মানুহ -অমানুহ
প্ৰস্তাবনা:
মোৰ জীৱনত কিছুমান বিিচত্ৰ ঘটনাৰ সাক্ষী হব লগা হৈছিলো। তেতিয়া ভাবিছিলো এই ধৰাত সঁচাকৈয়ে এইবোৰ চৰিত্ৰই বসবাস কৰেনে? তাৰেই কেইটামান আপোনালোকলৈ আগবঢ়ালো, " মানুহ - অমানুহ " শৃংখল হিচাপে।
আশাকৰো ৰচনাসমুহ আদৰি লব আৰু ভুল ক্ৰুটিবোৰ আঙুলিয়াই দিব।
খণ্ড -১: শিক্ষা
অকনমান আগতে পালো শিক্ষামন্ত্ৰীৰ হুংকাৰ, চিলেবাচ সম্পুৰ্ন কৰিব নোৱাৰিলে, লব যাৱতিয় ব্যবস্থা।
মোৰ স্নাতক প্ৰথম বৰ্ষৰ কথা। কোনোবা এটা প্ৰতিস্থিত বিভাগৰ কথা। কবলে আজিও দুখ লাগে যে সেই সময়ত দক্ষ আৰু অভিক্ষ শিক্ষকৰ মোটা অংকৰ দৰমহালৈ থকা সেই বিভাগতোৰ সকলো শিক্ষকসকলক নিৰ্দিস্টভাৱে পাঠ্যক্ৰমখিনি ভগাই দিয়া হৈছিল নে নাই নাজানো , কিন্তু তেঁওলোকৰ
দায়িত্ববোধ কিমান আছিল সেয়া আমি ৰাইজলৈ আগবঢ়াইছো। প্ৰায় ১৫টা মান চেপ্টাৰ থকা সেই বিষয়টোৰ বাবে সেই বিভাগতোৰ প্ৰায় ৮-১০ মান প্ৰবক্তা নিয়োগ কৰা হৈছিল। আটাইতকৈ ডাঙৰ কথাটো হল প্ৰতিজন প্ৰবক্তাই আহি ৰোলকল আৰু চিনাকি পৰ্বৰ নামত ৪ মাহ মান সময় অপচয় কৰাৰ পিছত শেষত পঢ়োৱাৰ দায়িত্ব ললে। আচৰিত ভাৱে প্ৰতিজন শিক্ষকেই কিতাপখন আটাইতকৈ চুটি চেপ্টাৰতো লয় আৰু কোনোমতে সময়খিনি পাৰ কৰে। কোনোবাই কিবা কবলৈ মুখ মেলিলেই সেইজনক উচিত(?)শিক্ষা দিয়া হয়।
এনেকৈয়ে আমাৰ প্ৰথম বৰ্ষ পাৰ হৈ গৈছিল।
মাননীয় সেই শিক্ষাগুৰু সকলক( যাৰ বদান্যতাই আমাক মানুহ কৰিলে ) আজিকালি টিভি চেনেলত প্ৰায়ে ভাগ লোৱা দেখো, যত তেওঁলোকে দিয়ে মানুহ গঢ়াৰ শিক্ষা।
:::;:;;:::::;;;;;:::::::::::::;;;;;;::::::::::::::;;;;;;:::;;;;;;
খণ্ড -২: ভাড়াঘৰ
হোস্টেলীয়া জীৱনটো সামৰি এইবাৰ ভাৰাঘৰৰ জীৱন আৰম্ভ কৰিব লৈছিলো । হোস্টেলৰ খানাই আমুৱাই পেলোৱা জীৱনত জিভাৰ জুতি লগাই খাব পাম বুলি ভাবিয়েই মনতো ভাল লাগি আছিল। যাহওক কোনোমতে গতি লাগিব লাগে।
অগ্ৰিম ধনৰাখি হাতত লৈহে ভাৰাঘৰৰ মালিকনীয়ে ক'লে, পানীৰ অসুবিধা নাই । পিছে খোৱাপানী পুৱা গধুলি অহা চাপ্লাই পানীৰেহে হব। পুৱা দুবাল্টিমান পানী ভৰাই থবা হৈ যাব তোমালোকৰ , তেখেতৰ আপুৰুগীয়া পৰামৰ্শ। বিশেষ নাভাবি মুৰ জোকাৰি গুচি আহিলো । অদৃস্টই ৰক্ষা কৰিব বুলি মনতে ভাবি থলো।
নিৰ্দিস্ট দিনত বয়বস্তু লৈ ৰুমতো পালোগৈ। দেখিলো আগতে বন্দবস্ত কৰা দুটা ৰুম(এটা পাকঘৰ আৰু আনটো বেডৰুম) এটাৈল কমিচে কাৰণ মালিকনিৰ নিজা বস্তু হঠাতে বাঢ়ি গ'ল আৰু বাৰান্দাখনক পাকঘৰৰ নামত ৰূপান্তৰ কৰি আমাক অনুগ্ৰহ কৰি তেখেতে উপহাৰ দিছে ।বাহ: কি ৰেহেমদিল!!!
