গল্প নহয় : চকুপানী

গল্প নহয় : চকুপানী
নিজেও যথেস্ট আৱেগিক কাৰনে কথাখিনি লিখিবলৈ বাধ্য হ'লো। বিয়াৰ কইনাই চিঁঞৰি কন্দা ভিডিও আৰু বোধহয়, সখীবুলি কইনাৰ কাষত বহি মুখ টিপি হাঁহি থকাসকলক দেখি সঁচায়ে অবাক হ'লো। ইমানতো শান্ত নাথাকি একেবাৰে ৰাজহুৱা হাঁহিৰ খোৰাক কৰি ভিডিও প্ৰচাৰ (অপপ্ৰচাৰ) কৰিছে। এয়া সঁচায়ে বাস্তৱিক বা প্ৰেক্টিকেল মানুহৰ লক্ষণ নে কোনোবা ভণ্ড বান্ধৱীৰ অন্য এগৰাকীৰ সৈতে কৰা ঈৰ্ষাকাতৰ ব্যৱহাৰ বুজি পোৱা নাই। বিয়া বুলি ক'লে কইনা পক্ষৰ চকুত চকুপানী এক সাধাৰন আচৰণ। তাত হাঁহিব লগা কিবা থকা বুলি আমাৰ মনে নকয়। যদিহে কাৰোবাৰ হাঁহি উঠে সেয়াও আমি অস্বাভাৱিক বুলি নকঁও। আজিকালি মধ্যবিত্ত শ্ৰেণীয়েও দহ পোন্ধৰ হাজাৰ টকীয়া মেকআপ আৰ্টীস্ট মাতি চকুপানীৰে মেকআপ ধুবলে মন নকৰে। চেল্ফী তোলাত ব্যস্ত কইনাও দেখিছো। তেঁওলোক নিজৰ বিশেষ দিনটোৰ আনন্দত মতলীয়া ,তাত আমাৰ কব লগা একো নাই। সেইবুলি চকুপানী টোকা কইনাজনীক ঈতিকিং কৰাৰ অধিকাৰো নিশ্বয় আনৰ নাই। এতিয়া আহো আমাৰ শৈশৱৰ এটি ঘটনালৈ। পি ডৱলিউ ডি ৰাস্টাটো আমাৰ ঘৰৰ ওচৰেদি যোৱা। তেতিয়া শিল বালিৰ ৰাস্টা আছিল যদিও গুৱাহাটিমুখি সকলো গাড়ী আমাৰ সেই ৰাস্টাটোৰে গৈছিল। আমাৰ ঘৰৰ আগেদি যোৱা ৰাস্টাটোৱে ওচৰৰ দুই তিনিখন গাঁৱক সংযোগ কৰে সেই পি ডৱলিউ ডি ৰাস্টাটোৰে। সংযোগী পথটো কিন্তু কেঁচা। সেয়ে ওচৰৰ গাঁৱকেইখনৰ ল'ৰা ছোৱালীৰ বিয়া হ'লে দৰাৰ বাচখন আমাৰ গাঁৱতে ৰাখি বাকীখিনি পথ খোজ কাঢ়ি যাব লাগে। আমি সৰু থাকোতে বিয়াৰ বতৰত সদায় পুৱা চিঁঞৰি চিঁঞৰি কন্দা কইনাৰ মাতত আমাৰ টোপনি ভাঙিছিল। কেতিয়াবা ৰাতি আমি দৰা চাইছিলো আৰু পুৱা কইনা চাব পাইছিলো। এবাৰৰ কথা, কইনাজনীয়ে অ' মা, অ 'পিতা/ দেউতা, অ' দাদা বুলি চিঁঞৰি চিঁঞৰি আহি আছে। কান্দি কান্দি অহা শুনি আমিও পুৱাই কইনা চাবলে দৌৰ দিলো। পিচে আমাৰ অলপ দেৰি হ'ল, কইনা, কইনাধৰাজনী আৰু কোনোবা দুজনমান দুখোজমান আগবাঢ়িল। পালোগে দুজনীমান আদহীয়া মহিলাকহে। তেঁওলোক দৰাপক্ষৰ। মুখত কইনাঘৰৰ কথা। : হ'লেও মাংসৰ আণ্জাখনত জলা বেচি হৈছিল। : নকবি আৰু, দাইলত নিমখ কম। : বাদ দে সেইবোৰ। এইজনীক চা। কেনেকে চিঁঞৰী আছে। এনেকেনো কোনোবাই কান্দেনে? সুৰ-চুৰ নাই।

Comments

Popular posts from this blog

তথ্য উদ্ধাৰ -১ শকাব্দ/ খ্ৰীষ্টাব্দ

অনুগল্প

মহা মহা পুৰুষৰ চানেকিৰে জীৱন (খ)