মানুহ অমানুহ শৃংখল: খণ্ড:১৩
মানুহ অমানুহ : : খণ্ড: ১৩: অচোক
: তুম জ্যাদা মত গা ধুবি, থোড়া থোড়া গা ধুবি আৰু জল্দি ঘৰ আ জাবি।
গা ধুবলৈ নদীফালে ওলাই যোৱা অচোকক উদ্দেশ্যি ১৯৫০ চনতে তৃতীয় শ্ৰেণীত পঢ়া সামৰা আইতাই ক'লে। তেঁওৰ দিনত স্কুলৰ দুৱাৰত ভৰি দিয়াটোৱে ছোৱালীবোৰৰ কাৰনে ডাঙৰ কথা আছিল। গতিকে খাৰখোৱা জিভাই সিমানেই কয়।
অচোক মানে আমাৰ অশোক। এবছৰ আইতাৰ ঘৰত থাকি সিও আমাৰ ঘৰৰ সদস্যই হৈ পৰিছে। উত্তৰ প্ৰদেশৰ কোনোবা অখ্যাত গাঁওৰ অচোকৰ বাবাকে তাক ৫ বছৰ মান বয়সতেই গাঁওৰ মহাজনৰ তাত বন্ধ্যা হিচাপে থৈছিল। সৰুৰ পৰাই সি মহাজনৰ গোহালী ঘৰৰ কাম চমজি লৈছিল। কিন্তু তাৰ লগৰ দুই চাৰিটা মহাজনৰ ঘৰত কাম কৰা ল'ৰাই কলকাট্টাত মজদুৰি কৰিব গুচি যোৱাত সিও এদিন ভাগ্য সলনি কৰো বুলি মহাজনৰ হাভেলি এৰি ৰেলৰ ডবাত বহিলহি। বয়স চাগে সুব বেচি ১৩-১৪ । চকুত সি মেলাত কিনা ৰঙীণ চছমাজোৰৰ লেখীয়া সপোন। দুদিন ধৰি ৰেল চলি শেষত ৰেলখন ডাঙৰ স্টেচন এটাত ৰ'ল। তাৰো গামোচাখনত বান্ধি অনা ৰুটি দুখন শেষ হৈছে। ভোকত কলমলাই থকাৰ মাজতে ৰেলযাত্ৰীৰ ডবা ছাফা কৰি সি টকা ১০ টা যোগাৰ কৰিছিল। তাকে লৈ সি স্টেচনৰ ওচৰৰ হোটেলত সোমাল।
: ভায়া দো ৰুটি দেনা। পেটভৰি যোৱাত সি পইচা দিবলে দোকানীৰ কাষ চাপিল। ভায়া, ই কলকট্টা চহৰ বহত বড়া হে না?
: অই গৰু এইখন গুৱাহাটি।
বেঙৰ নিচিনা মুখ মেলি থকাত দোকানীজনে তাক হিন্দীত ক'লে। বুজি পাই সি কান্দিব ধৰিলে। কি কৰিব এতিয়া, কেনেকে যাব ভাৱি ভাৱি চকুলো নৰইহে নৰই। হোটেলত চাহ খাবলে অহা দুটামান ল'ৰাই তাক দেখি আগবাঢ়ি আহিল। টহলত থকা পুলিচক গটাও বুলি আগবাঢ়োতেই সি পুলিচ দেখি মাৰিলে লৰ।
দৌৰি আহি সি পানবজাৰত লুকাল । দিনটো ঘুৰি পকি বেচেৰাৰ ভোক লাগিচিল। শুক্লেশ্বৰ মন্দিৰত সোমাই প্ৰসাদ অকন খালে । তাৰপিছত এখন বাচত উঠি দিলে। তাৰ পিচত আন এখন বাছ। তেনেদৰে সি তিনিখন মান বাচ সলাই এঠাইত ৰ'ল। দোকান এখনৰ বেঞ্চত শুই দিলে।
পুৱা দোকান খুলিব আহি দোকানীজনে তাক সোধাপোচা কৰাত সকলি কথা বিবৰি ক'লে। সেই সময়তে বুলখুড়া গৈ পালে। কথাখিনি শুনি তেঁওলোক দুয়োজনে পুলিচক কথাটো কও বুলি আলোচনা কৰিলে। পুলিচৰ নাম শুনিয়েই অচোকৰ হাত ভৰি কঁপিল। চাহাব , কুচ ভী কৰো, হমকো পুলিচ মে মত ডালো, হমকো পুলিচচে ডৰ লগতা হে। হম ৰোজিৰোটি কে লিয়ে আয়া হে, হমকো কাম দে দো, হম কাম কৰেগা। তাৰ সজল চকু আৰু মিনতি শুনি বুল খুড়া অলপ দেৰি ৰ'ল। তাক তাতে এৰি পুলিচ থানাত সোমালে গৈ। অচি চাৰে ক'লে যে , আপোনাৰ ঘৰতে ৰাখক দুদিন মান। সি ভয় কৰিছে যিহেতু মই অন্য কাপোৰ পিন্ধি আপোনাৰ ঘৰত আহিম আবেলি। এতিয়া আপোনাৰ ঘৰতে ৰাখক, লাছনি পাছনি কৰি দিব পাৰিব। কথা মতেই কাম। আইতাই ভয় কৰিছিল যদিও তাৰ নিমাখিত মুখখন চাই তাক আদৰি ল'লে। তাৰ কাৰনে শোৱাকোঠা, কাপোৰ, বিচনা সকলো যোগাৰ কৰি দিলে। অচোকৰ লগত সকলোৱে কথা পাতে। হিন্দীভাষাত কথা পাতাৰ আমেজ লোৱা হ'ল সকলোৱে। ইজনে সিজনৰ আধাফুটা হিন্দী আৰু ভঙা অসমীয়াৰ সোৱাদত ভোল গৈ থাকিল। অচোকো অসমীয়াই হ'লগৈ। বিহু পুজাত তাকো কাপোৰ লাগে। কুকুৰ, চাল্লা গৰু বুলি গালি দিব পৰা হ'ল। হৰেশ্বৰ দৰ্জীৰ দোকানত কাপোৰ চিলাবও শিকিলে।
দুবছৰ সময় কেনেদৰে গ'ল গমেই নাপালো। এদিন অচোকৰ মাকলৈ মনত পৰিল,আনদিনা বাবাকলৈ। তাৰপিচত সি আৰু নাথাকে। খুড়া আকৌ থানা পালেগৈ । লিখা মেলা কৰাই অচোক গুচি গ'ল।
আইতাহে অকলশৰীয়া হ'ল। হিন্দীৰ চৰ্চা কৰিবলৈও মানুহ নোহোৱা হ'ল। মাথো কৰজোৰে প্ৰাৰ্থনা জনাই অদেখাজনক, অচোক তই কুশলে থাক।
Comments
Post a Comment