সৰু সৰু কথা : (৮)

সৰু সৰু কথা : (৮) ৰসিকা
এইবিলাক হৈছে ৰহনসনা কথা। চিধাচিধি ভাষাত ক'লে খকুৱা। যদিহে স্ত্ৰীলিংগত কিবা অন্য শব্দ আছে, ৰাইজে জনাব পাৰে। পেটটোক পাপী বুলি মিছা বদনাম নকৰো, কাৰণ মনতোহে অধম। নহ'লেনো মিঠা, জ্বলা, টেঙা, তিতা সব বস্তুতে চকু দিয়েনে? উপায় নাই খায় খায় জুতি লাগিছে যেতিয়া আনকনো কি ক'ম? দুপৰীয়া ১-২ বজাত একাহী উদৰস্থ হোৱাৰ পিছত গধুলি ৪-৫ বজাত এটা ছিঙৰাৰ মান খোৱাৰ ভোক। আকৌ ৭-৮ বজাত এপেকেট ১০ টকিয়া ছানা বা দুটা পকা আম খোৱাৰ ভোক। শেষত যেনিবা কোনোমতে ১০ বজাৰ আগেপাছে ৰুটি বা ভাত মোকোৰা মোকোৰে ভৰাই বাচনখিনি সামৰি নিন্দযাত্ৰা, বিচনাত দীঘলকৈ। যদিহে চিনেমা বা কিতাপৰ কাৰ্য্যক্ৰম থাকে, বিশেষকৈ সপ্তাহান্তিকত তেন্তে আৰু এপেকেট ভূজিয়া বা ক্ৰীম বিস্কুট। খাদ্যৰ তালিকাই ওজনৰ তালিকাটো শীৰ্ষস্থান লোৱাত সহায় কৰি থৈছে। যাহওক জীয়াৱৰ কাৰনে নহয়, খাবৰ কাৰনেহে জীয়াই আছো। নে কি কয়? মিছা ক'লে কিডাল হ'ব খাই লৈেয়টো জীৱন!! চিক্স চেভেন মানত পঢ়ি আছো চাগে। তেতিয়াৰ দিনত চকলেট বুলিলে মেংগো বাইট বা এলপেনলিৱে। কিটকাট, ডেয়ৰী মিল্ক আমাৰ টিভিৰ স্ক্ৰীণতেই আৱদ্ধ। তাকো আলহী দুলহী আহিলে পোৱা টকাৰে মাহটো চলিব লাগে। মা দেউতাই ঘৰত বিস্কুট ভূজিয়াৰ যি স্টক ৰাখে তাৰে ভোক পলালেও খক নপলায়। যদিও বজাৰ মহঙা এবিধ বস্তু আছিল। লুকাই চোৰকে খাবলে বেচি ভাল লগা। আমূলৰ পাওদাৰ গাখীৰ। পাকঘৰত সোমালেই ইফালে সিফালে কোনো নথকাৰ উমান লৈ এচামুচ মুখত ভৰাই কোনোবা এটা চুকত গৈ খলপি খলপি খোৱা। কিন্তু আমূলৰ কোম্পানীৰ মানুহে আমাৰ নিচিনা চোৰৰ পৰা বচাবৰ বাবেই চাগে গাখীৰত কিবা মিহলাই থৈছিল যাতে শুকানকে খালেই লেলাৱতীৰ লগত মিলি তালুত লাগি ধৰে। চামুচ ভৰ্তি কৰি খোৱা মানে ডিঙিত লাগি ধৰা আৰু ঘৰৰ মানুহে চোৰ ধৰা পেলোৱা। তেনেকুৱা কিবা খাও কিবা খাও লগা আবেলি এটাত। খাবলে কিবা এটা বিচাৰি থকা সময়তে মনত পৰিল ঘৰত সান্দহ আছে। গেচত ক'লা কেটলীটোত পানী অলপ বহুৱাই , হাতত বাতি এটা লৈ আগবাঢ়িলো মিচনৰ কামত। সান্দহৰ কলহটো আছিল ভঁৰালঘৰত, থকা ঘৰৰ সংলগ্ন। পাকঘৰৰ পৰা ১০টা মান খোজ। বাতিটো ফ্ৰীল থকা ফ্ৰকৰ মাজত সুমুৱাই চোৰৰ খোজেৰে আগবাঢ়িছোহে, পিচফালে এটা শব্দ শুনিলো। ঘুৰি চাই দেখিলো মনি বাইদেউ। ধৰা পৰিলো বুলি মাৰিলো লৰ। তাইয়ো কথাটো কি হ'ল ধৰিব নোৱাৰি চোচা ল'লে। তাৰপিচত দৌৰাদৌৰিখন চলিল। এটা সময়ত মোৰ হাৰ আৰু তাইৰ জীত হ'ল। ইমান দৌৰাই দৌৰাই মাত্ৰ সৰু বাতিটো আৱিস্কাৰ কৰি তাইৰো খং তুংগত। দিলে এছাট। ময়ো নাখাওযা সান্দহ বুলি খঙতে ঘৰ এৰি আনৰ ঘৰ ওলালোগে, খেলিবলৈ। প্ৰায় এঘণ্টা মান পিচত মনত পৰিল, গেচত যে পানী গৰম হ'ব দিছিলো। দৌৰি আহি পাকঘৰত সোমালো। হয়, ক'লা ছাই লগা এলুমিনিয়ামৰ কেটলীটো পুৰি বগা হৈ গৈছে। গেচ জ্বলিয়েই আছে। কোনোমতে চিলিন্ডাৰত বন্ধ কৰি চুপচাপ কিতাপ এখন লৈ পঢ়াটেবুলত বহিলোগৈ।

Comments

Popular posts from this blog

তথ্য উদ্ধাৰ -১ শকাব্দ/ খ্ৰীষ্টাব্দ

অনুগল্প

মহা মহা পুৰুষৰ চানেকিৰে জীৱন (খ)