মানুহ - অমানুহ শৃংখল
মানুহ - অমানুহ শৃংখল
খণ্ড ৪: পৰিৱৰ্ত্তন
নামঘৰলে যোৱা পথত দুজনী মহিলাৰ বাৰ্তালাপ শুনিলো। একেবাৰে সমাজৰ আগশাৰীৰ ভব্যগব্য মহিলা। শিক্ষিতা আৰু সংস্কাৰকামী। দুয়োজনৰে চৰকাৰৰ কিছুুমান নিয়মৰ ওপৰত বিৰক্তি।
: এইবাৰ চৰকাৰে পৰিৱৰৰত্ত্ন আনিম বুলি কৈছে যেতিয়া ভালদিন আহিবই । মন্ত্ৰীয়ে কৈছেযে পৰিৱৰ্ত্তন অকলে অহা বস্তু নহয়, ৰাইজ আৰু চৰকাৰ দুয়োৰে অৱদান থাকিব লাগিব। হয় দিয়ক বাইদেও ,সজ কথা কৈছে।
: এৰা, আগৱাঢ়িব লাগিলে, অলপ অচৰপ এৰা ধৰাও কৰিব লাগে।
: আমাৰ পাপলুয়ে এইবাৰ শতকৰা ৯৮ নম্বৰ পাইছে । লৰাটোই ভালকে পাছ কৰিলে আমাৰেই সৌভাগ্য দিয়কচোন।
:হেিৰ নহয় , আমাৰ ইহতে কৈছে যে পাপলুয়ে প্ৰথম দহজনৰ ভিতৰত স্থান পাব লাগে। অৱশ্যে পপিজনীয়ো পঢ়াত বেয়া নহয়।
: তাই ভালেই, পিছে ছোৱালীজনীয়েতো আৰু ল'ৰাৰ দৰে কৰিব নোৱাৰে। বছৰেকীয়া পৰীক্ষাৰ সময়ত তাইৰ মাহেকীয়া হোৱাত দুখনকে পেপাৰ দিবই নোৱাৰিলে। সেয়ে তাইক লৈ বিশেষ ভবা নাই এতিয়া। হেডছাৰে কিন্তু পাপলুক বৰ গুৰুত্ব দিয়ে।
: ইহতৰ স্কুলৰ হেডছাৰ জন বৰ কাঢ়া । মাস্টৰ বোৰে ছুটি সুধি কেক কেকাই থাকিলে চিধাই না কৈ দিয়ে। নহলেনো স্কুলৰ ৰিজাল্ট ইমান ভাল হয়নে?
: ছাত্ৰক নিজৰ ল'ৰা ছোৱালিৰ নিচিনা আগ্ৰহেৰে পঢ়ুৱালেহে ভাল ফল আশা কৰিব পাৰি। মাসটৰ বিলাকক কাঢ়া শাসন নকৰিলে ভাল ৰিজাল্ট কত হবনো?
: মই মাজতে এটা কথা শুনিছিলো । এইযে শইকীয়াৰ বোৱাৰীজনী, তাই বেটি কম নেকি?
: কি হ'লনো, মোক কোনেও কোৱা নাই দেখোন।
: হবনো কি আছে। আজিকালিৰ আধুনিক বোৱাৰি, নীতি নিয়ম কিয় মানিব আকৌ?
: তাই সেই টেটৰ মাস্টৰণী নহয় জানো?
