছে) বয়ফ্ৰেন্ডজনে জীৱনৰ মোহ এৰি বৈৰাগী হৈছিল, নিৰ্বাণৰ আশাত। তেতিয়া কোনোবাই সুধিলে, তই কি কৰিবি? চিমিয়ে উত্তৰ দিছিল : মই কেতিয়াও বৈৰাগী নহও, এই পৃথিৱীখন ইমান ধুনীয়া, মানুহক লগ পাই ইমান ভাল লাগে। এইবোৰ এৰি মই কেতিয়াও বৈৰাগী হব নোৱাৰো। জীৱনৰ প্ৰতি এনেকুৱা মোহ ভৱেন্দ্ৰ নাথ শইকীয়া ছাৰৰ "বানপস্থ"টো দেখিছো। সঁচায়ে এটি জীৱন কিমান সপোনৰ বাস্তৱিক ৰূপ। নহ'লেনো ঘৰত কেচুৱা আহিলে আটাই জাকে আগুৰি ধৰি নাক কাণ চকু কাৰ দৰে হৈছে মিলাই চাবলে আহেনে? জীৱনৰ প্ৰতি মোহান্ধ হৈ বহুত কাম কৰিছো। কিবা এটা মনে বিচৰা ধৰনে নোহোৱাত ভগৱানক গালি পাৰিছো কিন্তু পিচমূহুৰ্ততে নোম এডালত দুখ পালেও হে হৰি বুলি আকৌ স্মৰণ কৰিছো। ৱৈষ্ণো দেৱীৰ দেৱালয়ত বাটকুৰি বাই কৰযোৰে প্ৰণিপাত কৰিছো আৰু অত ৰাতি ভকতক নামেৰে মুহিলা বুলিও শংকৰগুৰুক অভিযোগো কৰিছো। মুঠৰ ওপৰত ৰাগ বিৰাগ চলি আছে , থাকিব। প্ৰজেক্ট এটাৰ কামত প্ৰায় এসপ্তাহমান ব্ৰহ্মকুমাৰীৰ মাউন্ট আবুস্থিত মুখ্য কাৰ্য্যালয়ত আছিলো । ব্ৰহ্মকুমাৰীৰ দৰ্শন বা ব্যৱস্থাৰ আকৰ্ষণত নহয়, নিজৰ কৰ্মৰ প্ৰয়োজনত পৰিহে ভালেমান অনুৰোধ আৰু এজন ব্যক্তিৰ সদিচ্ছাৰ কৃপাত সপ্তাহযোৰা কাৰ্য্যসূছীৰে তাত থাকি, ফুৰি কাম কৰিবলৈ সুবিধাটো পাইছিলো। কোমল ভাইৰ ভাষাত বাবা কা বুলাবা আহিছে। যি নহওক তাত থকা কেইদিন সকলো ব্যৱস্থাৰ সুসংহত ৰূপ এটা দেখিবলৈ পাইছিলো। সকলো বস্তু আৰু প্ৰণালীয়ে অতি সৰল আৰু সাৱলীলভাৱে সজোৱা। তাত আমি লেপটপ লৈ বাগিছাত কাম কৰি থকা দেখি দুই এজনে তৱধ মানিছিল। তিনিজনীয়া ছিটৰ কোঠাটিত মাত্ৰ দুদিনহে অন্য বাসিন্দা আছিল। তেখেতো আমাৰ কামত অভিভূত হৈছিল। হবৰে কথা, তাত সকলোৱে যেতিয়া ৰাগ বিৰাগৰ কথা আলোচনা কৰি আছিল, আমি আছিলো লেপটপ খুলি অন্য এখন দুনীয়াত। আজিৰ দিনত কোনেনো ভাৱিব আমাৰ দৰে প্ৰাণীও থাকিব পাৰে বুলি! এবাৰ ভাই এগৰাকীয়ে ক'লে, তুমি নহ'লে ইয়াতে থাকি যোৱা, জীৱনটো বাবাৰ সেৱাত নিয়োজিত কৰা। মই উত্তৰ দিলো হয়, মই মানৱ সেৱাই কৰিম, সেয়াইটো বাবাৰ ইচ্ছা । তেনেতে বেল এটা বাজিল। সকলো নিস্তব্ধ। মই বোলো কি হ'ল? এক মিনিট পিচত সকলো পুৰ্নৱস্থালৈ ঘুৰি আহিল আৰু কথা পাতিবলৈ ল'লে। আকৌ অলপ দেৰি পিচত ঘটণাৰ পুনৰাবৃত্তি। সুধিয়ে পেলালো কোমল ভাইক, ভায়্য়া এ ক্যা হে? : বিত্তু ( ভায়্য়াই মোক ইতিমধ্যে বেটাৰ পৰা বিত্তুলৈ প্ৰমোচন দিছিলেই) য়ে এক প্ৰকাৰ কা নিয়ম হে ইহাকা । ভায়্য়াই বুজালে যে ৰাগ বিৰাগ , সন্যাস আধ্যাত্মিকতা এইবোৰ সহজ লভ্য নহয়। প্ৰায়ে আমি নিজকে পাহৰি যাও কাম, চিন্তা আদিৰ প্ৰকোপত। সেয়ে এই আশ্ৰমত এঘণ্টাৰ মুৰে মুৰে বেল বাজে। যিয়ে য'তে আছে তাৰ পৰাই এক মিনিট সময় মনতো শোধন কৰিব লাগে। একমিনিট সময় নিজৰ উশাহ নিশাহ বাদ দি ভাৱিব পৰা অন্যটো বিষয় হৈছে ঈশ্বৰ। তাত বাদে অন্য চিন্তা নাই। মনতে ভাবিলো, পৰালৈকে এই অনুশীলন কৰি যাম। জীৱনৰ ৰাগ এৰি বৈৰাগী হ'ব বিচৰা নাই কিন্তু এইবোৰ সৰু সৰু অনুশীলনে মন মগজুক সাৰুৱা পানী ছতিয়াই থাকিব।

Comments

Popular posts from this blog

তথ্য উদ্ধাৰ -১ শকাব্দ/ খ্ৰীষ্টাব্দ

অনুগল্প

মহা মহা পুৰুষৰ চানেকিৰে জীৱন (খ)