চৰকাৰী চাকৰি খণ্ড: ৭

চৰকাৰী চাকৰি খণ্ড: ৭ : ল'ৰা ধেমালি স্থানীয় অনুষ্ঠানবোৰত যেতিয়া দান অনুদানৰ কথা আহে তেতিয়া আৰু ভূৱন হেডমাস্টৰে ৰৈ নাথাকে। মুক্ত হস্তে দান কৰিবলৈ তেখেতক তেখেতৰ পৰিবাৰেও হকা বাধা নকৰে। ভগৱন্তই কৰিলে সময়ত সকলো থিক হৈ যাব বুলি দুয়োজনাই বিশ্বাস কৰে। সময় সলনি হ'ল, অৱসৰ লোৱাৰ পিচত ভূৱন মাস্টৰৰ অৱস্থা পাতলিল। দুজনীকৈ বিবাহযোগ্য কন্যা আৰু কলেজত পঢ়ি থকা ল'ৰা দুটাৰ হোস্টেলৰ খৰচৰ পৰা আদি কৰি ঘৰ চলাবৰ জোখেৰে লাগতিয়াল টকা পইচাৰ নাটনি হোৱা হ'ল। পিচে পেন্চন অফিচ, ট্ৰেজাৰি অফিচৰ মেৰপাকত পৰি তথৈবচ হোৱা ভূৱনমাস্টৰে নীতি আৰু আদৰ্শৰ দোহাই দি নিজক সান্ত্বনা দিবলৈও চেস্টা কৰি আছিল। পিচে ভগৱন্তই তেখেতৰ কাৰণে ওপৰলৈ যোৱা টিকটটো সোনকালেই কাটি দিলে। চকুপানী মচি মচি তেখেতে অনুদান দিয়া আটাইকেইটা অনুষ্ঠানে ফুল আৰু গামোছাৰে প্ৰাণহিন দেহাটোক চিৰবিদায় দিলে। দেউতাকৰ মৃত্যুৰ পিছত ঘৰখন থানথিত লগাও বুলিয়ে বৰকন্যা জ্যোতিয়ে দুই এটা চাকৰিৰ বাবে যোগাযোগ কৰিলে। কাঠফুলাৰ দৰে বাঢ়ি অহা সেই অঞ্চলটোৰ কেবাখনো অনুষ্ঠানত ইন্টাৰভীউ দি জ্যোতি ভাগৰি পৰিল। মুখেৰে কোনেও একো নকলেও দেউতাকৰ অনুদানৰ ভঁৰালটো খালি থকাটোয়ে তাইৰ অযোগ্যতাৰ কাৰণ বুলি তাই বুজি উঠিছিল। কেইদিনমান আগতে দেউতাকৰ স্কুলখনতেই তৃতীয় বৰ্গৰ খালি হৈ থকা পোস্টটোৰ বাবে বিজ্ঞাপন ওলোৱা দেখি জ্যোতিয়ে তাতো এবাৰ চেস্টা চলাই চাও বুলি আবেদন জনালে। যাৱতীয় অৰ্হতা আৰু যোগ্যতা থকা জ্যোতিয়ে দিনে নিশাই প্ৰস্তুতি চলালে। ইন্টাৰভীউৰ আগদিনা জ্যোতিয়ে ৰূপাৰ পাৰ্লাৰত গৈ চেলাউৰিজুৰি থিক কৰি লও বুলি ঘৰৰ পৰা আবেলি ওলাল। পাৰ্লাৰৰ পৰাই ওলাই তাই পিৰপিৰাই থকা চেলাউৰিৰ অংশত হাতখন পিহি পিহি নিজক চম্ভালিব চেস্টা কৰি ঘৰমুৱা হৈছেহে, চিনাকি লক্ষ্যধৰ কলিতাদাই তাইৰ বাট আগছি ধৰিলে । থতমত খাই জ্যোতিয়ে কি হ'ল বুলি সুধিব লঁওতেই লক্ষ্যধৰ কলিতাই গৰজি উঠিল : চব কি তঁহতকেই লাগে নেকি? য'তেই নাযাৱ তাতেই পৰি থাকে! তোৰ বাপেৰে ২০ বছৰ হেডমাস্টৰি কৰিলে, তাৰপিছতো তঁহতৰ খক নুগুছে। তই , তই কেলেই ইস্কুলত এপ্লাই কৰিছ? চব চৰকাৰী চাকৰি তঁহতৰ ঘৰৰ মানুহেই লবি নেকি? কাইলে যদি তোক ঘৰৰ পৰা বাহিৰ ওলোৱা দেখো, ঠেং ভাঙি দিম। কথাখিনি কৈয়ে লক্ষ্যধৰে বাইকত স্টাৰ্ট দিলে। বাইকৰ ধোৱাখিনি জ্যোতিৰ বুকুলৈ উজাই আহিল। ০০০০০০০০০০০০০০০০০০০০০০০

Comments

Popular posts from this blog

তথ্য উদ্ধাৰ -১ শকাব্দ/ খ্ৰীষ্টাব্দ

অনুগল্প

মহা মহা পুৰুষৰ চানেকিৰে জীৱন (খ)