সৰু সৰু কথা শৃংখল 12

সৰু সৰু কথা (১২): পৰিচয় এই চাঈনা, চাই পিনে চলেগি ক্যা? মিলিন্দ মেহতাৰ চিঁঞৰত পিচফালে ঘুৰি চালো। মই যিমানেই খং নকৰো কিয়, সি মোক চাঈনা বুলি মাতিবই মাতিব। কথা নুশুনে বাবে ময়ো তাক মিলিমিটাৰ বধীৰ বুলি মাতো।মিলিন্দৰ পৰা মিলি আৰু মিটাৰটো এনেয়ে যোগ কৰা আৰু মোৰ কথা নুশুনে কাৰনে বধীৰ। কিন্তু মই জোকালে যেনেকে তাৰ গাত নালাগে সি জোকালেও মোৰ গাত নালাগে। আৰে, আমাৰ দোস্টি এনেকুৱাই। এদিন হঠাৎ ৰাতি মোক ফোন কৰি সি চৰি চৰি বুলি একেধাৰে কৈ ক্ষমা খুজিলে। মই বোলো কিনো হ'ল? মই কোনো কথা ধৰি থকা নাই, ক্ষমা খুজিব নালাগে। সি ক'লে যে মোক চাঈনা চাঈনা বুলি জোকাই থাকোতে শব্দটো তাৰ মুখত লাগি গৈছে। যদিও মোৰ মুখ মন্ডলত কোনো ধৰনৰ ট্ৰাইবেল লুক নাই, তথাপি ছিংকি বুলি দুই এজনে জোকাই। মই কথাটো ধৰি নাথাকো, কাৰনে সেয়া বেয়া মনোভাৱেৰে মোক নোজোকাই। লগতে ময়ো সবকে কিবা কিবি নামেৰে জোকাও। কিন্তু মিলিন্দে সিদিনা অন্য এজনী অসমীয়া ছোৱালীক চাঈনা বুলি জোকাওতে হেনো তাই চৌধ্য গোস্থী উজাৰি গালি দিলে। সেয়ে তাৰ মনত হ'ল যে সদায় মোক জোকাই থাকে, জানোচা ময়ো তাক বেয়াই পাই থৈছো। সেয়েহে ৰাতিখন ফোনকাণ্ড। হওতে এবাৰ মোক চাইনীজ বুলি জোকাওতে ময়ো এজনক নিদিয়া নহয়। যাক কৈছিলো, তেঁও পিচদিনা এখন কাৰ্ডত চৰী লিখি মই কোৱা কথাখিনিয়েই লিখি দিছিল। " ইয়েচ, য়ু আৰ চন্দনা, য়ু আৰ ইন্দিয়াণ, য়ু আৰ আছামীছ, য়ু আৰ এ ডটাৰ অৱ টু গ্ৰেট ইন্দিয়াণ পেৰেন্টচ্। এন্দ আই চেলুট য়ুৰ কাৰেজ।" কোনোবাই আছাম কিধৰ হে বুলি সুধিলে মই ডাইৰেক্ট সুধো তুম কোনচে ইউনিভাৰচিটিচে পাছ কিয়া? যদি তহঁতৰ বিশ্ববিদ্যালয়ে তহঁতৰ নিচিনা মুৰ্খক স্নাতক উপাধি দিছে, তেন্তে দেশখন ৰসাতলে যোৱা বুলি কান্দি লাভ নাই! বুজাই সিমানতে বুজি যায়। এবাৰ এজনে ক'লে, তুমহাৰা গুৱাহাটি টো বহত মস্ট জগহ হে, বৰফ গিৰতা হ্যে তো তুমলগ ক্যেচে এনজয় কৰতে হো? ময়ো ক'লো ৱেচে হি কৰতে হ্যে যেচে তুমলোগ চৰ্দিমে লোনাৱালা যাকে কৰতে হো। নিজৰ পৰিচয় দিবলৈ ভাবিচিলো নামটোৱে যথেস্ট। সৰুতে কিয় জানো মোৰ চন্দনা নামটো পচন্দ নাছিল। পিচলে ভালপোৱা হ'লো। কটন হোস্টেলত সোমাই আহি থাকোতে, ট্ৰাংকত চন্দনা শৰ্মা বুলি লিখা নামটো বিল্ডিঙৰ দ্বিতীয় মহলাৰ পৰা পঢ়ি যেতিয়া " চন্দনা আই লাভ য়ু" বুলি ভাস্বতী চৌ ধুৰীয়ে চিঁঞৰি গাইচিলে, সিদিনা অলপ ভাল লাগিছিল। পুনেত সকলোৱে মোৰ নামটো আনকমন বুলি কঁওতে প্ৰায়ে হাঁহি উঠিছিল, মইহে জানো অসমৰ প্ৰতিটো চুবুৰীতে চাগে এজনী চন্দনা আছে বুলি। কিন্তু পৰিসৰ আগবঢ়াৰ লগে লগে পৰিচয় পৰ্বও দীঘলীয়া হৈ গৈ থাকিল। নিজৰ নাম, স্কুল, কলেজ, চহৰ, ৰাজ্য আৰু শেষত দেশ । কতা কোনো দিনে এনেকুৱা পৰিচয় দিব লাগিব বুলি ভবা নাছিলো। ভৌগোলিক পৰিচয় বাদ দি আন এটা পৰিচয়ো দিব লাগে আজিকালি। কি, ক'ত কিয় বিখ্যাত হিচাপে কৰ্মজীৱন আৰু কৰ্মক্ষেত্ৰবোৰৰ নামো জড়িত হৈ গৈ আছে। ইমানতেই শান্ত হব পাৰিম বুলি ভাৱিছিলো। গোৱাত এখন কৰ্মশালাত আছিলো। পানাজিৰ ওচৰতে হোটেল এখনত। কৰ্মশালা আৰম্ভ হোৱাৰ আগতে চাহ খাবলে দিলে। এজনে পৰিচয় সুধিলে : মই জুলিয়া ডিচুজা, কেথলিক ফ্ৰম চেন্নাই। : মই পাৰৱীণ খান, মহম্মদীয়, ফ্ৰম হাইদৰাবাদ। : জিগিচা বৈষ্ণৱ, বৰোদা, পিউৰ ভেজ। : নমস্কাৰ মই চন্দনা শৰ্মা, বিলংচ টু আসাম অনল

Comments

Popular posts from this blog

তথ্য উদ্ধাৰ -১ শকাব্দ/ খ্ৰীষ্টাব্দ

অনুগল্প

মহা মহা পুৰুষৰ চানেকিৰে জীৱন (খ)