মানুহ অমানুহ
মানুহ অমানুহ
খণ্ড ৮: মাতৃভাষা
(ক)
হাওড়াত প্ৰায় ৮-৯ ঘণ্টীয়া জিৰনি লব লগা হয়। কাৰন আমাৰ সোনৰ অসমলৈ ৰেল বিভাগৰ মাহী আইৰ দৃস্টি পৰাৰ সৌভাগ্যতে কৰবালে অহা যোৱা কৰিবলে মনস্থ কৰা মানে বাটৰ কচু গাত ঘহি লোৱা। বাৰু যি নহওক কিয় মন কৰিলে যিহেতু চন কৰিব লাগে, যাত্ৰা অলপ ভাল লগা হয় যদিহে সহযাত্ৰী অলপ ভাল হয়।
হাওড়া জংচনত জিৰনিকোঠাত বহি অকলশৰে অপেক্ষাৰ সময় নাযায় নুপুয়াই । তেতিয়া অৱশ্যে অত তত অসমীয়া ভাষাৰ গুনগুন শুনি মনতো ভাল লাগি যায়। শোভা বৰ্ধন কৰি দুই এখন অসমীয়া গামোচাই ভিজা ভিজা চুলি আৰু জিৰনিগৃহৰ ব্যৱহাৰৰ অযোগ্য চকীকেইখন ঢাকি থাকে।
মই মনতো স্বদেশ প্ৰেমেৰে শাত পেলাব লওতেই শুনা পালো
: তই কে.... ( অশ্্ৰাব্য ) ভালকে কাপোৰখিনি লব নোৱাৰিলি, মই এতিয়া গা ধুব যাবলে বা..... ( অশ্্ৰাব্য ) ডাঙৰ গামোছাখন নাই । তোৰ নিচিনা তিৰি বিয়া কৰাই মোৰ মা..... ( অশ্ৰাব্য ) বৰবাদ হৈ গৈছে। তোক আজি মই চেন্দেলেৰে কোবাম, কথা শেষ নহওতেই চেন্দেলযোৰ বতাহত উৰিল ।
( খ )
মোৰ মুখঅৱয়বত বা চাল চুলিত অসমীয়াৰ মাৰ্কাতো সহজে ধৰিব নোৱাৰে। অৱশ্যে কথাত অলপ অচৰপ প্ৰভাৱ আছে যদিও বছৰৰ সৰহভাগ সময় হিন্দী আৰু ইংৰাজী ভাষাৰ ব্যাৱহাৰে তাকো মচ খুৱাই পেলাই । সেয়েহে মই ধৰা নিদিলে কোনেও সহজতে মোক অসমীয়া বুলি কব নোৱাৰে।
সেইবাৰ মই যাব লগা হ'ল মুম্বাইৰ পৰা নাগপুৰলে । স্মাৰ্টফোন হাতত পৰা নাই, টিকেটো থাকিল আৰ. এ. চি.ত । গতিকে ট্ৰলি বেগতো চোচোৰাই চোচোৰাই ৰিজাৰভেচনৰ ফাইনাল চিটখন চাব গ'লো । পিচে এগাল মানুহৰ হেতাওপৰাৰ ফলত মোৰ অৱস্থা কাহিল। নোৱাৰো বুলি ভাবি বৰ্ডখনৰ ওচৰত থকা ওখ পিলাৰত ভেজা দিলো। কাৰন বেগ চোচোৰাই হাত বিষাই গৈছে আৰু ভাগৰো লাগিছে । এজন প্ৰায় ৬ ফুট মান ওখ আৰ. পি. এফ. জোৱান আহি তাতে থিয় দিলে আৰু মোক আতৰি দিবলে কলে। সেই ঠাইখিনিত থিয় হোৱাতো মানা আছে বুলি জনালে। মই তেখেতক অসুবিধাখিিন কোৱাত তেও নিজেই গৈ মোৰ ডবা আৰু চিট নম্বৰতো চাই দিলে । মই ধন্যবাদ জনাই আগবাঢ়িব