মানুহ অমানুহ শৃংখল :: খণ্ড ১০

মানুহ অমানুহ শৃংখল :: খণ্ড ১০- চোৰ ::
সেইকেইদিন গুৱাহাটিত আছিলো। মাল্টীনেচনেল কোম্পানিৰ চাকৰি বাদ দি গৃহচহৰত লালা কোম্পানিত হ'লেও চাকৰি এটা পালে কৰিম বুলি আহিছিলো। পিচে দৰ্মহাৰ স্টাণ্ডাৰ্ড ৰেট ৮ ৰপৰা ৯ হাজাৰৰ ওপৰত এটকাও নিদিয়া দুই এটা লালা কোম্পানীত গাধা সাতনি দিও নেক্সট মাহৰ ১৫-২০ তাৰিখলৈ কাকুতি মিনতি কৰিও দৰ্মহা নোপোৱাৰ পৰিপ্ৰেক্ষিতত দুই তিিনমাহৰ ভিতৰতে আৰ্থিকভাৱে জুৰুলা হব লগা হ'ল। উপায় নাপায় কিংকৰ্তব্য বিমোৰ হৈ থাকোতে এজনে উপায় দিলে টিউচন কৰ। তই দেখোন ইংৰাজী - অংকত ভালেই, পাৰিবি দে। মনত সাহস গোটাই এজেঞ্ছী এটাত যোগাযোগ কৰাত ১০-১৫ দিনৰ ভিতৰতে টিউচন এটা পালো। কনমানিজনী গুৱাহাটীৰ দামী স্কুলত পঢ়ে, যত সব কথা স্টেন্ডাৰ্ড আৰু স্টেটাচৰ লগত ৰিজাইহে কথা হয়। কনমানিৰ দেউতাক থাকে আমেৰিকাত। মাকে আইতাক আৰু ককাকৰ লগত থাকে যদিও দিনটো সময়েই নাই। পৰিয়ালটোৰ যথেস্ট সন্মান আৰু স্টেটাছ থকা বুলি আইতাকে প্ৰতিটো কথাতে সোঁৱৰাই থাকে। যাহওঁক টিউচন পঢ়াব গ'লে, আইতাক গাৰ কাষত লাগি থাকে আৰু কনমানিক অকনমান টান সুৰত কিবা কলেই ওলোটাই মোকেই দোষ দিয়ে। ২ঘণ্টা সময়ত এগিলাছ পানী যচাৰো আৱশ্যকতা অনুভৱ নকৰে। টিউচন চেন্টাৰত কথাখিনি অৱগত কৰাত ক'লে যে কথা পাতিব। লাহে লাহে মন কৰিলো আইতাক কাষৰ কোঠালৈ যোৱা হৈছে। পিছে কনমানিৰহে উৎপাত বাঢ়িল। মোৰ ফোনটো তাইক লাগে। মোৰ ফোনটো তাইৰ হাতত তুলি নিদিয়া পৰ্য্যন্ত পঢ়া আৰম্ভই নকৰে। ময়ো বিশেষ একো নাভাৱি ফোনতো দিয়া হ'লো। কেতিয়াৱা তাই ফোনটো লুকুৱাই থোৱাও হ'ল, সুধিলে কয় মই ফোন অনাই নাই বুলি। কথাবোৰ ধেমালি ভাৱতে লৈ থলো। সেইবাৰ তাইৰ জন্মদিন আহিল। জন্মদিনৰ অজুহাতত তাই এসপ্তাহ আগৰ পৰাই মোক তাগিদা দিব ল'লে যাতে তাইক এই ফোনটো গিফ্ট দি মই বেলেগ এটা ফোন কিনি লব লাগে। সেইবাৰ তাইৰ আমেৰিকাস্থিত দেউতাকে টেৱলেট এটাও গিফ্ট দিছিল। মই ক'লো তোমাৰ দেখোন পাপাই ইমান ধুনীয়া টেৱলেট দিছেই মোৰ ফোনটোনো কিয় লাগে? তাই নামানে। দুদিনমান পিছত এদিন সিহঁতৰ ঘৰৰ পৰা ওলায়ে পাৰ্কিং প্লেচত মনত পৰিল যে ফোনতো পঢ়া টেবুলখনতেই এৰি থৈ আহিলো। উভতি আহিলত আইতাকে তীব্ৰ বিৰক্তিৰে দুৱাৰ খুলিলে। ফোনটো ৰৈ গ'ল বুলি কোৱাত আইতাকে মোক অসচেতন অপদাৰ্থ বুলি কোৱাত অকনমানো কৃপনালি নকৰিলে। অলপপৰ ধৈৰ্য্য ধৰি ফোনটো বিচাৰিলো। পঢ়াত ব্যাঘাত হয় বুলি চাইলেন্ট ম'ডত থোৱা ফোনটো বিচাৰি উলিয়াব নোৱাৰি যেতিয়াই অকমানিক সোধা পোছা কৰিলো, কোদোৰ বাহত জুই দিয়াৰ পৰিবেশ। ভিতৰত থকা ৭০ৰ অধিক বৰ্ষীয়ান ককাক আহি কিলাইহে মাৰিব বাকি থাকিল। আধাঘণ্টা তৰ্কাতৰ্কি কৰাৰ পিছত মই ওলায় আহিলো, কাৰণ ককাক আইতাকৰ এটাই কথা তেঁওলোকৰ নাতিনীৰ কোনো দৰকাৰ পৰা নাই মোৰ নিচিনা সামান্য টিউতৰৰ ফোন চুৱলৈও। প্ৰচন্ড খঙত ওলাই আহি থানাত সোমালো এফ. আই.আৰ. দিও বুলি। থানাত বহি মোবাইলত গেম খেলি থকা চিপাহীদুজনে আধাঘণ্টালৈ সন্মুখত থিয় দি থকা সত্বেও পাত্তাই দিয়া নাই। পিচত ক'লে আপুনি নিজেই এজাহাৰখন লিখক। এজাহাৰৰ তিনিটা কপি নাকচ কৰাৰ পিছত ক'লে যে কাইলে আহিব। পিচদিনা পুৱা আকৌ কনমানিৰ ঘৰত গৈ তাইক মৰমেৰে সুধিলো, তাই ফোনটো ৰাখি থোৱা নাই বুলি ক'লে। এইবাৰ থানাত গ'লো, এজাহাৰখন জমা দিয়াৰ ফীজটো লৈ এচ.আই. ছাৰে ক'লে যে এয়া ভিত্তিহীন গোচৰ। মোৰ মুখৰ কথাতেই কনমানিৰ ঘৰৰ মানুহৰ ওপৰত এজাহাৰ দিব নোৱাৰো। যিহেতু নতুন চিমকাৰ্ড লাগে গতিকে নিজেই ফোনতো কৰবাত পেলায় থৈ অহা বুলি এজাহাৰখন লিখিব পাৰো। এঘৰ সম্ভ্ৰান্ত পৰিয়ালক কালিমা সনাৰ মোৰ হেনো কোনো অধিকাৰ নাই। নমস্কাৰ জনাই ওলায় আহিলো। ০০০০০০০০০০০০০০০০০০০০০০০০০০০০০

Comments

Popular posts from this blog

তথ্য উদ্ধাৰ -১ শকাব্দ/ খ্ৰীষ্টাব্দ

অনুগল্প

মহা মহা পুৰুষৰ চানেকিৰে জীৱন (খ)