চৰকাৰী চাকৰি

চৰকাৰী চাকৰি খণ্ড - ( ৫ ) অৱশেষত পৰীক্ষাৰ দিনতো আহি পালে। ৯ বজাৰ পৰা পৰীক্ষা নাম থকা শিক্ষানুস্থান এখনত। পৰীক্ষাৰ ৯০ মিনিট আগত গৈ উপস্থিত হব লাগিব। হেহ!!! ৯ টা বজাৰ ৯০ মিনিট আগত মানে?? শিক্ষানুস্থানখন নাম থকা হ'লেও চহৰৰ একেবাৰে চুকত। মানে বাছত গ'লে এঘণ্টাৰ কম নালাগিব। উপায় নাই যত্ন কৰিলেহে ৰত্ন পায় । গতিকে দোকমোকালিতে উঠি ওলায় আহিলো ঘৰৰ পৰা । অলপ ঠাণ্ডা আৰু কুৱলীৰ আৰে আৰে গৈ বাছস্টেণ্ডত থিয় দিলো। ৫ বজাৰ প্ৰথম বাছখনৰ কথা শুনিছিলোহে, কেতিয়াও যাত্ৰা কৰিব লগা হোৱা নাছিল। পিছে ভবাতকে যাত্ৰা ভালেই হ'ল। ৰাতিপুৱা খালি ৰাস্তাত কম বেগত চলালেও বাছখনে সময়তকে আগতেই আহি গন্তব্যস্থান পালেহি। শিক্ষানুস্থানখন বিচাৰি পোৱাত অসুবিধা নহ'ল, কাৰন শাৰী শাৰী কৈ গৈ থকা , গুনগুনাই মুষস্থমাতি থকা জুমবোৰ যিফালে গৈ আছে দেখিলেই বুজিব পাৰি লক্ষ্যস্থান কি হব। ৭ বজাতেই পৰীক্ষাকেন্দ্ৰৰ বাহিৰত একেবাৰে মেলা লাগিছে। কোনোবাই একে উশাহতে কিতাপৰ পাত লুতিয়াইছে যেন এইখিনি মিচ হৈ গলে পৰীক্ষা দি লাভেই নাই; কোনোবাই আকৌ মবাইলত ফোন কৰি কিমান কস্টেৰে এইখিনি পালেহি খবৰ দিছেহি। কিছুমান অালফুল সন্তানৰ পিতৃ মাতৃয়ে গাড়ীৰ কাচ নমাই অন্যক নিৰীক্ষণ কৰিছে, তেঁওলোকৰ অনুমতি অবিহনে সন্তানে গাড়ীৰপৰা নামিবলৈও অধিকাৰ নাই। এজনে কেটলিত ৰঙা চাহ লৈ ঘুৰি ফুৰিছে। ময়ো সুযোগতে অলপ ফ্ৰেচ হৈ লও বুলি চাহ দোকানিজনক মাত দিও বুলি লওতেই দেখিলো , হেমন্তই মোক মাতি আছে। মই চাহৰ পইছাটো দি তাৰ ফালে ঘুৰোতেই দেখিলো সি তিনিটামান মোবাইল লৈ আহিছে, মোৰ পাৰ্চতোত থবলে লাগে। মবাইল নিয়া মানা আছে, পৰীক্ষাগৃহত। কিন্তু আজিৰ দিনৰ মবাইল নোহোৱাকে থাকে কোনে আৰু মবাইল নোলোৱাকে ঘৰৰ বাহিৰ ওলাবনো কোনে? মই ফোন কেইটা পাৰ্চটোত ভৰালো। ইতিমধ্যে গেট খোল খাইছে আৰু লাইনটো দীঘল হৈ গৈ আছে। অলপ পিছত মন কৰিলো হৈ ছৈ বাঢ়ি গৈ আছে আৰু বহুতে ঘুৰি আহি আছে। কিছুমান গাড়ীৰফালেও আগবাঢ়িছে। ওচৰ পাই গম পালো, এডমিত কাৰ্ড আৰু কলমটোৰ বাহিৰে মাত্ৰ মানুহ নামৰ প্ৰাণীহে ভিতৰ সোমাব পাৰে। অহ, পাৰ্চ মেইন গেটৰ সৰু কোঠাটোত ভগবানৰ ভৰসাত থৈ যাব লাগিব। পৰীক্ষাৰ আগমুহূৰ্তত আৰু বিশেষ ভবা চিন্তা কৰিব মন নগ'ল। যি হয় হব বুলি পাৰ্চটো থৈ ভিতৰ সোমালো। ৰোল নম্বৰ মতে কোঠা বিচাৰি বিচাৰি শেষত গৈ নিজৰ চিটতো পালো। আহি থকা সময়খিনি ভালদৰে পাৰ হওক বুলি ভগৱানক মনতে সুমৰি তাত বহি গ'লো। অলপ পিছত প্ৰায় ৫০ৰ উৰ্ধৰ জোখতকে ডাঙৰ এজোৰ বিতচকু পিন্ধি মেডাম এজনী সোমাল। হাতত তেখেতৰ লেডাৰৰ পাৰ্চ আৰু একেবাৰে হাই নহ'লেও মিডিয়াম জোখৰ হিল পিন্ধি খটখট শব্দৰে একেবাৰে ঢামাকা এন্ট্ৰী। মেডামে নিজৰ বয়বস্তুখিনি টেবুলত থৈ আৰামকে বহি ল'লে। তাৰ পিছত বহি থকা ২০ গৰাকী পৰীক্ষাৰ্থীৰ ফালে এনে এটা চাৱনী দিলে জানোছা আমিবোৰে পৰীক্ষা দিবলে নহয় বেংক লুটিবলৈহে বহি আছো। তাৰপিছত মেডাম উঠিল আৰু কোঠাটোত তিনিটা মান ৰাউণ্ড দিলে। মেডামে প্ৰতিজন পৰীক্ষাৰ্থীৰ এডমিট কাৰ্ড আৰু চিট নম্বৰ ভেৰিফাই কৰি গৈ থাকিল এটা এটাকৈ। মোৰফালে অহাত মই মোৰ এডমিট কাৰ্ডখন আগবঢ়াই দিলো। হঠাৎ মোৰ ফালে চাই কৰ্কসতম মাতেৰে চিঞৰি উঠিল : এইখনটো তোমাৰ ফটো নহয়? ফটোত চছমা নাই, পৰীক্ষা দিবলে চছমা পিন্ধি আহিছা। তুমি বুলি কেনেকে মানি লব পাৰো? বা - ভন্তিৰ হৈ পৰীক্ষা দিবলৈ আহিছা তোমালোকৰ নিচিনা পৰীক্ষাৰ্থীক বহিস্কাৰ কৰিহে এৰিম। মোৰো ধৈৰ্য্যৰ বান্ধ খোল খালে । ময়ো কৈ দিলো,মেডাম আপুনি যদি ফটোখন মোৰ নহয় বুলি প্ৰমাণ কৰিব পাৰে তেন্তে ময়ো যি ব্যৱস্থা লয় মানি লম , এতিয়া মোক শান্তিত পৰীক্ষা দিবলৈ দিয়ক। তেখেতৰ চিঞৰত ওচৰৰ কোঠাৰ পৰাও অন্য নিৰীক্ষক সকল আহি পাইছিল। তেঁওলোকেও ফটোৰ লগত মোৰ মুখৰ কোনো বৈসাদৃশ্য দেখা নাপালে। শেষত মুখ্য নিৰীক্ষকেও মানি ললে যে পাচপোৰ্ট ফটো তোলাৰ সময়ত বিতচকু ব্যৱহাৰ কৰা নহয় আৰু এডমিট কাৰ্ডত সেয়া মোৰেই ফটো। ০০০০০০০০০০০০০০০০০০০০০০০০

Comments

Popular posts from this blog

তথ্য উদ্ধাৰ -১ শকাব্দ/ খ্ৰীষ্টাব্দ

অনুগল্প

মহা মহা পুৰুষৰ চানেকিৰে জীৱন (খ)