সৰু সৰু কথা শৃংখল 13
সৰু সৰু কথা : (১৩) গোকুলত এসন্ধ্যা
কৃষ্ণ। "ক'ত আছা ক'লৈ যাম ক'লৈ গ'লে কৃষ্ণক পাম" বুলি ঘোষাফাঁকি গাই গাই মথুৰা বৃন্দাবন আৰু উত্তৰ প্ৰদেশৰ গলিবোৰত বিচাৰি চলাথ কৰিলেও কিন্তু কৃষ্ণ বা গকুল অথবা গোকুল বিচাৰি পোৱা নাছিলো। অৱশেষ হিচাপে মঠমন্দিৰ আৰু তাকে ঘেৰি বিভিন্ন বানিজ্যিক কেন্দ্ৰ নেদেখা বুলি ক'লে চকুত চালি ধৰা বুলি ক'ব। হঁওতে সকলো আছে। ভগৱান সৰ্বত্ৰ বিৰাজমান বুলি ওভটণি যাত্ৰাত সান্ত্বনা লভিছিলো। সৰুৰ পৰা ডিডি ৱানত দেখা মহাভাৰত, শ্ৰী কৃষ্ণ আদি ধাৰাবাহিকত কৃষ্ণ মানে গোকুল আৰু গোকুল মানে এজাক গৰু ঘাঁহ খায় আছে। এয়াই প্ৰতিচ্ছৱি। আনকি ৰাস মহোৎসৱতো বৃন্দাবন বুলি কৃষ্ণৰ বাঁহী বাজনত ডুবি থকা গৰু কেইটা দেখি দেখি মনত এক স্থিৰ চিত্ৰ গঢ় লৈ উঠিছিল।
" : তুম অগলে জনম মে ক্যা বননা ছাহতে হো?
: গো মাতা মাডামজী।"
প্ৰথমে শুনি নিজৰ কাণখনক বিশ্বাস কৰিব টান লাগিছিল। আকৌ এবাৰ সুধি একেই উত্তৰ পোৱাত বিশ্বাস হ'ল, গোকুল আছে তেন্তে।
প্ৰজেক্ট এটাৰ কাম গৈছিলো কোহলাপুৰৰ ওচৰত গোকুল ডেয়ৰীৰ ফেক্টৰীটো। প্ৰডাকচন মেনেজাৰে এ টু যেড প্ৰচেচ আৰু ছিস্টেম দেখুৱাই এটা ডাঙৰ হ'লত আনি বহুৱালে। আমাৰ বাবে চকী সজাই থোৱা আছে চাৰিকোনীয়াকৈ। মাজত এগাল গাৱলীয়া মহিলা সংসদ। ওচৰত এখন ডেক্সত মাইক এটা আৰু লেপটপ এটা লৈ এজন ব্যক্তি। তেখেতৰ আসে পাসে কেইবা গৰাকী মহিলা আৰু মাত্ৰ দুজনমান পুৰুষ। আমি গৈ পোৱাৰ আগতেই মিটিংখন আৰম্ভ হৈছিল। সোমায়েই কাণত পৰিল ওপৰত উল্লেখ কৰা কথাষাৰী।
গোকুল ডেয়ৰীত গাখীৰ যোগান ধৰিবলৈ যিবিলাক মহিলা আছে তেঁওলোকৰ লগত কোম্পানিৰ প্ৰেক্ষাগৃহত মাহেকে পষেকে এনেকুৱা সভা আয়োজন হয়। ইয়াৰ জৰিয়তে তেঁওলোকৰ অভাৱ অভিযোগ সমুহ সমজুৱাকৈ আলোচনা আৰু সমাধান কৰা হয়। তাৰোপৰি ব্লক লেভেলত থকা বিষয়া সকলেও পোনপতীয়াকৈ বিভিন্ন আঁচনিৰ আলোচনা বিলোচনা কৰে । মুঠতে পৰিবেশটো ভালেই লাগিল যেতিয়া গম পালো যে তাত মানুহৰ বেমাৰ হ'লে ডাক্টৰ পাই নেপাই কথা নাই কিন্তু গৰুৰ কিবা হ'লে যে ডাক্টৰ নেপাব তাৰ কোনো মানে নাই। তাৰোপৰি দুগৰাকীমান মহিলাৰ সৈতে চিনাকী হবলৈ পালো। তেঁওলোক যোগসূত্ৰী। গাখীৰৰ গুনগতমান থিক থাকে আৰু মহিলাসকলক কেনেকে কিমান স্বাৱলম্বী কৰিবলৈ নিয়োজিত কৰিব পাৰে তাৰ বাবে যৎপৰোনাস্টি চেস্টা কৰে। সেয়ে চাগে মহিলাসকলৰ পিচৰ জনমত গৰু হৈ জন্ম লোৱাৰ অভিলাষ।
কথা শুনি আচৰিত হ'লো। কোম্পানীৰ বাৰু স্বাৰ্থ আছে, কিন্তু ব্লক অফিচাৰ বা পশুচিকিৎসক সকল? এয়া নিশ্বয় দেশসেৱাত একান্তভাৱে নিয়োজনৰেই দৃস্টান্ত। মহান দেশৰ গঠন প্ৰক্ৰিয়া এনেধৰনৰ সহযোগেৰেহে সম্ভৱপৰ। এনেকুৱা গোকুল এখনেইটো ইমানদিনে বিচাৰি আছিলো।
Comments
Post a Comment