ফটানাম
ফটানাম
আইকে প্ৰণাম কৰো
দুই চৰনে ধৰো
মোচা কোচা ঠাইখিনিত
হামকুৰি খাই পৰো।
তাৰিনী অহে মাই
তাৰিলা মোকেহে
ধৰণী অহে মাই
ধৰিলা মোকেহে।
অ গুৰু শংকৰ
ভিতৰলৈ লৰ মাৰ।
সৰস্বতী , মৰা মকৰা
পানীৰ তলৰ পকা চপৰা।
ৰাম জয় জয়
হৰি জয় জয়
গিৰিহঁতৰ চোতালতে
ভাং পৰি ৰয়।
ৰাম জয় জয়
হৰি জয় জয়
এক চিলিম টানি ল'লো
আমাৰ দোষ নাই।
শংকৰদেৱ কিনো তোমাৰ লীলা
দময়ন্তীক ৰাঘৱে পলুৱাই নিলা।
শংকৰদেৱ কিনো তোমাৰ লীলা
অতবোৰ ভকতক চাহ গজা খাব দিলা।
Comments
Post a Comment