ৰুমতো থিকথাক কৰি বজাৰলৈ ওলাই গলো। ইটো সিটো কিনোতে গধূলিয়ে হল। সাজ লগাৰ অলপ পিছতহে ৰুম পালোহি। এতিয়া দেখিলো বাল্ব আনিব ৰৈ গল। মালিকনীয়েও আগতে লাগি থকা ( ৰুম বন্দবস্ট কৰিবৰ দিনা দেখুওয়া ) বাল্ব কেইটা নোহোৱা কৰি থৈছে। জগত পোহৰাব নোৱাৰিলেও কাকুতি মিনতি কৰি নিজৰ কোঠাতো পোহৰাবলৈ তেখেতৰ কৃপা ভিক্ষা কৰিবলৈ দৰ্জাত টুকুৰিয়ালো । সমস্যা সমাধান হ'ল আৰু লগে লগেই তেখেতৰ আপুৰুগীয়া সম্পদত যাতে আমাৰ হাত বা চকু নালাগিবৰ বাবে তেখেতে মুখতে দৰ্জাখন মাৰি দিলে।
অলপ পিছত ভাগৰতো পলুৱাই পানী অকন খাও বুলি বটলতো চাই দেখোযে একেবাৰে অন্তিম অৱস্থা । ডিঙিটো তিয়াই কোনোমতে আলুভাতত দি ভাত কেইটাই বনাও বুলি উঠিলো। । মায়ে ঘৰৰ পৰা দি পঠোৱা আচাৰখিনিৰে , পিয়াজ অকন লৈ হৈ যাব আৰু। অন্যকিবা ৰান্ধিবলৈ শক্তি একেবাৰেই নাই ।
মনত পৰিল খোৱা পানী ভৰাবলৈতো নহলেই। মালিকনীয়ে দৰ্জা বা খুলি দিয়ে নে নাই? ভয়ে ভয়ে দুই লিটাৰৰ পানীৰ খালি বটলতো লৈ কলিং বেল বজালো । মুখখন বিকটাই মালিকনীয়ে দৰ্জা খুলিলত পানীৰ কথাখিনি কলো। মুখতে ভোৰভোৰাই তেঁও পানীকন আনিলেগৈ। সোধোনোসোধোকৈ আকৌ সুধিলো বাচন ধুবলৈ পানী এবাল্টি দিয়ক।
তেখেতে চাপ্লাই পানীৰ টেপৰ ওচৰত থকা ড্ৰাম এটা দেখুৱাই দিলে। আমিও একেবাৰে অনুগ্ৰহিত হোৱাযেন পালো। বটলৰ পানীৰেই আলু আৰু চাউল ধুই কোনোমতে ভাতখিনি হোৱা কৰিলো। ভাত খোৱাৰ আগতে থালখন ধোৱাতো পুৰণা অভ্যাস। মালিকণীয়ে দেখাই দিয়া ড্ৰামৰ পানীৰে বাচন কেইটা ধুই ভাত খালো। নিমখ আৰু জলকীয়া অকন পিতিিক , আচাৰ , আলু পিয়াজৰ পিতিকা খনেৰে প্ৰায় ১০ ঘন্টা মানৰ মুৰত পেটত কিবা এটা পৰাত, বৰ তৃপ্তিৰে ভাতখিনি খালো । ভাত খাই বাচনখিনি ধুই ভাগৰুৱা দেহা টোপনিত লালকাল দিলেহি।
