ফটাপুৰাণ 3 :বিশেষজ্ঞ
ফটাপুৰাণ :বিশেষজ্ঞ
ধুন আমাৰ দলৰ সদস্য হ'লেও কিছুমান কথাত তালৈ ঈৰ্ষাভাৱো আহে। নাহিবনো কিয়, ৪ জনী পেহীয়েক, দুটা খুড়াক আৰু আইতাক থকা ঘৰখনত সি যিহে ৰাজষিক সুবিধা পাই আমিবোৰে তাৰ কপালৰ জোৰত ঈৰ্ষা নকৰি কি কৰিমনো? আজিলৈ সি নিজৰ হাতেৰে ভাত খাই পোৱা নাই, কোনোবা নহয় কোনোবা থাকেইযে। কাপোৰ নিজে পিন্ধিবও নালাগে। আনকি গধুলি গাতো বেয়া লগা, ভৰিখন বিষোৱা বুলি কৈ সি টিভি চাব বা টোপনি মাৰিবও পাৰে। সেই কাৰনে সি অলপ ওফাইদাং মাৰি কথা কয়। হ'লেও বন্ধুত্বৰ খাতিৰত এৰি দিও। সিদিনা সি সুধিলে : চেৱিঙ্গ গাম কোনে আৱিস্কাৰ কৰিছিল ক'? : নাজানো, তভক মাৰি অলপ দেৰি ৰোৱাৰ পিচত মুখেৰে আপোনাআপুনি ওলাই গ'ল। আমেৰিকা, টেলিভিচন, ৰেডিঅ' আৱিস্কাৰৰ কথা সুধিলে উশাহ নসলোৱাকে উত্তৰ দিব পাৰো, কিন্তু চেৱিঙ্গ গাম? অসম্ভৱ। : তয়ে ক' হিমুয়ে জোৰ দিলে। পিছে জেপত থকা খেজুৰকেইটাৰ পৰা পকা খেজুৰ দুটা নিদিলে যে উত্তৰ নাপায় সিও জানে। হাতখন আগবঢ়াই সি ধুনৰ মুখলে চালে। : মই জানোৱেই তহঁতবোৰৰ এইবোৰ কথাৰ প্ৰতি ৰাপ নাই বুলি। মই নজনালে তহঁতি চুক ভেকুলি হৈ থাকিবি বুলি পকা খেজুৰ এটা মুখত ভৰালে ধুনে। :আমাৰ নৰেন খুড়াৰ বন্ধু এজনৰ দেউতাকে। হে:ম বুলি খেপ ঢুকিলো। নৰেন খুড়াই বিস্কুট কোম্পানীত কাম কৰে বুলি জানো, কিন্তু চেৱিঙ্গ গামৰ লগত তেঁও লিংক? হজম নহ'ল কথাটো। : আৰে ভাই ইয়াত অবিশ্বাস কৰিব লগা কি আছে? ধুনে জোৰ দিলে তাৰ বক্তব্যত। যোৱাবছৰ আমাৰ ঘৰত নৰেন খুড়াৰ বন্ধুজন আহিছিল। আইতাই ভাতৰ লগত চজিনাৰ চৰচৰি আৰু ৰঙালাওৰ তৰকাৰীত ৰঙালাওৰ ঠাৰি দি ভাজি বনাইচিল। চহৰত থকা মানুহ, এইবোৰ খায়েই পোৱা নাছিল বোলে। চজিনা আৰু ৰঙালাওৰ থাৰি চুপি চুপি খাওতে তেঁওৰ মনত আইদিয়া আহি গ'ল। বচ্ তেঁও চকলেটত সেইটো ফৰ্মূলা লগাই দিলে, আহি গ'ল বজাৰত চেৱিঙ্গ গাম। কথাটো অবিশ্বাস কৰিব লগাও নহয় কিন্তু...। ভাৱি লাভ নাই খেজুৰত মনোযোগ দিয়াই ভাল বুলি লাগি গ'লো।

Comments
Post a Comment