সৰু সৰু কথা শৃংখল -১৫

সৰু সৰু কথা : সময় সঁচা কবলৈ গ'লে সময়ৰ মূল্য এতিয়াও ভালকে দিব বা লব জনা হোৱাই নাই। অৱশ্যে স্কুল , কলেজ বা অফিচত সময় মতে উপস্থিত হৈছো। পৰীক্ষাগৃহৰ সেই তিনিঘণ্টা সময়! প্ৰতিটো মিনিটৰ হিচাপ কৰি সেই সময়বোৰ পাৰ কৰিছো। তাতোকৈ ডাঙৰ কথা আছিল, প্ৰেজেন্টেচন দিয়া বা ইন্টাৰভীউ সময়বোৰ। কথা, চন্দ, গতি আৰু গভীৰতা, কতো কম বেচি কৰিব নোৱাৰি। সাৱলীল নহ'লে আউট অফ ডা ট্ৰেক। গুৱাহাটি মহানগৰ হ'লেও আমাৰ বাছ সেৱা এতিয়াও সময়ানুৱৰ্তি নহয়। এখন চিটিবাছে চহৰৰ এটা মুৰৰ পৰা আনটো মুৰত পাবলে, দুইৰ পৰা তিনি ঘণ্টা সময় লগাবই। একেদৰে স্টেটবাছবোৰ। ১৫০ কিলোমিটাৰ অতিক্ৰম কৰিবলৈ ৫ ঘণ্টা সময় লগোৱা মানে প্ৰতি ঘণ্টাত মাত্ৰ ৩০ কিলোমিটাৰ চলা। বাটপথ বেয়া মানিছো। কিন্তু ইমানেই বেয়ানে ? অন্য মহানগৰীত বাছ এখন এটা স্টপেজত ২ মিনিটৰ বেচি নৰখে। গাড়ীৰে যাত্ৰীক নহয় যাত্ৰীয়েহে গাড়ী ৰখে। আৰম্ভণিৰ পৰা অন্তিম স্টপেজ পাবলে ধৰা বন্ধা সময়তকে বেচি সময় লব নোৱাৰে। পেনাল্টী ফৰ ডিলেই। সেইবোৰ মহানগৰৰ ট্ৰেফিক আমাৰ গুৱাহাটিতকে বহুগুনে বেচি। কথাটো হ'ল সুপৰিকল্পনা আৰু সদিচ্চাৰ। সময় সলনি হ'ল। সেই সলনি হোৱা সময়ৰ পৰিচয় আমাৰ সাজপোচাক, জীৱনধাৰনৰ মানদন্ডত দিয়াৰ দৰেই দিব লাগিব এনেকুৱা কিছুমান সৰু ডাঙৰ প্ৰক্ৰিয়াৰে। বাছৰ গতি নাবাঢ়িলে বাঢ়িব নিজস্ব বাহনৰ সংখ্যা, ট্ৰেফিক, ইন্ধনৰ দাম, প্ৰদুষণ আৰু কত কি আনুসংগিক বয়বস্তু আৰু পৰিবেশ। আজিৰ পৰা কেই বছৰমান আগৰ কথা। মধ্য প্ৰদেশৰ ইন্দোৰত এটি কোম্পানিৰ লগত এটা কৰ্মপ্ৰক্ৰিয়াৰ কথা চলি আছিল। মানে কামটোৰ বাবে মোৰ ফালৰ পৰা কমিটমেন্ট বিচাৰি আছিল। মইহে কিবা কনফিদেন্ট হব পৰা নাছিলো, কামটো লৈ। চহৰখন নতুন আছিল,বাটপথ বোৰো অচিনাকি। প্ৰথম দিনা বন্ধু এজনৰ সহযোগত ওলালোগৈ। কিন্তু ডিলটো ফাইনেল হোৱা নাছিল। কাৰনটো কৈছোৱেই। পিচদিনা মিটিং এখন দিলে ৯ বজাত। সেইখন মিটিঙত সকলো কথা ফাইনেল কৰাৰ কথা, যদিওবা ক্লজ আৰু অন্য কথাবোৰ ইতিমধ্যেই আলোচনা হৈ গৈছিল। পিচদিনা মই অকলেই ওলালো গাড়ী এখন ভাড়া কৰি। সেইটো অঞ্চল পোৱাৰ আগতেই ইফাল সিফাল হ'ল। মানে সঠিক ৰাস্টাটো নাপালো। ফলত ৫ মিনিট দেৰি হ'ল। অবিশ্বাস্যভাৱেই মোৰ সেই ৫ মিনিটৰ দেৰিটোকে মোৰ অনাস্থা চিহ্ন হিচাপে গন্য কৰা হ'ল। ডীলটো হেৰুৱালো, পালো অন্য এক জীৱনযোৰা শিক্ষা। এবাৰ জৱ ৱি মেটৰ পুনৰাবৃত্তি হৈছিল আমুকিৰ লগত। কভী ট্ৰেন নহি চুটি বুলি ডায়লগ মাৰোতেই চেন্ডেলৰ ফিটা চিঙিল। থিক থাক কৰি স্টেচন পাও মানে ৰেলখনৰ শেষৰ ডবাটোৰ ক্ৰচ চিনটোহে দেখিলো। যোৱাটো দৰকাৰী আছিল বাবে অন্য এখন ৰেলত সুধিলো, ক'লে যে নিৰ্দিস্ট সময়ত গৈ নাপাম। এইখন ৰেল ১০০ কিলোমিটাৰ দুৰত পিচৰ স্টেচনটো এঘণ্টা ৰখিব। দৌৰাদৌৰিকৈ টেক্সি এখন ধৰিলো। যাত্ৰাৰ গভীৰ সংশয়ৰ কথা অৱগত কৰিলো। হব বুলি বহিব দিলে। কিন্তু ৫ মিনিট ৫ মিনিট কৰি ২০ মিনিট তাতেই পাৰ কৰিলে। মাজতে এবাৰ চাহৰ ব্ৰেক। মুঠৰ ওপৰত গন্তব্য স্থান পাও মানে উদ্দেশ্যই অতীত হ'ল। সেইখন ৰেল ধৰিব নোৱাৰিলো। ৰাতি দহ বজাত জনশূন্য অন্ধকাৰ স্টেচনটোৰ বেঞ্চ এখনত বহি জীৱনে দিয়া দ্বিতীয়টো শিক্ষাৰ পাঠটো লিখি ল'লো।

Comments

Popular posts from this blog

তথ্য উদ্ধাৰ -১ শকাব্দ/ খ্ৰীষ্টাব্দ

অনুগল্প

মহা মহা পুৰুষৰ চানেকিৰে জীৱন (খ)