সৰু সৰু কথা শৃংখল 9

সৰু সৰু কথা : (৯) ৰান্ধনী ভাড়াঘৰত শুভপ্ৰবেশ কৰা মানেই ৰান্ধনিঘৰৰ চাকৰিটো পাৰ্মানেণ্ট কৰি হাতৰ কুঠাৰ ভৰিত মাৰা। হোস্টেলৰ গেলা খানা খাই ওকালি থকাৰ অভ্যাস এৰাবলৈয়ে নিমখ - হালধি অনিমিত জোখৰ হ'লেও নিজৰ ৰন্ধাটোকে খাও বুলি ভাড়াঘৰত সোমালো। পুনে চহৰত ঘৰভাড়া কৰি থকাও সহজ নহয়। লাইটৰ বিল, পানীৰ বিল, চচাইটিৰ বিল সব দিবলৈ কৰপৰেচন অফিচতো আহযাহ কৰিব লাগে। গেচৰ চিলিন্ডাৰ বা তৰকাৰী- ৰেচনৰ বজাৰৰ কথা নকলেও হ'ব। দৌৰাদৌৰিকে অফিচতো যাব লাগে। মুঠৰ ওপৰত নানানটা কাম। অফিচ কেন্টিনৰ খানাও বৰ সন্তোষজনক নহয়। তথাপি বিভিন্ন খাদ্য মেনুত থাকে বাবে প্ৰায়ে খোৱা হয়। কেতিয়াবা আকৌ টিফিনটোও শুৱনী কৰি নিও। মংগেশ কদম মোৰ ক'লিগ হোৱাৰ লগতে ভাল বন্ধুও। তাৰ মাকে বিভিন্ন চাটনি টিফিনত দিয়ে, যাৰ ভাগ নিসংকোচে লও। মনালী বঘালক পাগল বুলি জোকাও যদিও তাইৰ টিফিনত অহা ছীৰা বা পোলীৰ সোৱাদ লৈ থাকো। ৱাঘমাৰে চাৰক 'এক ভী চুহা নামাৰে' আৰু বৈভৱ মানে, 'কুছ ভী নামানে ' বুলি চুপতি মাৰিলেও তেঁওলোক দুয়োজনৰ টিফিনত অহা আৰুবড়ী বা ছখলী বা অন্য ব্যন্জনত মোৰ আগ্ৰহ থকা বুলি জানিয়েই দুয়োজনে প্ৰায়ে মোৰ লগত লান্স কৰে। এই সুযোগতে মই বিভিন্ন মহাৰাস্টীয়ান, গুজৰাটী বা ৰাজস্থানী খাদ্যৰ জুতি লব পাইছিলো। এতিয়া কথা হ'ল আনৰ চুৱাপাত চেলেকা বুলি মাৰ গালি খালেও, নিজেও কিন্তু কিবা কিবি বনাই নিও। ভাজি অলপ বেচিকৈয়ে নিও যদিহে সোৱাদ হোৱা বুলি অনুভৱ কৰো। এবাৰ সপ্তাহান্তিকৰ কথা। ফ্লেটৰ ইন্টেনচিভ ক্লিনিং কৰাৰ নামত মহ - মাখি - পঁইতাচোৰাৰ বংশ জহন্নামত পঠিয়াই, লাইজলৰ সুগন্ধিৰে কোঠাকেইটা সুবাসিত কৰি, সপ্তাহটোৰ পাপ (কাপোৰ) ধুই, কোনোমতে চাৱাৰৰ তলত গংগাস্নান কৰি উঠি এবাতি কাণ্ডা-পোহে অলপ খাই বাগৰ দিছো। দুপৰীয়া বাৰমান বাজিছে। অলপ পিচত ভাত ৰান্ধিম বুলি ভাৱি থৈছো। ফোনটো বাজিল। মংগেশে ফোন কৰিছে : চন্দু তু কিধৰ হে? ( বন্ধু মহলত চন্দু নাম বিখ্যাত) : ঘৰ পে হু, কিয়ু? : চুন না, হমলোগ মতলৱ মে অঐৰ কিশোৰ ভাউ, তেৰে চাইড আয়ে থে। চোচা তেৰেকো মিল লে। এ বতা তু জল্দি জল্দি ক্যা বনা চকতী হ্যে? : য়াৰ বহুত কন্টাল (এলেহুৱা,মাৰাঠী শব্দ) লগ ৰহা হ্যে। জ্যাদাটো কুচ নহী পৰ ৱেবকুফ বনা চকতী হ্যু। আযা ভাই ………… বি.দ্ৰ. : ৱেবকুফ শব্দৰ অৰ্থ ক'ব লাগিব জানো?
L

Comments

Popular posts from this blog

তথ্য উদ্ধাৰ -১ শকাব্দ/ খ্ৰীষ্টাব্দ

অনুগল্প

মহা মহা পুৰুষৰ চানেকিৰে জীৱন (খ)