নতুন সংকলন (ক)

নতুন চিন্তা, নতুন সংকলন :(ক) প্ৰশ্নবোধক ?? কেইবছৰ মান আগতে বাতৰি কাকত এখনত এটা ছৱি দেখিছিলো। তিনিখন ভৰি আৰু চতুৰ্থটো এটা প্ৰশ্নবোধক চিহ্ন। ভৰি তিনিখন আছিল পণ্ডিত নেহৰু, ইন্দিৰা প্ৰিয়দৰ্শিনী আৰু ৰাজীৱ গান্ধীৰ আৰু ক্ৰমশ সৰু হৈ অহা। প্ৰশ্নবোধকটো আজিও মনত সোমাই থাকিল। ভুল নুবুজিব সেই প্ৰশ্নবোধক মোৰ নিজৰ, নিজৰ অস্তিত্বৰহে। আজি দেউতাৰ দিন। মোৰ নহয়, সকলোৰে। দেউতাৰ দিনত মোৰ চিৰ নমস্য দেউতাৰ কাহিনী এটাই কও। ৭০ দশকৰ কথা। মোৰ দেউতাৰ তেতিয়া হেনো দৰ্মহা ২০০ নে ৩০০ টকা। দৰ্মহাৰ টকাখিনি আনি বৌয়েক, মানে বৰমাৰ হাতত দিয়ে। তেৰ বছৰ বয়সতে আইতাক হেৰুওৱাৰ কেবাবছৰ পিচত ঘৰখনত বৰমা আহোতে দেউতা খুৰা সকলো সুখী। কৈশোৰ অৱস্থাৰ পৰা ভাত ৰান্ধি,ঘৰৰ কাম কৰি, পঢ়া শুনা কৰি চাকৰিত সোমোৱা দেউতাই বৌৱেকে দিনে দিয়া দুটকা পাঁচ টকাৰেই দিনটো চলে। কেতিয়াবা তাৰপৰা টকা ৰাহিও কৰে। নিজৰ বুলিবলে দুটা নে তিনিটা চাৰ্ট আৰু এটা লং পেন্ট। ঠাণ্ডাৰ দিনত বৰ কস্ট পাই, ঠাণ্ডাই ঠাণ্ডাই চাইকেল চলাই কামত যাবলে। তথাপি কৰ্মস্পৃহাই সকলো তল পেলাই জীৱনক দিছিল স্বচন্দতা। পুহমহীয়া জাৰ। কোনোমতে অলপ পইচা যোগাৰ কৰি এটা উলেন চোলা চিলাই আনিলে। গা পা ধুই দিনটোৰ কাৰনে ৰেডী হ'ল। নতুন কাপোৰ পিন্ধি যাব কাৰণে মনতো অলপ উৎফুল্লিত হৈ আছে। চোলাটো গাত ভৰাই বুটাম কেইটা মাৰিব লৈছেহে, গাঁৱৰ এজন মানুহ ঠাণ্ডাত কঁপি কঁপি আহি চোতালত থিয় দিলে। কি হ'ল বুলি দেউতাই সুধিবহে পালে, তেখেতে কান্দি কান্দি ক'লে যে যোৱা দুৰাতি ঠাণ্ডাৰ কোবত তেঁও শুৱ পৰা নাই। নৰাৰ বিচনাত শুইচে যদিও উম লৱ পৰাকে কাপোৰ নাই। ফটা এড়ী ছাদৰখনেৰে তেঁও বৰ এটা সুবিধা পোৱা নাই। তাৰোপৰি তেঁওৰ গাত চোলা নাই, গেন্জিও নাই। গতিকে খালি গাতোৰে কেনেকে টোপনি আহিব? যোৱাকালি দৰ্জিৰ মুখত শুনা পাইছে যে দেউতাই এটা উমাল চোলা চিলাই আনিচে। গতিকে দয়া কৰি দেউতাই তেখেতক সেই চোলাটো দিব লাগে। হেপাহেৰে অনা চোলাটো খুলি দেউতাই লগে লগে মানুহজনক দি দিছিল, অকনো দ্বিধাবোধ নকৰাকৈ। হাঁহি ঘৰৰ ভিতৰ সোমাই পুৰনা চাৰ্টটোকে পিন্ধি ওলাই গৈছিল। এয়া মই আন এজন গঁঞাৰ মুখত শুনা কাহিনীহে। মোৰ দেউতাৰ জীৱন কালত এনে বহুতো ঘটনা ঘটিছে বুলি আমাক অইনে কৈছে। কাৰন এটাই, দেউতাই নিজৰ কথা আমাক নকৈছিল। দেউতা সিপুৰীলৈ যোৱা এদশকেই হ'ব। নিজেও কিবা কিবি কৰিব চাও, কিন্তু মনত এষাৰ কথাই আহে দেউতাৰ নিচিনা বিশাল মনৰ অধিকাৰী হ'ব পাৰিচোনে? প্ৰশ্নবোধকটো কিবা গাত লাগিয়েই আছে।

Comments

Popular posts from this blog

তথ্য উদ্ধাৰ -১ শকাব্দ/ খ্ৰীষ্টাব্দ

অনুগল্প

মহা মহা পুৰুষৰ চানেকিৰে জীৱন (খ)