অনুগল্প শৃংখল - ৩৪
অনুগল্প : শীলা
নামটোৰ কাৰনেই তাইৰ বৰ দুৰ্ভোগ। কি কৰিবনো? হলধৰ পন্ডিতে দিয়া নাম বুলি বাপেকে নামটো সলাবও নিদিয়ে। ইফালে শীলা বুলি নামাতি স্কুলত চবেই খিলা খিলা বুলি মাতে। ৰূপকে মাত্ৰ চিলা বুলি মাতে। ৰূপকে হিন্দী চিনেমাৰ স্টাইলত মাতে কাৰনে তাইৰ ভাল লাগে। পিেচ গনেশৰ কথাটো সহ্য নহয়। শীলাৰ বাপেকৰ লগত গনেশৰ বাপেক সখি। গতিকে তাৱৈয়েকৰ ছোৱালীজনীক ভালপালে দুয়োঘৰে মানিব বুলিও তাৰ বিশ্বাস। পিচে শীলাইহে তাক বৰ এটা গুৰুত্ব নিদিয়ে। এইবাৰ তাৰ দুই নম্বৰ প্ৰেমপত্ৰখনত তাইক ইচ্ছা কৰিয়েই "শিলাদেবী, মোৰ বুকুৰ মৰম তোমাৰ হিয়াৰ শিলটোত থেকেচি নাভাঙিবা নিশ্চয় " বুলি লিখিয়েই পেলালে। পিচে নাই শীলাৰ কোনো উত্তৰ নাই, গুৰুত্বও নাই। শীলাৰ মনতো আজি দুদিন মানৰ পৰা ভাল লাগি আছে। হওক তেও, ভগৱানে তাইৰ কথা শুনিলে। তাইৰ নামটো বিখ্যাত হৈ গ'ল। টিভি, ৰেডিঅ', মবাইল চবতে তাইৰ নাম। কথাটো হিংসাকুৰীয়া নমিতাই মানি লবই নোখোজে। সেয়ে আজি তাই নমিতাক ঘৰত মাতি আনিছে। টিভিটো লগাই দি নিজেও নাচিব লৈছে, " মাই নেম ইজ শীলা, শীলা কি জৱানী।"

Comments
Post a Comment