চিন্তনীয় 2 : বিহু
চিন্তনীয় : বিহু
বিহু ভটিয়নি সোঁতত গৈ থকা সময়তহে আহৰি পালো দুখন মান বিহুৰ আলোচনী পঢ়িবলৈ। সকলোৰে বিষাদগাৰ, বিহুয়ে স্বকীয়তা হেৰাল বুলি। বিৱৰ্তনৰ সোঁতত জাঁহ যোৱা বুলি, অপসংস্কৃতিয়ে গ্ৰাস কৰা বুলি। কথাটো হয়। ঢোল বজাব নাজানা যুৱকৰ সংখ্যা বাঢ়ি যোৱাৰ লগে লগে নাচিব নাজানা নাচনীও বাঢ়িছে। যি দুই এজনে জানে, বিহুৰ কৰ্মশালা কৰি চেস্টা চলাইছে, বিহুটিক হাতৰ মুঠিত ৰাখিবলৈ। পিচে চহা জীৱন নাথাকিলে আনবোৰ বিষয়ো মৰাসুতি হব। এতিয়া আহো বিৱৰ্তিত সমাজৰ ওকালতি কৰিবলৈ। নাঙলৰ মুঠিত ধৰাসকলৰ শতকৰা ১০ জনেও চাগে লেখাটি পঢ়িব পোৱা নাই, কিহৰ অভাৱ সকলোৱে জানে। নধৰাসকলে এই কাৰনে পঢ়িব পাৰিছে কাৰন হাতত ৰিৰ্ছাজ কৰিবলৈ নগদ টকা আৰু সময় আছে। এয়া যন্ত্ৰযুগৰ মহিমা। যন্ত্ৰ যুগৰ মহিমাই ঢেকীত এঘণ্টা খৰচ কৰাতকে মিক্সীটো ব্যৱহাৰ কৰিবলৈ উদ্গনি দিছে। গতিকে তাঁতশালত বহি সপোন ৰচিবলৈ আহৰি ক'ত? একেদৰে হোমৱৰ্কৰ মেটমৰা বোজা লৈ ঘৰলৈ ওভটা শিশুয়ে বিহুৰ আখৰা কৰিবলৈ কিয়নো যাব? বিহু বুলিলে বিহু ফাংচন আৰু তাত দুটামান পুৰণা গান গালেই হৈ গ'ল। অসমীয়া ছেনেলত বিহুৰ ভিডিও চলি থাকেই , তাৰপৰা দুটামান স্টেপ শিকি ল'লেই হ'ল। ফাংচনত নাচিবৰ জোখেৰে হৈ যাব। যদিহে সংস্কৃতিক ধৰি ৰাখিব লাগে তেন্তে তাক জনজীৱনৰ অংগ হিচাপে লব লাগিব। জাতীয় সাজপাৰ পিন্ধি অফিচ কৰাৰ নিচিনা ভেঙুচালী কৰিলে নহ'ব। উত্তৰসূৰীক শিকাব লাগিলে কৰ্মশালা পাতিলেই নহ'ব, শিক্ষাসূছীত পাঠ্যক্ৰমত অন্তৰ্ভূক্ত কৰিব লাগিব। নহ'লে ৰামায়ণ শেষ হোৱাত ৰামৰ মাক সীতা বুলি লিখা মানুহৰ ওৰ নপৰিব। আমাৰ নিচিনা অল্পমতিয়েও আছাৰ ব্যৱহাৰত অসমীয়াত্বৰ প্ৰকাশ ঘটাব লাগিব। যদি এইখিনি কৰিবই নোৱাৰো, সোনৰ অসম পুৰি ছাৰখাৰ হোৱাত দুখ নকৰিব।

Comments
Post a Comment