সৰু সৰু কথা শৃংখল : খণ্ড: ৪
সৰু সৰু কথা : (৪)
এম বি এ পঢ়ি থকা সময়ৰ কথা। হঠাৎ এডমিন বিভাগত থকা মেডামজনীৰ বচ্ হিচাপে ৰিটায়াৰ্ড কৰ্ণেল এজন আহিল। পকা ডাড়ি মোচ আৰু গলগলীয়া মাতেৰে কৰ্ণেল চাহাবে পুৰা কামাণ্ড লৈ ল'লে। লুকাই চুৰকে নিয়া ম'বাইল আৰু ক্লাছ বাংক কৰি ৰেস্টোৰাঁ বা মাল্টিপ্লেক্সৰ এ. চি. ৰ আৰাম লোৱা সকলৰ বাবে যেন আতংকৰ অন্য নাম কৰ্নেল ।
দুমাহমান পিছত ইন্ডাস্ট্ৰিয়েল ভিজিটত যেতিয়া ৪খন বাছত গোটেই টীমটো লৈ কৰ্নেল চাহাবে ব্ৰেকফাস্টৰ পৰা আৰম্ভ কৰি দিনে চাৰি পাঁচটা কোম্পানীৰ বাহিৰে ভিতৰে পেৰেড কৰাই ৯ বজাত ডিনাৰ আৰু দহ বজাত লাইট অফ কৰাই সুচাৰুৰূপে টুৰটো চলাই আছিল, তেতিয়া মানি লব হৈছিল তেখেতৰ কাৰ্য্যদক্ষতা। কাৰণ কলেজ কেম্পাছ হওক বা গেস্ট হাউচৰ কেম্পাছ সকলোতে তেওঁৰ পৰিচালনা আৰু আধিপত্যই আমাক শিকাইছিল নতুন কৌশলবোৰ।
অৱশেষত টুৰৰ অন্তিমটো দিনত আমাৰ কেম্প ফায়াৰৰ আড্ডা বহিল। গাইড মেডামে জোৰ দিলে তেখেতৰ চমু ভাষণটোৰ বাবে।
: তেতিয়া মই চফল ডেকা, গলগলীয়া মাতটোৰে আৰম্ভ কৰিলে কৰ্নেলে। তোমালোকৰ দৰেই বয়স হব চাগে। বদঅভ্যাসবোৰো এই সময়তেই লগ দিয়ে। ভাৰতীয় বায়ুসেনাৰ কঠোৰ অনুশাসন আৰু কঠিন নীতিনিয়মবোৰ কিমান সহজে ভঙ্গ কৰি ধৰা নপৰাকৈ নিজৰ মতলৱ পূৰণ কৰিব পাৰি, দিনটোত তাৰেই চিন্তা। ডিচিপ্লিন আৰু ডিচিপ্লিন বাদ দি এজন সৈনিকৰ জীৱনত বহুত কিবা কিবি থাকিব পাৰি বুলি মনত বিশ্বাস। কিন্তু এই বিশ্বাস ভুল প্ৰমাণিত হবলৈ বেচিদিন নালাগিল। কাশ্মীৰ সীমান্তত এদিন পেট্ৰলিং ডিউতিত আছিলো হেলিকপ্তাৰ এখনত। লগত সমনীয়া অন্য এক পাইলট। দুয়োজনাই সকলো থিকথাক দেখি কথাৰ মহলা মাৰিব ল'লো। তেতিয়া ময়ে সুধিলো, চিগাৰেট এপেকেট আছে, খাবি নেকি? ঠাণ্ডা বতাহে আমনি দি থকাত সিও মুৰ দুপিয়ালে। কথামতে কাম। চিগাৰেটটো জ্বলাই নিজে এহোপা মাৰি তালৈ আগবঢ়ালো। সিও দুটামান দীঘল দীঘল পাফ মাৰিলে। মনতো ভাললগা যেন অনুভৱ হওতেই শুনা পালো ফায়াৰিং হৈছে। হাতৰ চিগাৰেট লগে লগে মোহাৰি কি হৈছে উম লব চাওতেই গম পালো, আছলতে হৈছে কি? সকলো সময় আৰু গতিৰ খেল। ৫ কিলোমিটাৰ প্ৰতি মিনিট বেগত চলি থকা আমাৰ পেট্ৰলিঙ ছপাৰখন কেতিয়া ভাৰতভূমি এৰি পাকভূমিৰ ফালে ধাৱমান হৈছিল, চিগাৰেটৰ হোপাকেইটাৰ আমেজত গমেই পোৱা নাছিলো। ন' মেন্চ লেন্ডৰ ওচৰত কোনোমতে সংযমিত হৈ ছপাৰখন ঘুৰালো। আৰু হয়তো ছেকেন্ডৰ ব্যৱধানত প্ৰাণবায়ু পাকভূমিত এৰিব লগা হ'লগৈ হৈ। যাহওক, ডেকা তেজৰ পিৰপিৰনি বুজো কাৰনেই কৈছো, অনুশাসন মানি চলিবা, জীৱনটো ভালদৰে কটাব পাৰিবা।
সদায় সমজুৱাকে গালি আৰু অসন্তোষৰ দৃস্টিৰে চোৱা কৰ্নেল চাহাবলৈ সকলোৱে হাত চাপৰি বজালে। অনুভৱ হ'ল সচাঁয়ে জীৱনত অনুশাসন আৰু অভিজ্ঞতাৰ কিমান আদৰ।
Comments
Post a Comment