পুৱা দেৰিকে উঠাতো মোৰ পুৰনি অভ্যাস। সিদিনাও সাতমান বজালৈ সাৰ পোৱা নািছলো। ভন্তিৰ চিঁঞৰত উঠি আহিলো। মোৰ চকু ভালকে মেল খোৱাই নাই। তাই কলে বাইদেউ চা এইফালে, ড্ৰামটোলৈ আঙুলিয়াই তাই বমি কৰিব ধৰিলে। ইতিমধ্যে চাপ্লাই পানী অহা আৰম্ভ হৈছে আৰু পানী নিবলৈ অন্য ভাৰাতীয়াসকলো আহি ভীৰ কৰিছেহি। ময়ো চকু মোহাৰি মোহাৰি ভন্তিক ৰুমৰ ভিতৰলৈ যাবলৈ কৈ ড্ৰামটোৰ ফালে আগবাঢ়িলো । দেখিলো আৰু তাতেই স্তব্ধ হৈ ৰলো। অসংখ্য পোকে কিলবিলাই থকা ড্ৰামটোৰ পানীখিনি দেখি মোৰো বমি হৈ গ'ল। (অন্য ভাৰাতীয়াই জনোৱা মতে তাত মালিকৰ কুকুৰজনীৰ ধুৱাবলৈ পানী জমা কৰি থয়।)
"'''''''''''''''''"'"''''''''''''
খণ্ড - ৩ : ছুটি
কৰ্মসূত্ৰে অসমৰ বাহিৰত থকা বহু বছৰেই হ'ল। প্ৰাইভেট চাকৰি , তাতেই নিজৰ মাটিৰ পৰা এশ যোজন দুৰ। ভাৰাঘৰটোকে নিজৰ ঘৰ আৰু ওচৰ চুবুৰিয়াকেই নিজৰ আপোন বুলি জীৱনটো কটাও। বছৰত মাত্ৰ এবাৰ ঘৰ যাও । কাৰণ ছুটি কেইটা জমা কৰি লিভ বালান্স ৩০ টা মান হোৱা কৰি নথলে একেৰাহে ১৫ - ২০ দিনৰ ছুটি নাপাওঁ । ৰেলত অহা যোৱাৰ নামতেই ৭ দিন গুচি যায়। কি কৰিমনো আকাশমাৰ্গত বিহাৰ কৰিবলে পকেটখন তেতিয়াও গধুৰ হোৱা নাছিলগৈ।
সেই বছৰো ছুটি এপ্লাই কৰি থৈছিলো প্ৰায় ৩ মাহ মান আগতে। হয়, আমাৰ নিচিনা ক্ষুদ্ৰ জীৱই নিজৰ প্ৰাপ্য বিচাৰিও আনক কাকুতি মিনতি কৰিব লাগে। পিছে, যথা সময়ত মৌখিক এপ্ৰোভেল দিয়া মোৰ মাননীয় বচ্ দেশমুখচাৰ ডেংগুত পৰিল। মানে একেবাৰে হস্পিতালৰ বিচনা । তেখেতক ক'লো : চাৰ আপুনিতো মোৰ ছুটি বিচৰা কথাতো জানেই, এতিয়া ২ দিন পিছত ৰেলত বহিব লাগে, ছুটিতো ফৰ্মেলি এপ্ৰোভ নকৰাকৈ যাবলেও ভয় লাগে আৰু যি দেখিছো, আপুনিও নিজে অফিচ নাহিলে মোৰ ছুটি চেংচন নহব। কিবা এটা পথ দেখাওক চাৰ, মই আগ্ৰহেৰে তেখেতৰ মুখলে চালো । তেঁও চাও বাৰু বুলি কৈ থলে ।
