মহাদুস্টৰ মালিতা
মহাদুস্টৰ মালিতা
( ১) ৰিিক
সেইবাৰ গৈছিলো মামাৰ ঘৰত কেইদিন মান থকাকে। গৰমৰ বন্ধতো সেইবাৰ যাব পৰা নাছিলো, খুৰাৰ বিয়াৰ কাৰনে। সেয়ে বছৰেকীয়া পৰীক্ষা দিয়েই এদিনো নৰ'লো। পুৱাৰ ভাগত পেপাৰখন শেষ কৰিয়ে, ৩ বজাৰ বাছখন ধৰিলো। পৰীক্ষাৰ পিছৰ প্ৰায় এমহীয়া বন্ধতো মামাৰ ঘৰত কটাব নোৱাৰিলে মামাৰ ঘৰ থকাৰ মূল্যই নাই, এনেয়ে কয়নে নাই মোমাইতকে.......। মিকি বাৰ পিঠিৰ বেগটোত দুযোৰ মান কাপোৰ ভৰাই যাত্ৰা আৰম্ভ কৰিলো। গাড়ীৰ পৰা নামি মুন মামাৰ ঘৰলে আগবাঢ়িলো। মুন মামাই নতুন ঘৰতো কেইমাহমান আগতে সাজিছে, পুৰনা ঘৰৰ পৰা নাতিদুৰত। ফুট গধুলিৰ আগে আগে মামাৰ নতুন ঘৰৰ পদুলিৰ তিনিডলীয়া বাহৰ গেটখন খুলিলো। মামী ওলায় আহিল , পিচে পিচে তিনি বছৰীয়া ৰিকি। মুন মামাই নতুন ঘৰটোলে যোৱাৰ পৰা ৰিকি অলপ অকলশৰীয়া হৈ গৈছে। তাৰ সমনীয়া গোটেই কেইটা ল'ৰা ছোৱালীয়ে স্কুলত যোৱা আৰম্ভ হোৱাত সি পুৱা গধুলি অকলশৰেই খেলিব লগা হৈ গৈছিল। সেয়েহে তাৰ চকু আৰু কাণ তিনিডলীয়া বাহৰ গেটখনতেই থাকে। আমাক দেখি ৰিকিয়ে চিঞঁৰ এটা মাৰিলে ফূৰ্তিতে। তাৰ পিছত তাৰ বিশেষ ফুটা নুফুটা ভাষাৰে গান গাই গাই ভিতৰলে লৰ মাৰিলে। মামীৰ লগত আমিও ঘৰ সোমালো। ৰিকিৰ গান নাচ চলি আছে আমিও খা খবৰ লৈ থাকোতেই হঠাৎ ৰিকিৰ নাচ শেষ হ'ল আৰু সি গৈ ড্ৰয়িং ৰুমৰ নতুনকে কিনা ধুনীয়া ৰঙা বিচনা চাদৰখনত কামোৰ মাৰি চিঁঞৰি দিলে। সি দুখ পোৱা বুলি দৌৰি গ'লো। ৰিকিৰ নতুনকে গজা চোকা দাঁতৰ আঘাটৰ চিনস্বৰূপ ৰঙা বিচনা চাদৰৰ এক ঈন্চি দীঘল ফুটাটোৱে আমাক হাঁহি হাঁহি ক'লে " ৱেলকাম" । ০০০০০০০০০০০০০০০০০০০০০০০০০০০০

Comments
Post a Comment