সৰু সৰু কথা শৃংখল 14

সৰু সৰু কথা : (১৪) হিন্দী
হিন্দী হে হম, ৱতন হ্যে হিন্দুস্তান হমাৰা বুলি যিমানে টেঁটুফালি গান নাগাঁওক কিয়, মিনতি খুৰীৰ হিন্দী এতিয়াও পেডেল মাৰিয়েই আছে। কা, কি , হে, হু সকলোতে কিবা নহয় কিবা খেলিমেলি এটা হয়েই, মানে হবই। কিন্তু মিনতি খুৰীও নেভাৰ মাইন্ড টাইপৰ। মুঠৰ ওপৰত টিকুৰ লগৰ ছিবিএচচি স্কুলৰ ল'ৰা ছোৱালী কেইটাৰ আগত নিজকে স্মাৰ্ট দেখাবলে মিনতি খুৰীয়ে হিন্দী কবই। আজিৰ দিনত স্মাৰ্ট নহ'লে লেৱেলটোও কমি থাকে বুলিয়েই ভাৱে মিনতি খুৰীয়ে। সেয়ে নামটো কঁওতে মিনতি বুলি "ন" ত জোৰ নিদি মিন্টি বুলি কয়। কথা কওতে অলপ এক্সত্ৰা ইফেক্ট দিবলেও চেস্টা কৰে। পিচে ঘটনাটো ঘটিল সিদিনাহে। বৰপেটাৰ পৰা গুৱাহাটি অভিমুখে আহি থকা বাছখনত মিনতি খুৰীয়ে পেহীয়েকে মৰমেৰে দি পঠোৱা মোনাখন লৈ বাছত বহিছিল। ফিৰফিৰিয়া বতাহজাকে টোপনিৰ ৰেখ অলপো আনিছিল। বাছখন হঠাৎ ৰৈ যোৱাত চকমক খাই সাৰ পাই গ'ল মিনতি খুৰী। দেখিলে আৰ্মীয়ে বাছখন ৰখাই সোধা পোচা কৰিছে। ১৫ আগস্টলৈ বেচি দিন নাই। ঠায়ে ঠায়ে মাথো আৰ্মিৰ চেকিং। মিনতি খুৰীৰ মোনাতো খুলি চাই, এজন আৰ্মি জোৱানে আনজনক ক'লে : পপিতা পপিতা। আমাৰ খুৰীও কম নহয়, কোনোবাই তেখেতৰ নামতো ভুলকে কব আৰু তেঁও মনে মনে থাকিব, কোনোমতেই হব নোৱাৰে। আফ্টাৰ অল প্ৰেচটিজ বুলিও কিবা এটা আছে। খুৰীয়েও তপৰাই উত্তৰ দিলে : পপিতা নেহি, মিনতি বৰুৱা।

Comments

Popular posts from this blog

তথ্য উদ্ধাৰ -১ শকাব্দ/ খ্ৰীষ্টাব্দ

অনুগল্প

মহা মহা পুৰুষৰ চানেকিৰে জীৱন (খ)