ছুটিত যাবৰ আগদিনা পুৰ্বনিৰ্ধাৰিত মতেই মই অন্য এজনী মেনেজাৰৰ,আফ্ৰিনৰ ওচৰলৈ গ'লো । মেডাম, মই মাত দিলো। মেডাম আপুনি চাগে দেশমুখ ছাৰৰ পৰা সবিশেষ জানিব পাৰিছেই । অনুগ্ৰহ কৰি মোৰ লিভটো এপ্ৰোভ কৰি দিয়কচোন । আফ্ৰিন মেডামে এবাৰ মোক ভৰিৰ পৰা মুৰলৈ চালে । তাৰ পিছত ক'লেযে তেওঁ ১৫ দিনৰ ছুটি দিব নোৱাৰে । মই কলো যে মই যোৱা ঢেৰ বছৰে ঘৰ যোৱাই নাই, সেয়ে অনুগ্ৰহ কৰক । মেডামে আকৌ চকু ঘোপা কৰি মোলৈ চালে। তাৰ পিছত ক'লেযে এজনক ইমান দিন ছুটি দিলে আনবোৰে সমস্যাৰ সৃস্টি কৰে। মই কলো যে দেশমুখ ছাৰে সকলো জানে আৰু সকলো বন্দৱস্ত কৰিহে তেখেতে ছুটি দিম বুলি কৈছিল। ইফালে মোৰ ঘৰ যাব লাগিলে দুখনকে ৰেল ধৰিব লাগে, কনৰ্ফাম চিট পাবলেও ইমান অসুবিধা । টটকালত টিকেট কৰিবলেতো আৰু কঠিন, কাৰণ দ্বিতীয়খন ৰেলৰ টিকট যাত্ৰা কৰি থকা অৱস্থাতেই কৰিব লাগে। গতিকে অনুগ্ৰহ কৰি এপ্ৰোভেলতো দি দিয়ক।
মেডাম এইবাৰ ৰ'ল, কিবা অলপ ভাবিলে। মই আশাৰে মুখখন চালো । কাৰণ ঢেৰ বছৰৰ মুৰত ঘৰ গৈ আছো, তাতে দাদাৰ বিয়া, মাত্ৰ ৫ মিনিটৰ কাম এটা আৰু চিস্টেমত ১৫ দিনৰ ছুটিৰ এপ্ৰোভেল। মই সপোন দেখিবলৈ আৰম্ভ কৰিব লওতেই আফ্ৰিন মেডামে মাত লগালে। আচ্ছা তোমাৰ ঘৰ অসমত নহয় জানো। মই বুকু ফিন্দাই উত্তৰ দিলো, হয় বুলি। চিৰ চেনেহী মোৰ আই অসমী। এইবাৰ আফ্ৰিন মেডামে কৰ্কশ মাতেৰে আৰম্ভ কৰিলে : তোমালোকৰ তাত মানুহ কেনেকে জীয়াই থাকে? আধাতো জংগলেই । মানুহবোৰো জংগলী হৈয়ে আছে । নহলেনো আমাৰ মানুহক (!!???!!!) মাৰ পিত কৰেনে? এনেকুৱা ঠাইৰ মানুহক ছুটি দি মই পাপৰ ভাগী হব নোৱাৰো। তুমি যাব পাৰা, বুলি নিজৰ টেবুলৰ পৰা উঠি গুছি গ'ল।
মই শিল পৰা কপৌৰ নিচিনা তাতেই ৰৈ গলো। এয়া কোনখন অসমৰ কথা কলে মই ভাবিয়ে নাপালো যাৰ কাৰণে মোৰ আত্মসন্মান, মোৰ জাতীয়তাবোধ আৰু স্বাভিমানে মুখ থেকেচা খায় পৰিল।
::::::::;;;::::::::::::::::::::;
Comments
Post a Comment