মহা মহা পুৰুষৰ চানেকিৰে জীৱন (ক)

মহা মহা পুৰুষৰ চানেকিৰে জীৱন (ক) কামটো বান্ধৱী চন্দ্ৰপ্ৰভাই দিছিল, এসপ্তাহ নিজৰ পচন্দৰ লেখকৰ কিতাপ পোস্ট কৰিবলৈ। এইফেৰা কাম বৰ টান পাও; ফটো দিয়া, শৃংখল মিলোৱা, অনাহক হৈ চৈ কৰা যেন লাগে যাৰ বাবে কিবা এক এলাহ, অনীহা আৰু মন নোযোৱা পৰিৱেশ। এয়া মোৰ ব্যক্তিগত অনুভৱহে। ভাৱিলো আন এটা কাম কৰো। তাইৰ অনুগ্ৰহ ৰখাও হব আৰু মোৰ ফালৰ পৰা মোৰ প্ৰিয় লেখক লেখিকা সকলক এবাৰ সশ্ৰদ্ধ স্মৰণ জনোৱাও হ'ব। অৱশ্যে সকলোখিনি মোৰ একান্ত অনুভৱহে, এই অল্পমতিৰ তেঁওলোকক সমালোচনা কৰাৰ কোনো অধিকাৰ নাই, যদি কৰৱাৰ খুত ওলায়, ক্ষমা ভিক্ষা মাগিলো। (১) অনুৰাধা শৰ্মা পূজাৰী বাইদেউৰ লেখনিৰ পৰা া মই সদায় অনুপ্ৰাণিত হৈ আহিছো। মানুহৰ জীৱনৰ অদ্ভূত আৰু পংকিলময় ঘটণাৱলীৰ বাইদেৱে অতি নিপুন হাতেৰে ছৱি আঁকিছে। সেয়া ছাহাৱপুৰাৰ বৰষুণত তিতি যোৱা বৰ্ষাই হওক বা কাঞ্চনেই হওক। এবাৰ বাইদেৱে কৰবাত লিখিছিল যে তেঁওৰ মাকে এনেকুৱা বহুত বঞ্চনা আৰু নাৰীৰ ওপৰত চলোৱা অত্যাছাৰৰ কথা তেখেতক কৈছিল, যিবোৰ হইতো বাইদেৱে পাঠকৰ চকুত উদ্ভাষিত কৰি গৈ আছে। মই পঢ়া প্ৰায়বোৰ কিতাপতেই বাইদেউৰ নাৰী সমাজৰ বিষয়ে অৱলোকন পাইছো আৰু কিছুমান এনেকুৱা ঘটণা বা পৰিবেশো পাইছো যিবোৰে আমাৰ অৰ্ন্তমনক অতিশয় প্ৰভাৱিত কৰিছে। নাৰী সৱলীকৰণ আৰু সমঅধিকাৰৰ কথা ক'লেও মই বাইদেউক অকল নাৰীবাদী লেখিকা বুলি নকও, বাইদেউৰ সংৱেদনশীল আকাশখনক এই অল্পমতিয়ে কোনো সীমাৰে জুখিব খোজা নাই । মই বাইদেউৰ অনুগামী আৰু চিৰকাল অনুগামী হৈ থাকিম। (২) সত্যৰ সদায় জয়, এই আপ্ত বাক্যশাৰী নিজৰ জীৱনৰ প্ৰতিটো খোজতে মানি চলাৰ ফলত যিবোৰ প্ৰত্যাহ্বানৰ সন্মুখিন হ'ব লগা হৈছিল, তাৰে মই যথেস্ট অনুপ্ৰাণিত। ব্যক্তিগত জীৱন ময়ো সত্যৰ পথত চলাৰ সুফল- কুফল দুয়োটাই পাইছো। কেতিয়াৱা মন ভাগৰি গ'লে এগৰাকী মহান আত্মাই সাহস দিয়ে। তেঁও হৈছে নিৰুপমা বৰগোঁহাঞি বাইদেউ। তেঁওৰ প্ৰতিটো শব্দই সত্যৰ দূৱৰীৰে সিক্ত, প্ৰান্জল। বাইদেউলৈ মোৰ শ্ৰদ্ধা আৰু ভক্তি নিৱেদিছো। (৩) বলীস্ঠ খোজ আৰু শব্দৰ লালিমা। মামনি বাইদেউৰ নিচিনা সাহসী নাৰী খুব কম দেখিছো। তেখেতে যি সময়ৰ সমাজখনক প্ৰতিনিধিত্ব কৰি আগবাঢ়িল, সেই সময়ত তেনেকুৱা চৰিত্ৰ একক আৰু অনন্য। জীৱনে দিয়া অবিসহ দুখ আৰু যন্ত্ৰণাৰ প্ৰাছীৰ নেওচি বাইদেৱে কৰা যাত্ৰাক আধালিখা দস্তাৱেজ বুলি ক'লেও সেই যাত্ৰাৰ মহানতা আমি মৰ্মে মৰ্মে উপলব্ধি কৰিব পাৰো। হঁতালৰ হাতিৰ ঊঁয়ে হাওদাখন যেন বাইদেউ নিজেই হ'ল, সকলো থাকিও অকলশৰীয়া জীৱন যত থাকিল জীৱনযোৰা সাহিত্যৰ সাধনা। (৪) "হ'লেও হক নহ'লেও নাই" বুলি ৰসৰাজে সকলো ধৰনৰ লেখনিতে হাত দিছিল। অত্যন্ত সাহসিক পদক্ষেপ। আজি ডেৰশ বছৰ পিচতো সেই ৰসাল সংকলনৰ আমেজ কোনোগুনেই কমা নাই। বৰবৰুৱাৰ ভাৱৰ বুৰবুৰনিত আমিবোৰ এতিয়াও তল যাও। ইয়াতকে সাংঘাটিক প্ৰভাৱ আৰু ক'ত পোৱা যাব? থেকেৰা টেঙা আৰু কোমল চাউল অসমীয়াৰ আয়ুস চাউল বুলি তেতিয়াৰ দিনতেই নিজৰ ঊইলখনত লিখি যোৱা সাহিত্যৰথীলৈ আমাৰ ভক্তিভৰা প্ৰণিপাত। (৫) অসমীয়াত এশৰ ভিতৰত এশ পাচ নম্বৰ লবলৈ সক্ষম হোৱা এই মনীষা আমাৰ বাবে আজিৰ দিনতো অদমনীয় প্ৰতিভা । হয়তো ইতিহাসত দ্বিতীয়জন ব্যক্তি ওলোৱা নাই যিয়ে তেঁওৰ নিচিনাকে মুঠ নম্বৰতকেও পাচ নম্বৰ বেচি লৈ অন্য ছাত্ৰক ঈৰ্ষান্বিত কৰিবলৈ সক্ষম হৈছে। তেখেতৰ বিদগ্ধতাক আমাৰ তুচ্ছতাৰে জুখিবলৈ নগৈ ইমানতেই প্ৰণিপাত কৰিছো। ড. বাণীকান্ত কাকতি চাৰৰ গ্ৰন্থসমুহ সদায় পথপ্ৰদৰ্শক হৈ থাকিব। আগলৈ.......

Comments

Popular posts from this blog

তথ্য উদ্ধাৰ -১ শকাব্দ/ খ্ৰীষ্টাব্দ

অনুগল্প

মহা মহা পুৰুষৰ চানেকিৰে জীৱন (খ)