সৰু সৰু কথা

সৰু সৰু কথা
ইংৰাজীত এষাৰ কথা আছে, ৱাটাৰফ্লাই ইফেক্ট বুলি। জনাসকলে জানে। নজনাসকলক চমুকৈ ক'লো, সৰু হাতৰ ডাঙৰ কাম বুলি। এতিয়া আহিলো সৰু কথাটোলে। কলেজ হোস্টেলৰ সোনালী জয়ন্তী। মঞ্চত সেই সময়ৰ মুধা ফুটা লোকসকল উপবিস্ট । এহ নাম কেইটাও কৈয়ে দিও মনোৰম গগৈ চাৰ, তুলসী চন্দনচাৰ, ডা. সৌৰভ ভূঞা চাৰ আৰু এজন বিশিস্ট ব্যক্তি। আটাই কেইজন হোস্টেলৰ প্ৰাক্টন আৱাসী। মঞ্চত আঁত ধৰোতাজন কোন আছিল পাহৰিলো। তেখেতে ক'বলে আৰম্ভ কৰিলে : চন .... ( পাহৰিলো ), ডিগ্ৰী ফাৰ্স্ট ইয়েৰত পঢ়া তজবজীয়া ল'ৰা এটা। ৰিজাৰ্ভ বেংকৰ সন্মুখত পহৰাৰত পুলিচ এটাক দুচাত মান দি আহিল। লগৰজনে সুধিলে, কেলেই মাৰিলি? : এই পুলিচবিলাক চব বেয়া মানুহ। পিতিলো বাপ্পেকে। সেই পুলিচক পিটি অহা যুৱকজনেই ৪-৫ বছৰ পিছত পুলিচত যোগদান কৰে। আজি তেখেতৰ অসম পুলিচৰ আটাইতকৈ সন্মানজনক পদত অধিস্থিত। হয়, মই কুল শইকীয়া চাৰৰ কথাই কৈছো। তেখেত সদায় আমাৰ অনুপ্ৰেৰণা । অনাগত দিনত তেখেতৰ কাৰ্য্যই নতুন দিগন্তৰ সূচনা কৰিব বুলি আমাৰ বিশ্বাস।

Comments

Popular posts from this blog

তথ্য উদ্ধাৰ -১ শকাব্দ/ খ্ৰীষ্টাব্দ

অনুগল্প

মহা মহা পুৰুষৰ চানেকিৰে জীৱন (খ)