: অ, চাকৰি পাই একেবাৰে ওভট গোৰে নাচিছে। সিদিনা গুনোৎস্ৱ নে কি বুলি কৈ দেৰিকে আহিছে। তাতে একো নোকোৱা দেখি তাই আৰু বাঢ়ি গল। পিছদিনা মাহেকীয়া গাৰেই তাই স্কুল যাব ওলাইছিল। ভাগ্যে শইকীয়ানী বাইদেৱে ৰখালে । বিদ্যামন্দিৰত এনে অধৰ্ম কৰিলে আমাকোযে পাপে চুৱ।
বাকীখিনি শুনাৰ ধৰ্য্য আৰু নহল, মই খৰখোজেৰে আগুৱাঢ়িলো।
::;;;:::::::;;;:::::;;;;::::::::;:;
খণ্ড - ৫: মানৱতা
সমাজ সেৱা বিভাগত স্নাতকোত্তৰ পঢ়ি থকা অন্তিম বৰ্ষৰ ল'ৰা ছোৱালীখিনিৰ লগত এটা ছাৰ্ভে কৰিব লাগে। আজিকালি প্ৰেক্টীকেল নকৰিলে কোৰ্চ সম্পূৰ্ণ নহয়।
গন্তব্য স্থল দুৰ নহলেও প্ৰায় ৩ ঘন্টামানৰ যাত্ৰা । তাতেই পাহাৰুৱা ঠাই হোৱা কাৰণে অসুবিধা আৰু বাঢ়িল। একাবেকা ৰাস্তাত বাছখনে পকাব লোৱাৰে পৰা ল'ৰা ছোৱালীহতে বমি কৰা আৰম্ভ। দুবাৰো ৰখাই চাহ পানী খুৱাই আৰু পেচাব কৰিবলৈও গাড়ী ৰখাই ৰখাই আহোতে আৰু সময় অপচয় হ'ল।
অৱশেষত লক্ষ্যস্থান পালোহি । ল'ৰাছোৱালী হতক ভাগে ভাগে যোৱাৰ ব্যৱস্থা কৰি মই পিয়ন দুটাৰ লগত খোৱাৰ যোগাৰত লাগিলো। প্ৰায় ৩ ঘন্টামানৰ মুৰত সকলোখিনি আহি গোট খালে। এতিয়া ভাত খাই সোনকালে ওলায় যাব লাগে ।
ভাত খায় থাকোতেই হুৱাদুৱা লাগিল । কি হ'ল চাবলে মোৰ ঘুৰাব লওতেই দেখিলো কোনোবা এজনীয়ে ভাতৰ পাততেই বমি কৰি দিছে। ওচৰত বহা কেইজনেও ভাত খাব এৰি দৌৰ মাৰিছে।
গাৰ্গীয়ে মোৰ ফালে দৌৰী আহিল । চাৰ, সোনাক্ষীৰ গাতো বৰ বেয়া। বাছতো তাই ৩ বাৰমান বমি কৰিছে। চাৰ্ভে কৰিব যাঁওতেও ২ বাৰ মান কৰিছে। এতিয়া ভাত খাই থাকোতেও তাই বমি কৰি দিলে। তাই বমি কৰা বাবে বাকি বিলাকেও ভাত খাব নোৱাৰিলে।
: তাই কিবা দৰৱপাতি খোৱা নাই নেকি?
: নাই চাৰ, লিপস্টিক লগাবহে জানে, কৰবাত গ'লে দৰৱপাতি লগত নিৱ লাগে বুলি জ্ঞান থাকিলেহে।
: তোমাৰ তাত আছে যদি খাব দিয়া আৰু অলপ দেৰি শুব দিয়া , ভাল পাই যাব।
মই বস্তুবাহানি সামৰিব ললো, বেলি ডুবাৰ আগতেই এই স্থান এৰিব লাগিব।
অলপ পিছত গাৰ্গী দৌৰি আহিল। চাৰ, মোক আৰু কেতিয়াও সোনাক্ষীৰ লগত যোৰা লগাই কাম নিদিব।
:কিয়?
: চাৰ আপুনি নাজানে, তাই কি কৈছে মোক।
: কি?
: আপুনি কোৱা বাবেই মই আৰু গীতালি বমিৰ টেবলেত এভোমিন এটা আৰু গেস্টিকৰ টেবলেত ডাইজিন এটা লৈ গৈছিলো। দৰৱ দেখি সোনাক্ষীয়ে ক'লেযে , এই দৰৱ খুৱাই আমি হেনো তাইক কিবা কৰি দিম। আমি দিয়া দৰৱ খায় তাইৰ গা বেয়াহে হব হেনো। তাইযে বাচত মোৰ গাতেই বমি কৰি দিছিল, পাহৰি গ'ল চাগে। চাৰ মোক আৰু তাইক চাবলে নকব বুলি চকুপানী টুকি তাই গ'লগৈ।
মই তভক মাৰি ৰ'লো। মনতে ভাবিলো, এনেকুৱা মানসিকতাৰ ছাত্ৰ - ছাত্ৰীৰে সমাজসেৱা কৰিবলৈ আমি ভাটৌৰ সৃস্টি কৰিছো নে প্ৰমানপত্ৰ বিতৰণৰ ব্যৱস্থাটোক চালুকীয়া অৱস্থাত ৰাখিছো?
Comments
Post a Comment