ৰেচিপি

লাওপাতত দিয়া কাৱৈ মাছ উপকৰণ : লাওপাত ৮-১০ খিলা ধুই লব ধুই চাফা কৰি লোৱা কাৱৈ মাছ ৫টা নহৰু ১০-১২ কোহ আৰু আদা অলপ বটি লব, ডাঙৰ পিয়াজ এটা, জলকীয়া, নিমখ , হালধি আৰু তেল প্ৰয়োজনমতে । মোৰ স্পেচিয়েল উপকৰণ ভেদাইলতা বটা প্ৰণালী : মাছখিনিত মচলা সানি ২০ মিনিটমান থৈ দিব। এতিয়া, লাওপাত দুখিলাৰ মাজত মাছটো মচলােৰ সৈতে দি মেৰিয়াই দিব। টোপোলা বান্ধিবলৈ মই বগাসূতাৰ ব্যৱহাৰ কৰিছো। এতিয়া কেৰাহী বা টাৱা বা পেনত তেল গৰম হব দি এচিকূট নিমখ দি দিব। তাৰপিচত মাছৰ টোপোলা কেইটা ভাজিলে হৈ গ'ল। ৫-১০ মিনিট সময় ভাজিলেই হৈ যাব। টোপোলাবোৰত এটা বা দুটা মাছ নিদি একেলগে ৫-৬ টাও দিব পাৰে। টোপোলাটো ডাঙৰ হ'লে ভজাৰ সলনি ভাপতো সিজাব পাৰি।

Comments

Popular posts from this blog

তথ্য উদ্ধাৰ -১ শকাব্দ/ খ্ৰীষ্টাব্দ

অনুগল্প

মহা মহা পুৰুষৰ চানেকিৰে জীৱন (খ)