অনুগল্পগুচ্ছ

অনুগল্প
(২৪) চেপা টংকেশ্বৰ ভৰালীয়ে ঘড়ীৰ কাঁটাডাল চালে আৰু আকৌ এবাৰ হিচাবটোত চকু ফুৰাই চালে। ১১ বাজিল মানে অফিচত এটা এটাকে খালী টেবুলবোৰ ভৰি আহিছে। শ্ৰীমতীৰ বজাৰৰ লিস্টখন চালে, কমচে কম চাৰি হাজাৰ দিব লাগিব। বোৱাৰীৰ আকৌ চখ বেলেগ, অৰ্গেনিক নহ'লে কুকুৰকো খাব নিদিয়ে। হাঁপানিত চেপেটা লগা কংকালসাৰ মাকৰ সপ্তাহটোৰ দৰৱখিনিত তিনিহাজাৰ লাগিব। গাড়ীখনৰ তেল ভৰাবলে দুহাজাৰ। পিকুৰ লগৰটোৰ জন্মদিনৰ গিফ্টটোৰ কথা পাহৰিিছলেই। হব দে কথা নাই , খাই - লৈ কটাব পৰাটোৱেইটো জীৱন। গতিকে গধুলিৰ কোৱাৰ্টাৰ আৰু মাংসৰ খৰচটো কমচে কমচে হাজাৰত কৰি থব লাগিব। কোনোবা এজন অহাযেন পাই,খপজপকে হিচাপৰ কাগজখন পকেটত ভৰালে। মুখত হাঁহিটো বিৰিঙাই ভৰালীয়ে মাত দিলে আগন্তুকক : বৰুৱা আপোনাৰ কাৰনে ৰৈ আছিলো। ফাইলটো যোৱাকালি বৰোবাবুক দিলো, পিচে জানে নহয় আজিৰ দিনত পইচা নিদিলে একো কাম নহয়। বৰোবাবুৰ খকটোও বেচি । তাতে মাৰ্চৰ মাহ, বিহুলৈনো কেইটা দিন বাকী .......
(২৫) ঢল বিপ বিপ বিপ,অহ দৰ্মহা সোমাল তাৰমানে। মবাইলটো চাই মনতো ভাল লাগিল অৰ্ণৱৰ। ইনচেন্টীভো আহিচে, ভালেই হ'ল। বিপ বিপ বিপ , এল আই চি ৰ প্ৰিমিয়াম, দিবটো লাগিবই। বিপ বিপ বিপ, ক্ৰেডিট কাৰ্ডৰ ডেডাকচন। বিপ বিপ বিপ, : ভাই, একেবাৰে আৰ্জেন্ট , আজিয়ে ৫০০০ দেনা, দুই এদিনতে তোক দি আছো বিপ বিপ বিপ : ডিয়েৰ কাস্টমাৰ, য়ু হেভ য়ণ ২০০ লয়েল্টী পইন্ট। ডু ভিজিট আৱাৰ স্টৰ তুডে ফ'ৰ এক্সাইটীং অফাৰচ। অহ, গৰিমাৰ বজাৰৰ লিস্টখন সি পাহৰিয়ে গৈছিল। বিপ বিপ বিপ, : পাপা মোৰ আইচক্ৰীম আৰু বাৰ্বীডলটো নাপাহৰিবা। বিপ বিপ বিপ : য়ৰ একাউন্ট হাভ ৰিচ্ড ক্ৰিিটকেল লেভেল, প্লিজ মেইনটেইন মিনিমাম বেলেঞ্চ।
(২৬) পাতকী কৈলাশৰ খং উঠি আছে পুৱাৰ পৰাই, এনেকে নহয় আৰু। ভোৰভোৰাই আছে মনতো, পেটত থকা কঠালৰ কোঁহ কেইটাৰ দৰে। হ'ল বুলিনো ললিতে তাক তেনেকে কব লাগেনে? তাৰ ঘৈণীয়েকক ডাক্টৰৰ তাত নিব লাগে বুজিছো। কিন্তু যোৱা এবছৰ আগতে সি ৫০০০ টকা ধাৰলে ল'লেও একেবাৰে ঘুৰাই নিদিয়াকেতো থকা নাই। দুমাহ আগতে ২০০ আৰু যোৱা সপ্তাহত সি ১০০ টকা এটা দিছে নহয়। তাৰ পিছতো তাক এনেকে কথা কৈছে। থিক আছে ময়ো শিক্ষা দিম বাপেকে, ইয়াৰ পিছত এটকাও যদি তাক পৰিশোধ কৰো, তেন্তে ময়ো বংশীধৰৰ পুতেক কৈলাস নহয় ।কথাখিনি মনতে পাগুলি মুখত এখন তামোল ভৰাই ললে কৈলাসে।

Comments

Popular posts from this blog

তথ্য উদ্ধাৰ -১ শকাব্দ/ খ্ৰীষ্টাব্দ

অনুগল্প

মহা মহা পুৰুষৰ চানেকিৰে জীৱন (খ)