মানুহ অমানুহ শৃংখল 15

মানুহ অমানুহ : খণ্ড: ১৫: হিয়া দিয়া নিয়া মুনীন বৰুৱা পৰিচালিত, জুবিন গাৰ্গৰ সংগীতেৰে হিয়া দিয়া নিয়া আহিছিল সঁচাকৈয়ে ৰাইজৰ হিয়াবোৰ দিয়া নিয়া কৰাবলৈয়ে। অৱশ্যে চিনেমাখন বহুত পিচতহে চাবলে পাইছিলো, কাৰণ এটাই ছৱিঘৰত ন' এন্ট্ৰী। চিনেমা নাচালো কি হ'ল, দিনে ৰাতিয়ে ৰেডিঅ', ডেক (সেইদিনৰ জনপ্ৰিয় মিউজিক চিস্টেম) আৰু বিয়া -সবাহত মাথো এখনেই কেচেট, হয় তেতিয়া কেচেটৰেই দিন আছিল। তাৰোপৰি বিস্ময়, মায়া আৰু দুই এখন বাতৰি কাকতত টুকুৰা টুকুৰ খৱৰ আৰু ক্লাছৰুমত ছাৰ বাইদেউ নথকা অৱস্থাত সেইবোৰ কথাৰ মেল। উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষ। কলেজত গৈ নতুন নতুন বন্ধু বান্ধৱী গঢ়ি তোলাৰ দিন। অৱশ্যে দুই এজনক চিনিয়ৰ বুলি কৈ ৰেগিং নামৰ ৰৈ ৰৈ ধেমালীটোও কৰিছিলো বাপ্পেকে । সিদিনা অলপ দেৰি হোৱাত কোনোমতে চাৰৰ লগে লগেহে ক্লাছৰুমত সোমালো। দেখিলো গোটেইখন ভৰি আছে। বহিবলৈ ঠাই নাই। লাস্ট বেঞ্চখন কমচে কম ২০ মিটাৰ দুৰত। হয়, এটা বেট্ছত ১৫০ ৰ কম স্টুডেন্ট নাছিল। তিনিটা শাৰীত ডেক্স বেঞ্চ পাৰি থোৱা আছে আৰু প্ৰথম শাৰীটো ল'ৰাৰ,প্ৰায় অঘোষিত নিয়ম। শালী ঠাই পালেও ছোৱালীয়ে তাত বহিবলৈ সাহস নকৰে। দেৰি হোৱা কাৰনে আৰু ল'ৰাৰ শাৰীটোৰ প্ৰথমখন বেঞ্চত ঠাই শালী থকা কাৰনে বহিয়েই দিলো আৰু ৰোল ক'লত মনোযোগ দিলো। ক্লাছ শেষ হ'লত দৌৰি দৌৰি চাৰৰ পিছত গ'লো, কিবা সুধিবলৈ। আকৌ আনজন চাৰ সোমাল, ময়ো সোমালো। দুটামান ক্লাছ শেষ হোৱাত অনুভৱ কৰিলো, মই তাত বহি থকা কথাটো ল'ৰা দুজনমানে ভাল পোৱা নাই। পিচে মোক পোনপতীয়াকৈ একো ক'বলৈ সুবিধা পোৱা নাই। তাৰপিচত কি হ'ল জানো এদিন দুদিনকে কেবাদিনো সেইখন বেঞ্চত বহা গ'ল। ল'ৰা দুজন মানক বাদ দি আনবোৰে প্ৰথম বেঞ্চত বহিবলৈ যেন ইত:স্ততাবোধ কৰে। ছোৱালীৰ শাৰীত একেবাৰে শেষৰফালে বহাতকৈ এইফালে প্ৰথম শাৰীত বহাই ভাল বুলি ভাৱি তাতে বহা কৰিলোগৈ। লগত বহা ল'ৰা দুজনৰ লগতো চা-চিনাকি হ'লো, কথা পাতিব ল'লো। গম পালো তাৰে এজনক প্ৰথম দিনাই মই চিনিয়ৰহৈ ৰেগিং কৰি থৈছিলো। সিও কথাটো পিচতহে গম পাইছিলযে মই একে ক্লাচটে পঢ়ো বুলি। কথাখিনি সি তাৰ কোনোবা দাদা এজনক কোৱা বুলিও কৈছিল। লাহে লাহে আমি বন্ধু হৈ পৰিলো । বিস্ময় আৰু মায়া মেগাজিন মুকলিকৈ পঢ়িব পৰাকে ডাঙৰ হ'লো বুলি ভাৱি লৈছিলো। কিছুমান চিনেমা আৰু অভিনেতা অভিনেত্ৰীৰ গুজৱ, খেল ধেমালিৰ কথা আলোচনা কৰো। পুজা আৰু বিহু সংখ্যাৰ বাবে ৰৈ থাকো।সেইবাৰ মোৰ সেই নতুনকে হোৱা বন্ধুৰ দাদাকৰ কৃপাতেই নে বন্ধুৰ পোতক তোলাৰ প্ৰৱনতাৰ ফলত মোৰ নামতো পত্ৰবন্ধু শিতানত আহি গ'ল। চিন্তা নকৰিলোহৈ যদিহে হবি হিয়া দিয়া নিয়া বুলি প্ৰকাশ নকৰিলে হৈ। ভদ্ৰ মানুহৰ সমাজত থাকি অসভ্য হবি ৰখাৰ শিক্ষা হিচাপে ডাঙৰ ভূমিকম্প আহিল। সকলোৰে লগত হাঁহিমাতি চলাৰ ফল সেয়াহে হ'ল। দিনে কমচে কম ১০ খন চিঠি আহে আৰু সকলোতে অশ্লীলতাৰ চৰম সীমা অতিক্ৰম। কথাটো আনে গম নোপোৱাকৈ ৰাখাটো অতিশয় কঠিন। তাৰোপৰি বেচিভাগ চিঠিত ডাকটিকট নলগোৱাকে পঠাইছিল, ডাকোৱালজনেও মোৰ পৰা টকা বাহিৰ কৰাৰ খাতিৰত দিনে দুবাৰ তিনিবাৰকে অহা হ'ল। জমা টকাৰে গালি কিনি খোৱাৰ ইচ্ছা নোহোৱা হ'ল। কিমাননো আৰু সহ্য কৰিম, বন্ধুজনক গোটেই চিঠিৰ জাপটো দি ক'লো, ক্ষমা কৰিবা ভাই, তোমাক ৰেগিং কৰি নাম ঠিকনা সোধাৰ ধেমালিটোৰ বাবে মোক যি ফল দিলা তাৰবাবে ধন্যবাদ। মই পঢ়া শুনা বাদ দি অন্য চিন্তা কৰিবও নোৱাৰো। সকলোৱে মোৰ পৰা বহুত আশা কৰি আছে। গতিকে তোমাৰ বন্ধুত্বৰ ফল আৰু নাখাও, মোক ইমানতে আজ্ঞা দিয়া। দুই হাত যুৰি নমস্কাৰ জনাই আতৰি আহিলো।

Comments

Popular posts from this blog

তথ্য উদ্ধাৰ -১ শকাব্দ/ খ্ৰীষ্টাব্দ

অনুগল্প

মহা মহা পুৰুষৰ চানেকিৰে জীৱন (খ)