চৰকাৰী চাকৰি

চৰকাৰী চাকৰি মোৰ ব্যাক্তিগত খণ্ডৰ চাকৰিটোক লৈ মই যিমানখিনি সন্তুস্ট, শুভাকাংক্ষী (? ) সকল সিমানেই ৰুস্ট। পিছে, টাৰ্গেটৰ পিছত ঘুৰি ফুৰাৰ প্ৰৱনতাখিনিক আন্তৰিকতাৰে শলাগ লোৱা মানুহ তেনেই তাকৰ বাবে মই বৰ এটা ধৰি নাথাকো। কিন্তু মোক এৰিব নিবিচৰা কেইজনমানৰ মহৎ উদ্দেশ্যবোৰ গম পালেহে পিছত মনতো সেমেকি যায় । (১) " তমকু" দাই কেইদিন মানৰ পৰা খুব উৎসাহ দি আছে । তুমি অমুকত এপ্লাই কৰা তমুকত এপ্লাই কৰা । বয়স ৰৈ নাথাকে, চৰকাৰী চাকৰি পাবলে ভাগ্য আৰু চেস্টা দুয়োটাই লাগে। তুমি চিন্তা কৰিব নালাগে, মই কৰি দিম। তুমি পঢ়া, ৰাজৰ কেফেত বহি মই কামখিনি কৰি দিম। দুটা মান পৰীক্ষাৰ কল লেটাৰ নাহিল। শেষত গম পালো ফৰ্ম ফিল কৰা, পোস্ট কৰাৰ নামত মাৰ পৰা টকা সৰকোৱা তমকুদাই গধূলি ডিঙি তিয়াবলৈহে অত কস্ট কৰিছিল। ( ২ ) : তুমি তাৰমানে অমুক কোম্পানিত কাম কৰা। : হয় । : ডিউটি কিমান ঘণ্টা? : ৮ ঘণ্টা । : ঘৰৰ পৰা কেইটাত ওলাব লাগে? : ৮ বজাত ওলাই যাও। : কেইটা বজাত ঘৰ আহি পোৱা? : গধূলি ৬-৭ বাজে । : তাৰপিছত তোমাৰ চাগে ভাগৰ লাগে বুলি শুই থাকা । বন্ধ দিনত চাগে দেৰিলৈ শুই থাকা। নালাগে দিয়া , হব আৰু। আমাৰ বাবাই নিজেই পুৱাৰ পৰা গধূলিলৈ কাম কৰি ধন ঘটে। তুমিও যদি নৱাবনী হৈ থাকা তেন্তে আমি বুঢ়া বুঢ়ীহালৰ অৱস্থা বেয়া হ'ব। তাতেই যদি চৰকাৰী চাকৰি হ'লহৈ কথা বেলেগ আছিল। বাবাই তোমাক ভাল পাই বুলিয়েইতো আমি তোমাক বোৱাৰী কৰিব নোৱাৰো!! পাৰা যদি চৰকাৰী চাকৰি এটা যোগাৰ কৰি লোৱা । (৩ ) : মই পিছে এটা কথা কৈ দিছো, চৰকাৰী চাকৰি কৰা ছোৱালী বাদ দি আন চাকৰি কৰা ছোৱালীক বিয়া নকৰাও। মাহেকৰ মুৰত লিপস্টিক আৰু শাৰীখনতো নিজৰ পইচাৰে লবই , ইনচুৰেন্ছৰ টকা কেইটাও পাব। গতিকে মই কাণী হওক কুজি হওক, চৰকাৰী চাকৰি কৰা ছোৱালীহে বিয়া পাতিম। তুমি চৰকাৰী চাকৰি লব নোৱাৰা যদি মোক পাহৰি যোৱা । বাইকখন স্টাৰ্ট দি ৰমেন গুচি গ'ল। সেমেকা চকুজুৰি হেচি ধৰি অৰুপা বাচত বহিল। দিনতো কাম কৰি ভাগৰ লগা দেহাতো চিটিবাচৰ চিটতোত এৰি দিছিলহে, ফোনটো বাজি উঠিল। ৰমেনৰ নামতো দেখি উঠাও নুঠাওকে ফোনতো উঠালে । : তুমি পে টিমৰ পৰা মোক এতিয়াই ২০০০ টকা ট্ৰান্ছফাৰ কৰাছোন। ভিনদেউৰ বোলে বাৰৰ বিল দিবলে পইছা কম হৈছে, মই নিদিলে ৰাতি বাইদেউক মাৰ ধৰ কৰিব পাৰে। তুমি এতিয়াই পে কৰা । আৰু শুনা ৰাতি ১০টাৰ পিছত যেতিয়া ঘৰৰ মানুহবোৰ শুই যাব, তুমি ফোন কৰিবা। তোমাৰ অফিচৰ পৰা দিয়া চিমখনেৰে, ফ্ৰি চিমখন দিছে যেতিয়া মই অলপ সুবিধা লোৱাত তুমি ভালেই পাব লাগে। হাজাৰ হওক তোমাৰ লগত কথা পাতাৰ নামত মইতো আৰু দৰমহাৰ টকাকেইটা খৰচ কৰিব নোৱাৰো। এতিয়া ৰাখিছো, মোৰ ফ্ৰি টক টাইম শেষ হ'ল। কাট...... ( ৪ ) : চৰকাৰী কাম যেতিয়া মই একো কৰিব নোৱাৰো। মই কেজুৱেলতহে কাম কৰো । চাৰহতক টেবুলে টেবুলে মাননী নিদিলে, মোক অফিচত অহাই বন্ধ হৈ যাব। : তথাপি পাৰ যদি অলপ চেস্টা কৰিবিচোন। : অ, ৰাগিনীৰ বাপেকক যদি তই মোৰ অফিচত কিমান কদৰ বুজাই দি, চাকৰিতো পাৰ্মানেন্ট বুলি পতাব পাৰ, বৰোবাবুক মই এবাৰ নিজেই সুধি চাম তোৰ কথাতো।

Comments

Popular posts from this blog

তথ্য উদ্ধাৰ -১ শকাব্দ/ খ্ৰীষ্টাব্দ

অনুগল্প

মহা মহা পুৰুষৰ চানেকিৰে জীৱন (খ)