ফটা পুৰাণ -৬
ফটা পুৰাণ : (৬) মচলাৰ টোপোলা
ঘৰত মচলা ডাঙৰ আমুলৰ টেমা এটাত থোৱা থাকিছিল। ডালচেনি, ইলাছী, জাইফল, লং আদিৰে টেমাটো ভৰি থাকিছিল। মন গ'লেই তাৰপৰা ইলাছী আৰু ডালচেনী খাব পাৰি। তেতিয়াৰ দিনত মুখৰোচক মচলাৰ ভিতৰত আলকাছ ( ৰঙছঙীয়া চেনিগুটি বুলি কৈছিলো) আৰু চফগুটি বিয়া সবাহত ধনী মানুহৰ ঘৰত খাবলে পাইছিলো। আজিৰ নিচিনাকে ঘৰতেই মচলাৰ যোগাৰ নাথাকিছিল। বাকী তামোলৰ ভেৰাইটী যেনে কেঁচা কোমল তামোল, কুঁহী তামোল, কেঁচা টান তামোল, চিলঙীয়া তামোল, পকা তামোল, বুঢ়া তামোল, চুপাৰি ঈত্যাদি সহজলভ্য আছিল। কিছুমান স্পেচিয়েল মানুহে তামোলৰ লগত ইলাচী বা লং চোবাই খোৱা দেখিছিলো। মিঠা পাণ বা জৰ্দা পাণ কিন্তু দোকানৰ বাহিৰে অন্য ঠাইত দেখা নাছিলো, মিঠা চুপাৰি পাছপাছ আৰু চুটকী আছিল যদিও গুটখা নাছিল।
মামাৰ ঘৰত আছিলো । পুৱা উঠি দেখিলো আইতাই কিবা কিবি কৰি আছে। মুখ হাত ধোৱাৰ পিচত গাখীৰ এগিলাছ খাবলে দি ক'লে যে আজি বিষ্ণু পাঠ হ'ব, পুৱাৰ ভাত নাই। ভোক লাগিলে ইয়াৰে পৰা কল খাবি বুলি একাশী কল দেখুৱাই থৈ গ'ল। কিবা কিবি কৰি থকাৰ মাজতে এবাৰ ক'লে ডাঙৰ আইতাই তোক কিবা এটা দিব, লৈ আহিবিচোন। অলপ দেৰিকে ওলালো। আইতাই সৰু কাগজ এখনত বান্ধি দিয়া বস্তুটো খুলি চাই দেখো মচলা। লগে লগে ইলাছী আৰু ডালচেনি টুকুৰা খাই থ'লো। তাৰপিচত জোনমামাই গৰু এৰাল দিবলে যোৱা দেখি তাৰ পিচ ল'লো। এঘণ্টাৰো ওপৰ হোৱাত আইতা নিজেই ডাঙৰ আইতাৰ ঘৰ ওলালগে, বোলো আমো নাই ফৰ্মুটিও নাই। ডাঙৰ আইতাই ক'লে যে টোপোলাটো তাইৰ হাতত কেতিয়াবাই দি পঠিয়াইছো। দুয়োজনীয়ে বুজাখিনি বুজিলে।
প্ৰায় দুই তিনিঘণ্টা মুৰত ওভতি আহিলো। আহিয়েই সাউতকে গাতো ধুই ল'লো। পুজা শেষ, সেৱা লবৰ হৈছে। ময়ো গৈ সেৱা কৰি থকা আইতাৰ কাষতে দীঘলকে পৰিলোগৈ। ফুল নিৰ্মালী দি উঠি পুৰোহিত ককাই মোক ওচৰলে মাতিলে। ক'লে আজি তোমাৰ কুকুৰৰ নেজত ধৰি পৰাছিত কৰিব লাগিব। মই ভয়তে কপিব লাগিলো, কিনো হ'ল? ওৰহিৰ ওৰ তেতিয়াহে পালো যেতিয়া আইতাই ক'লে হ'ব দিয়ক দেউ, তাইক একো নকব। সৰু ছোৱালী। মচলাখিনি পুজাত দিবলে লাগিব বুলি ক'বলে ময়ে পাহৰিলো। তাইক নোজোকাব আৰু।
Comments
Post a Comment