অনুগল্প
অনুগল্প
(২২) ক্ষণ ভংগুৰ
বদন জমিদাৰৰ সৰু নাতিয়েক ভৱ্যদ্যুতিৰ লগত বিয়াৰ প্ৰস্তাৱ আৰু তাৰ পিছত দৰাঘৰৰ মানুহ চাবলে আহি একেবাৰে আঙুঠি পিন্ধোৱাৰ যো যা কৰা সময়ত সুগন্ধাৰ মনত উচাহ আছিল। আজিহে নকুল পেহাই ল'ৰাই ইতিমধ্যে দিল্লীত কোনোবা ছোৱালীৰ লগত লিভ টুগেদাৰ কৰি থকা কথাটো কোৱাত তাইৰ মনতো ব্ৰেকিং নিউজৰ তিনিটা ধাৰাবাহিক প্ৰচাৰ কৰি এলাগি হৈ পৰা দৈনিক বাতৰি কাকতখন যেন লাগিল।
(২৩) নিলাজী
জীৱনৰ দোকানত ছেনিটেৰী পেডৰ পেকেটটোৰ পইচা দি ৰূণজুন অলপ দেৰি ৰ'ল। দিনবোৰ দীঘল হ'লেও কোনোমতে শেষ হবই, এদিন নহয় এদিন সুখৰ মুখ দেখিম বুলি ভাবি থাকোতেই বাসন্তী আইতাৰ ৭০ বছৰ হ'ল। ১৩ বছৰ বয়সতে শুচিতা হোৱা বুলি বাসন্তী আইতাক কোনেও বিয়া নকৰালে, বাল্যবিবাহ হৈ বাকী কেইজনী সখী শহুৰৰ ঘৰ পালেগৈ । শ্যামা পেহীকো শহুৰৰ ঘৰৰ পৰা ১৮ বছৰ বয়সতে খেদি দিলে, বিয়াৰ ৫ বছৰ পিচতো সন্তান জন্ম দিব নোৱাৰা বাবে নপুংসক সজাই। মাকৰো দিন বৰ এটা ভালে নগ'ল। যাহওক এইখন সমাজে যদি নাৰীক ৰজঃস্বলাৰ ওপৰতেই বিবেচনা কৰে, তেন্তে তাইনো পেডটো কিয় লুকুৱাই কিনিব? পেডৰ পেকেটটো ঢকা বাতৰি কাকতখন আতৰাই তাই ঘৰমুৱা হ'ল।
Comments
Post a Comment