অনুগল্প গুচ্ছ
(১৫) কুৎসিত
চেপেটা নাকটো আৰু উজলা দাঁত কেইটাৰ কাৰনে সৰুৰে পৰা কৃষ্ণাই পোৱা ঈতিকিং আৰু বেজীয়ে বিন্ধা দি বিন্ধা কথাবোৰ মেট্ৰিকৰ মাৰ্কচিটখনে একে ৰাতিতে কমাই দিছিল। হায়াৰ চেকেন্ডাৰী পৰীক্ষাত পোৱা স্থানটোৱে সেই কথাবোৰ নস্যাৎ কৰিয়ে পেলাইছিল। ডিগ্ৰী পঢ়িবলৈ হোস্টেলত সোমাবৰ পিছত মাজে মাজে কথাবোৰ ওলাইছিল যদিও সীমান্তৰ কিবা কও কিবা কম কৰি থকা চকুজুৰিয়ে তাইৰ মনত সাহ দিছিল। কাবেৰীৰ গোলাপী গালত সীমান্তৰ ওঠৰ পৰশ দেখিবৰ দিনাহে তাইৰ সম্বিত ঘুৰি আহিছিল। পিছে চাবৰেজিস্টাৰাৰ হিচাপে যোগদান কৰাৰ দিনাই সীমান্তৰ তোমাক অকলে লগ পাব লগা আছিল বোলা মেচেজটো পঢ়ি তাইৰ ওঠৰ চুকত হাহি এটা বিৰিঙিল।
০০০০০
(১৬) অসভ্য
ডালিৰ বিয়াৰ বাবে ঘৰখনে সুব লাগি আছিল। বহু বিচাৰ খোচাৰ কৰাৰ পিচত ডাৱৰৰ দৰে ধনী, ভাল চাকৰি থকা দেখনিয়াৰ ল'ৰা এটা পাই ঘৰৰ মানুহে দিনেই থিক কৰি পেলালে। ইচ্ছা নাথাকিলেও ডালিয়ে হয় ভৰিলে কাৰণ অনিৰ্বাণে থগাৰ পিচত তাইৰ কাকো বিশ্বাস কৰিবই মন নোযোৱা হৈছে। বিয়াৰ বজাৰখিনি কৰাৰ নামত ইজনে সিজনক ভালদৰে জানিবুজি ল'ব বুলি পেহীয়েকে দিয়া তাগিদাত তাই ঘৰৰ পৰা ওলাল। টপ মডেলৰ গাড়ীখনত ডাৱৰ বহি আছে। দৰ্জাখন খুলি গাড়ীত বহিব লওতে তাইৰ দুপাত্তাখন সামান্য পিচলিল। সযতনে থিক কৰি মুখত অলপ হাঁহিসানি তাৰফালে চোৱাৰ লগে লগে ডাৱৰে গাড়ী স্টাৰ্ট কৰিলে। তাৰ লোলোপ দৃস্টিটো ডালিৰ মুৰত পকনীয়া হৈ ঘুৰি থাকিল।
০০০০০০০
(১৭) ভোক
চিকেন ললিপপ আৰু তন্দুৰী চিকেন দুপ্লেট, দুটা কোৱাৰ্টাৰৰ কৃপাত জলকতবক দেখা পৃথিৱীখনলে এবাৰ চকু ফুৰালে অমিতে। আজি অলপ বেচিয়ে হ'ল নেকি বুলি নিজক সুধিব নাপাওতেই উগাৰটোৱে চিন্তাখিনি উৰুৱাই পেলালে। বিলদিবলে অহা ল'ৰাটোক কাৰ্ডখন আগবঢ়াই সি দুই মিনিট ওপৰলে চালে। নাই এবেলা এমুঠি ৰান্ধি ৭ টা ল'ৰা ছোৱালীক খুৱাই নিজে খালিপেটে শুই পৰা ভোকাতুৰ মাকৰ ছৱিখন তাৰ চকুত এতিয়া ধূসৰ।
০০০০০০
(১৮) ভণ্ড
পাঁচ মিনিটৰ কফি ব্ৰেকত ওলাই আহি নম্ৰতাই এহাতে ফোনটোৰ লক খুলিলে আৰু আনহাতে কফি কাপটোত সোহা মাৰিলে। নিশান্তৰ মেচেজ অপেক্ষা কৰি তাই নটিফিকেচনবোৰত চকুফুৰালে। নিশান্তৰ তাইলে সময় নাই আৰু তাইৰ সংগত সুখৰ মূহুৰ্ত বিচৰা চকু মুখৰ আবেদনবোৰ নাকচ কৰি কৰি তাই নিজেই ভাগৰি পৰিছে। যোৱাকালি তাইক সমীৰণে কৰা কাকূতি মিনতি আৰু শেষত লিনীৰ ককালত ধৰি ওলাই যোৱা সমীৰণৰ ছৱিখন তাইৰ মনত এবাৰ ভাহি উঠিল। কফিখিনি গিলি ফোনটো থব লওতেই ফোনটোত নটিফিকেচনৰ বিপ বিপ। ক্ষীণ আশা এটাৰে চকু ফুৰালে ফোনটোত। ফেচবুক নটিফিকেচন: সমীৰণ ছেলেব্ৰেটীং হিজ চেকেন্ড এনিভাৰ্চেৰী, মাই ৱাইফ ইজ দা বেস্ট ৱাইফ ইন দা ৱৰ্ল্ড।
০০০০০০০০০০০০০
Comments
Post a Comment