লওতে আকৌ ভৰিখনত মোচোকা খাই দুখ পালো। জোৱানজন আগবাঢ়ি আহিল আৰু মোক নিৰ্দীস্ট ডবাতোলৈ আগবঢ়াই থবলে। তেখেতেই মোৰ বেগতো চোচোৰাই সকাহো দিলে। মোৰ বেগতো লৈ আগবাঢ়ি যোৱা বাবে মই মোচোকাখোৱা ভৰিখনেৰে খোজ ললো। তেখেতে যথা সময়ত সহায় আগবঢ়োৱা বাবে ময়ো অলপ সৌহাৰ্য্যসূচক কথা বতৰা আৰম্ভ কৰিলো। দুয়োজনে ডবাতোত যেতিয়া উঠো, মোৰ কম্পাৰ্টমেন্টতোত প্ৰায় ৭-৮ জন যুৱক। কথাৰ পৰা গম পালো, তাৰে এজন ল'ৰাই বহু বছৰৰ মুম্বাই জীৱন সামৰনি মাৰি অসম ঘুৰি যাব। সেয়েহে বাকি ৪-৫ জনে বিদায় জনাব আহিছে। আটাই কেইজনে বিদায়বেলাত আবেগিক হৈ পৰোতেই মই সোমাই আহিলো লগত আৰ্মিৰ চিকিউৰিতি লৈ। লগে লগে চকুৰ ইচাৰাৰ পৰা আৰম্ভ হৈ বিশুদ্ধ অসমীয়াত মোৰ বিষয়ে আলোচনাৰ সূত্ৰপাত হ'ল। ল'ৰা কেইজনে মোক অনাঅসমীয়া বুলি ভাবি ৰূপহী, চেনেহী, আৰু ক'ত কি বিশেষণ আছে তাৰ ব্যৱহাৰ কৰি বিদায় দিবলে অহা বন্ধুক যাত্ৰা শুভ হোৱাৰ ইঙ্গিত দি নামি গ'ল। মোক সহায় কৰা জোৱানজনো যাত্ৰা শুভ হোৱাৰ শুভকামনা জনাই আতৰি গ'ল।
ৰেলখনে গতি ল'লে। লগে লগে মোৰ সহযাত্ৰী দুই অসমীয়া ভাষীয়ে মোৰ কাপোৰৰ পৰা আৰম্ভ কৰি চুলিৰ ক্লিপটোলৈকে আলোচনা কৰি খুব ৰস পালে। মোৰ মোচোকা খোৱা ভৰিখনত অলপ বাম লগাই তাতেই বহি থাকিলো। কাৰণ ওপৰৰ বাৰ্থত উঠি যাবলে মোৰ ধৈৰ্য্য নাছিল। পিছে দুই বন্ধুৰ মোকলৈ চলা আলোচনাই মুৰৰ বিষ উঠালে। কোনোমতে আধা ঘণ্টা মান পিছত আন এটা স্টেচন আহিল য'ত এহাল পুৰুষ মহিলাই ল'ৰা এটা লৈ সোমাই আহিল। মই অলপ সকাহ পালো। মহিলাগৰাকীয়ে মোক ওপৰলৈ উঠি যোৱাত সহায়ো কৰি দিলে। মই ওপৰত গৈ শুই থাকিলো।
ৰাতি ভাতৰ অৰ্ডাৰ লবলে অহা ৰেলৰ কৰ্মচাৰীজনে মোক উঠাই দিলে। ভৰিখন ভালহোৱাত মই তললে নামি আহিলো। মহিলা গৰাকীৰ লগত কথা পাতিব ল'লো। কথা প্ৰসংগত মই নিজক অসমীয়া আৰু কৰ্মসূত্ৰে নাগপুৰ গৈ আছো বুলি ক'লো। তেতিয়ালৈকে মোক ইমান দেৰি অনাঅসমীয়া বুলি ভাবি মুখত যি আহে তাকেই বলকি থকা তথাকথিত দুই ভদ্ৰ যুৱকৰ মুখৰ ৰং সলনি হৈ পৰিছিল।
Comments
Post a Comment