অনুগল্প শৃংখল -৩৭
অনুগল্প : ৩৭- চমু নাম
গৌৰৱ অধিকাৰী অলপ স্মাৰ্ট। মানে ৰিচেন্ট ট্ৰেন্ডবোৰৰ কথা সুব জানে আৰু মানি চলে। অৱশ্যে ইয়াৰ মানে এয়া নহয় যে সি সুৱ ডাঙৰ কিতাপৰ পোক। পোকটো দুৰৰ কথা, সি ধুলিকণাও নহয়। তাৰ চাৰ্কলটো বহুত এডভাণ্চড। আৰ্মি স্কুলত পঢ়া কাৰনে সি বিভিন্ন ঠাইৰ মানুহ লগ পাইচে, বা কিছুমান এনেকুৱা সংগ লগ পাইছে যিয়ে তাৰ ভাল বুদ্ধি আৰু বেয়া বুদ্ধি দুয়োটাই বৃদ্ধি কৰিছে। সংক্ষিপ্তকৰণৰ ট্ৰেন্ডটো কলেজত সিয়ে বহলালে। নিজকে গ' গৌৰৱৰ "গ" আৰু অধিকাৰীৰ "ও", নতুবা "জি" বুলি মাতিবলৈ সকলোকে প্ৰৰোচিত কৰিলে। বিশেষকে পমিলা ৰাজ্যত নিজক বিখ্যাত কৰি তুলিলে। কথা হ'ল, গ' আগবাঢ়িলে আমাৰ জ' পিচুৱাই থাকিবনে? জ' মানে জাকিৰ আহমেদ। ৰূপশিখা মেধিয়েও নিজক "ৰুম" বুলি চিনাকি দিলে। বচ হৈ গ'ল আৰু এই ট্ৰেন্ডটো চলিবৰ এমাহ মানৰ ভিতৰতে, নতুনকে এজন চাৰ আহিল। নিজৰ চিনাকি দিবলৈ গৈ চাৰে আৰম্ভ কৰিলে : মই আজিৰ পৰা তোমালোকক পঢ়াম। বুজি নাপালে সুধিবা, মই আকৌ বুজাম। কিন্তু মোক তোমালোকে শইকীয়া চাৰ বা অংকৰ চাৰ বুলিয়েই মাতিবা। মোৰ নাম ময়ুৰাক্ষ ৰাহুল শইকীয়া। ময়ুৰ চাৰ বুলিলেও আপত্তি নাই। কিন্তু তোমালোকৰ এই ৰিচেন্ট ট্ৰেন্ডটো মোৰ গাত নাখাতিব। কাৰন তেতিয়া মোৰ নাম হ'বগৈ "ম-ৰা-শ" ।

Comments
Post a Comment