সৰু সৰু কথা শৃংখল ৫

সৰু সৰু কথা : (৫) বীজ পৰিবেশ দিৱসৰ দিনাই গছপুলি ৰুই নিজক সচেতন নাগৰিক হিচাপে পৰিচয় দিব খোজা নাই। কিন্তু প্ৰতিজোপা পুলিয়ে মোৰ মৰমৰ অংশীদাৰ। নিজৰ মহানুভৱতাৰ ঢোল বজাব বিচৰা নাই কিন্তু বাইদেউৰ বিয়াৰ নামত ঘৰদুৱাৰ জিলিকোৱাৰ দায়িত্ব লোৱা মনেককাইক গোলাপ আৰু অন্য ফুল গছবোৰ কটা দেখি দেউতাৰ ওচৰত আপত্তি কৰাৰ লগতে তেখেতকো বেয়াকে দুআষাৰ শুনাইছিলো। কৰ্মসূত্ৰে কৰ্মচাৰীসকলৰ মনোবল বৃদ্ধি কৰা আৰু কৰ্মক্ষেত্ৰখন যৎপৰোনাস্তি সজাই ৰাখিবলৈ যত্ন কৰাৰ পৰিপ্ৰক্ষিততে সৰু গছপুলি এটাকো নিজৰ টেবুলত অলপ ঠাই দিছো। তদুপৰি মাহেকে পষেকে অনন্য চিন্তাধাৰাযুক্ত লেখনিসমুহ যুগুতকৰি কৰ্মচাৰীসকলৰ মাজত ইমেইলৰ সহায়ত প্ৰচাৰ কৰিবলৈ যত্ন কৰো। সেই সুখপাঠ্য লেখনিৰ মাজত এটা এনেকুৱা ধৰনৰ: জহকাল মানেই ফলমূলৰ বতৰ। ফল খাই বীজ পেলাই দিয়াটো আমাৰ স্বভাৱ। এইবাৰ তাকে নকৰি বেলেগ এটা পন্থা লও আহক। বীজসমুহ জমা কৰি ৰাখি যেতিয়া ফুৰিবলৈ ওলায় যায়, ৰাস্তাৰ কাষে কাষে গছ-বিৰীষহীন ঠাই বিলাক, বিশেষকৈ হাইৱেৰ কাষে কাষে সেই বীজ সমুহ সিঁচৰিত কৰক। ইয়াৰ ফল হিচাপে সুব বেছি দহ বছৰৰ ভিতৰত ঠাইখিনি সম্পূৰ্ণৰূপে সেউজীয়া হৈ পৰিব। পথাছাৰী বা কিশোৰসকলেও নিৰ্ভেজাল ফল খাই উপকৃত হব পাৰিব। মহাৰাস্ট্ৰৰ ৰত্নগিৰি অঞ্চলত এনেদৰে সেউজকৰণ কৰাৰ দৃস্টান্ত আছে। অৱশ্যে কথাখিনি প্ৰচাৰেই নহয় দেই, মই বাস্তৱিকতো মানিবলৈ চেস্টা কৰি আহিছো। ফটাঢোল বজোৱা নাইদেই। যোৱাটোবছৰৰ কথাচাগে। শিক্ষা মন্ত্ৰীয়ে ঘোষণা কৰিলে যে মাছূল ৰেহাই দিম কিন্তু মাথো এটা অনুৰোধ ৰাখিব লাগিব। মনত সাংঘাতিক ভাল লাগিল চৰ্তটো শুনি। বাহ: এটা প্ৰজন্মই মাছূলৰ বিনিময়ত কিমান ডাঙৰ অৱদান এটা দিবলৈ গৈ আছে! পিছে সপোন ভাঙিবলৈ দেৰি নালাগিল। গছৰ ঠাল-ঠেঙুলি মাটিত পুতি চেল্ফী দিয়া ছাত্ৰ-ছাত্ৰীক দেখি মনতো সেমেকিল। এনেকুৱা বীজ আমি সমাজত ৰোপণ কৰি থৈছো যেতিয়া অনাগত দিনবোৰ কি হ'বগৈ সহজেই অনুমেয়।

Comments

Popular posts from this blog

তথ্য উদ্ধাৰ -১ শকাব্দ/ খ্ৰীষ্টাব্দ

অনুগল্প

মহা মহা পুৰুষৰ চানেকিৰে জীৱন (খ)