অনুগল্প : (৩২
অনুগল্প : (৩২) পিতৃ দিৱস
দুয়োটা পুত্ৰৰে সৈতে বিজয় চৌধুৰীয়ে প্ৰাণখোলা হাঁহিৰে তোলা ফটোখনকেইখন দেৱালতে ওলোমি আছে। এখন ফটোত ডাঙৰ ল'ৰা ধনাঢ্য ৫ বছৰীয়া আৰু সৰু ল'ৰা গুণাজ্ঞ ২ বছৰীয়া। আনখনত ১০ আৰু ১২। তৃতীয়খন বোধহয় মেট্ৰিকৰ ৰিজাল্ট দিয়াৰ পিছৰ। সেইখনেই শেষৰখন। পৰীক্ষা আৰু গৰমৰ বন্ধৰ অজুহাতত ছমাহে বছৰেকে অহা ল'ৰাটোৰ আহ যাহ কমি গ'ল। বিজয় চৌধুৰীয়েও ল'ৰাই ভাল কলেজত পঢ়ি ভাল চাকৰি লৈ বংশৰ নাম জিলিকাব বুলি মনতে সন্তোষ পাই আছিল। সৰু ল'ৰাটো বিদেশত যোৱা বছৰতে গৃহিণীৰ হাতধৰাকে বাৰ বছৰীয়া হৰিশ আহিছিল। সি আৰু আইদেউক এৰি নগ'ল। দেৱালৰ ফটো কেইখনেও মটীয়া ৰং ধৰিব ল'লে। কথাই কথাই দুই পুত্ৰকলৈগৌৰৱ বোধ কৰা বুকুখনত পেচমেকাৰে ঠাই ল'লে। ষাঠিৰ দেওনা গচকা সময়তে তেখেতে সহধৰ্মিনীক ক'লে ফটোখন আতৰাই থবলৈ। আমেৰিকাত থকা দুই পুত্ৰই দিল্লীৰ ছোৱালীৰে যেতিয়া বিয়া পাতিছিল, মাক বাপেকক " চাৰভেন্ট" বুলিহে চিনাকী কৰাই দিবৰ দিনাই মানুহজনীয়ে ফটোকেইখন বাকচত সুমুৱালেগৈ। চৌধুৰীয়ে পুৱাই হৰিশক ক'লে, উকীলক মাতি আন, আজি মই আকৌ এবাৰ বাপেক হব ওলাইছো।

Comments
Post a Comment