ৰোমন্থন 2 : তাহানিৰ মেট্ৰিক পৰীক্ষা

তাহানিৰ মেট্ৰিক পৰীক্ষা °°°°°°°°°°°°°°°°°°°°°°°° মেট্ৰিক পৰীক্ষা বুলিলেই আমাৰ গা সাতখন আঠখন লাগিছিল। যদিওবা আমি পা্ৰথমিক বিদ্যালয়ত পঢ়ো, তথাপি পৰীক্ষা কেন্দ্ৰই আমাৰ স্কুলখনৰ ডেক্স বেঞ্চৰ লগতে কোঠালীকেইটাও সামৰি লয়। তেতিয়াৰ দিনত বছৰত এবাৰেই পৰীক্ষা হৈছিল যত পঞ্চম শ্ৰেণীত পঢ়ি থাকোতেই বিদায় লৈও হেট্ৰিক কৰি মেট্ৰিক পাছ কৰিব নোৱাৰা দাদা বাইদেউৰ লগত বহি একেলগে পৰীক্ষা দিছিল। মেট্ৰিক পৰীক্ষা এটা বৰ ডাঙৰ উৎসৱ। প্ৰথম লোভনীয় কথাটো হল প্ৰায় এ মাহৰ বন্ধ। দ্বিতীয় কথাটো হল শৈক্ষিক বৰ্ষৰ মাত্ৰ দুটামান মাহ যোৱা কাৰনে ঘৰৰ মানুহে পঢ় পঢ়কৈ থাকিলেও বেচি পঢ়াকাম দিব নোৱাৰে। সেয়েহে পুৱাৰ পৰা সাজ লগালৈকে মাথো খেলা আৰু খেলা। পৰীক্ষাৰ কেইদিন আমিও অলপ ভয় কৰিব লগা হয়, কাৰণ সেইকেইদিন আমাৰ অঞ্চলটোৰ সকল মেধাৱী ছাত্ৰ-ছাত্ৰীৰ ভয় আৰু শংকাৰে ভৰা গহীন মুখকেইখন দেখি এইটোৱেই জীৱনৰ প্ৰথম আৰু আটাইটকে টান পৰীক্ষা বুলি আমিও গন্য কৰিব লগা হৈছিল। অৱশ্যে এই সুযোগতে আমি সেই সময়ৰ মেধাৱী মনিষা সকলক , যাক লৈ বহুজনে অহংকাৰ কৰে, চচক্ষে দেখাৰ সুবিধাতো পাও। কুটকুট , লাচ , মাৰ্বলগুটি আৰু কচুগুটি আছিলএইকেইদিনৰ মুখ্য খেল। কাৰণ দুয়োবেলাই পৰীক্ষা থকা কাৰণে স্কুলৰ ফিল্ডত খেলিব নোৱাৰি। তাৰোপৰি বেচি চিঞৰ বাখৰ কৰিলে কাৰ্য্যৰত পুলিচ বিষয়াকেইজনে লৈ থকা মস্ত টাঙোনডাল আমাৰফালেও আহি যাব পাৰে!!! আটাইতকৈ ভাল লগা কথাতো হল, প্ৰশ্নকাকত অনা আৰু উত্তৰবহী জমা দিয়া কামত নিয়োজিত মাৰুতি এম্বেচাডৰ বা ভানখন। কিবাকে যদি পানী আৰু তামোলৰ উপধৈকনে কাম দিয়ে, কোনোবাজনক ৰঙা গোলাপ ফুলো লগা হয়, তেন্তে গাড়ীত উঠাৰ যি সৌভাগ্য সেয়া হয়তো পাই যাব পাৰো। অন্যফালে দুই এজন চালকে এচাৰি লৈ নিজৰ স্থান দেখাই দি কয়যে আমাৰ বাপেৰে কোনোদিনেই এখন গাড়ী কিনিব নোৱাৰে আৰু আমি গাড়ীত উঠাটো পিচৰ কথা গাড়ীৰ ওচৰ চপাৰো যোগ্য নহয়। আমাৰ কাৰণে পৰীক্ষাবিধ অলপ ভয় লগাও কাৰণ এইবিধ পৰীক্ষা দিব লাগিলে তেচ্ পৰীক্ষা দিব লাগে। বহুত সন্ত্ৰাসৰ কাৰণ, তেচ্ পৰীক্ষা দিবলে আমাৰ সাহস নাই। ডাঙৰ হ'লে কিযে হ'ব ভাবিয়ে ভয় লাগে। পৰীক্ষাৰ ৰিজাল্ট ওলাবৰ দিনাও বিভিন্ন কাণ্ড, কোনোবাই মন্দিৰৰ পৰা ওলাই নাহে আৰু কোনোবাই কম্পাৰ্তমেন্টেল লৈ পাছ কৰা বুলি মিঠাই খুৱায়। বৰ নাটকীয় আছিল সেই দিনবোৰ।

Comments

Popular posts from this blog

তথ্য উদ্ধাৰ -১ শকাব্দ/ খ্ৰীষ্টাব্দ

অনুগল্প

মহা মহা পুৰুষৰ চানেকিৰে জীৱন (খ)