ফটাপুৰাণ 2 : ডাকোৱাল
ফটাপুৰাণ : ডাকোৱাল
আছল নামটো কি নাজানো সৰুৰে পৰা সকলোৱে মাখি বুলি মতা শুনি আমিও মাখি বুলিয়ে মাতো। ৰহস্যৰ উদ্ঘাটণ কৰি এদিন হিমুৱে খবৰটো দিলে। : মাখি নামটোৰ লগত আৰু দুটা আছে, তহঁতে নাজান। আমিনো ক'ৰপৰা জানিম? কিতাপ ফলি আৰু পকা আম কঠালৰ বাদে মুৰত অহা অন্য চিন্তাটো হ'ল মাৰ্বল । তাৰবাদে ভাৰস্টৰ কিবা বেলেগ কথাৰ গোন্ধ বিচাৰিবলৈ আমাৰ দৰকাৰ পৰাই নাই। তদুপৰি দস্যু ভাস্কৰৰ চিৰিজ পঢ়ি পঢ়ি ওস্টাদি দেখুওৱা ধুন আছেই কিবা দৰকাৰত সাত পাঁছ বাৰ কৰি দিবলৈ। : দে জানই যদি ক আকৌ, নে তামোল পাণ দিব লাগিব? দীঘলীয়া ৰহস্য সহ্য নোহোৱা ধুনেই কৈ পেলালে। : স্কুলৰ ভেসচন প্ৰতিযপগিতাত সি বোলে ফুটুকীয়া কাপোৰ পিন্ধি ডিঙিত ' মাখি' বুলি লিখা বেনাৰ লগাই জীলাপি এখন চুহি চুহি থিয় দি আছিল। তেনেকেই নাম পৰিল মাখি। তেতিয়াৰ পৰাই আছল নাম চিলিঙত উঠিল। : পিচে আনদুটা নাম? : ফুটা টিং আৰু পিয়ন আছলতে ঘটনাটো দুবছৰ মান আগৰ বুলি চম্পাগছৰ ডালিটোত ভালকে বহি ল'লে হিমুয়ে। মাটিৰ পৰা ছয়ফুট ওপৰত বহি আদ্দা মৰাৰ আমেজেই বেলেগ। : গকুলদাক চিনি পাৱ নহয়? গকুলদাৰ সিদিনা কৰবাত যাব লগা আছিল। সিফালে জেপত নাই ফুটাকড়ি। চোলা পিন্ধিব গৈ দেখিলে সোতমোচ খোৱা ছাৰ্ট। সেই সময়তে আমাৰ মাখি গৈ উপস্থিত। চাহ একাপ খুৱাই মাখিৰ হাতত চিঠি এখন দি গধুল দাই তাক পঠালে দিগন্তদাৰ ঘৰত। চিঠিখন লৈ মাখিয়ে চাইকেলৰ পেদেলত জোৰ দিলে। দিগন্তদাৰ ঘৰ নাপাঁওতেই ছোৱালী হাইস্কুলখন। লেঠাটো তাতেই লাগিল। মাখিৰ গাত যৌৱনৰ বতাহ হঠাতেই লাগিল। স্কুলৰ লেইজাৰ টাইমত মাখি গৈ থিয় দিলে নৰকান্তৰ দোকানত। তাতে দালমুত খাবলে অহা নিৰ্মালীৰ হাতত চিঠিখন দি মাখি ঘৰ পালেগৈ। নিৰ্মালীক দুটা ছিংৰা খুৱাব বুলি কৈ চিঠিখন বিজুলীক দিবলে ক'লে। নিৰ্মালীয়ে চিঠিখন নি কিতাপৰ মাজত সুমুৱাই থওতেই দেখা পালে নিজৰাই । নিজৰাই কি চিঠি বুলি মনে মনে নিৰ্মালীৰ কিতাপৰ মাজৰপৰা পাৰকৰি পেচাৱ কৰা ঘৰ পালেগৈ, যাতে নেকি পঢ়িব পাৰে। পিচে কপাল বেয়া, পেচাৱ কৰা ঘৰত চিঠিখন খোলা সময়তে জাহ্নৱী বাইদেউ গৈ পালেগৈ। বাইদেৱে সেই প্ৰেমপত্ৰ চিলনীয়ে থাপ মাৰি নিয়াদি লৈ অফিচ ৰুম পালেগৈ। তাতে হেডছাৰৰ হাতত চিঠি আৰু নিজৰাক গটাই বাইদেউ নিজৰ ক্লাছত সোমাল। হেডছাৰে চিঠি পঢ়ি নিজৰাক যাব দিলে আৰু চকীদাৰক গকুলদাৰ ঘৰলে পঠিয়াই দিলে। : কি কৈ আছ' একো বুজি পোৱা নাই, ধুনে সুধিয়েই পেলালে। : তাকেইটো। চিঠিখন গকুলদাই লিখিছিল দিগন্ত দালৈ। তাত লিখিছিল যে আজি মৃদুক লগ কৰিব যোৱাৰ কথা আছে। গতিকে তোৰ হালধীয়া ছাৰ্টটো আৰু টকা এশ দি পঠাবি মাখিৰ হাতত। মাখিয়ে চিঠিখনলৈ আহিল যদিও তাত কি লিখা আছে নাজানে। সি ভাৱিলে যে চিঠি দি ছোৱালীক প্ৰপ'জ কৰিব লাগে। সেয়ে সি নিৰ্মালীৰ হাতত চিঠিখন দি পঠালে বিজুলীক দিবলৈ।ভাবিলে বিজুলীৰ লগত তাৰ কাম হৈ যাব। পিচে কণা বিধাতাই চিঠিখন মৃদুৰ দেউতাক মানে হেডছাৰৰ হাতত পেলালেগৈ। আমাৰ মেলামুখ মেলাই থাকি গ'ল।

Comments
Post a Comment